অসমৰ জাতীয় অনুষ্ঠানত চৰকাৰৰ পৃষ্ঠপোষকতাত চলিছে অনা অসমীয়াৰ দপদপনি

অসমৰ জাতীয় অনুষ্ঠানত চৰকাৰৰ পৃষ্ঠপোষকতাত চলিছে অনা অসমীয়াৰ দপদপনি

ৰঙিলী বাৰ্ত্তাসেৱা- জাতি মাটি আৰু ভেটি ৰক্ষাৰ আভুৱা ভৰা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ অসম বিৰোধী কাৰ্য কলাপৰ বলী হৈছে অসমৰ সমূহ বিশ্ববিদ্যালয় , বিশ্ববিদ্যালয় সমূহ হৈছে সমাজৰ ৰাজহাড় স্বৰূপ আৰু জাতি আৰু মানব সম্পদ গঢ়াৰ মন্দিৰ । কিন্তু অতি পৰিতাপৰ বিষয় যে অসমৰ এই জাতীয় অনুষ্ঠান সমূহত বৰ্তমান চৰকাৰৰ পৃষ্ঠপোষকতাত চলিছে অনা অসমীয়াৰ দপদপনি ৷-এই মন্তব্য অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীৰ৷আজি ৰাজীৱ ভৱনত আয়োজিত সংবাদমেলত মীৰা বৰঠাকুৰে পুনৰ কয়- উল্লেখযোগ্য যে বৰ্তমান অসমৰ চাৰি খনকৈ বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰৰ ৷ যি সমূহ ব্যক্তিৰ অসমৰ সৈতে নাই কোনো সম্পৰ্ক, নাই কোনো বিশেষ কৰ্ম দক্ষতা l বৰ্তমান চৰকাৰৰ তথা তদানীন্তন ৰাজ্যপালে (জগদিশ মুখীৰ) অসমৰ হৃদপিণ্ড স্বৰূপ জাতীয় অনুষ্ঠান সমূহক কিছুমান বহিৰাগত অদক্ষ মানুহৰ হাতত তুলি দি সোনকালেই এই অনুস্থান সমূহ ধবংস কৰি ব্যক্তিগত খণ্ডৰ বিশ্ব বিদ্যালয় সমূহক শক্তিশালী কৰাৰ নিকৃষ্ট ৰাজনীতি কৰিছে। আনকি বৰ্তমান অসমৰ বিশ্ব বিদ্যালয় সমূহৰ উপাচাৰ্য বাছনি সমিতিৰ chairmen হিচাপে অনা হৈছে অসমৰ বাহিৰৰ ব্যক্তি।ই অসমীয়াৰ বাবে অতি লজ্ব্যাজনক আৰু অসমৰ বৌধিক সমাজক চুড়ান্ত অপমান। অসমত উপাচাৰ্য ৰ বাবে উপযুক্ত ব্যক্তিৰ অভাৱ হল নেকি? ই হিন্দী লবীক শক্তিশালী কৰি ভৱিষ্যতে বিশ্ব বিদ্যালয় সমূহত অসমীয়াক এলাগী কৰাৰ চক্ৰান্ত নেকি ? এনে কাৰ্য্যই ৰাজ্যৰ বহুতো উপযুক্ত ব্যক্তিক বঞ্চিত কৰিছে lউল্লেখযোগ্য যোৱা পাঁচ বছৰে ৰাজ্যপাল কাৰ্য্যালয় উপাচাৰ্য বাছনি সমিতিৰ chairmen জন অনা অসমীয়া নিযুক্তি দি আহিছে৷সেই অনুসৰি গুৱাহাটী বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য বাছনি সমিতিৰ chairmen আছিল বেদ প্ৰকাশ , ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচৰ্য বাছনি সমিতিৰ chairmen আছিল অনিল সহস্ৰবুদ্ধে, কটন বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য বাছনি সমিতিৰ chairmen জগদীশ কুমাৰ, কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় ৰ উপাচাৰ্য বাছনি সমিতিৰ chairmen আছিল শ্ৰী নিবাস ভাৰখেদি , কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বাছনি সমিতিৰ chairmen আছিল সুষম যাদৱ । উল্লেযোগ্য যে ইয়াৰ আগতে ও ৰাজ্যপালজনে কে কে আগৰৱালা নামৰ ব্যক্তি এজনক ক্ৰমে চাৰিখন বিশ্ব বিদ্যালয়ৰ ভত্ত দেৱ বিশ্ব বিদ্যালয়, কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ব বিদ্যালয় আৰু বড়োলেণ্ড বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য বাছনি সমিতিৰ chairman হিচাপে নিযুক্তি দিছিল।তথ্য অনুসৰি chairman সকলৰ যোগেদি ৰাজ্যপালজনে (জগদিশ মুখী) নিজৰ চিনাকি বহিৰাগত কিছুমান মানুহ অসমৰ বিশ্ব বিদ্যালয় সমূহত উপাচাৰ্য নিয়োগ কৰিলে ৷ যাৰ ভয়ানক ফল অসমে ভুগিব লাগিব। তাৰ উদাহৰণ হল শেহতীয়া ভাবে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় ত প্ৰহলাদ যোশী নামৰ এজন সুদূৰ কৰ্ণাটকৰ ব্যক্তিক বিশ্ব বিদ্যালয় খনৰ উপাচাৰ্য হিচাপে নিযুক্তি। যদি এনে হয় অদূৰ ভবিষ্যতে অসম চৰকাৰে অসমত স্থাপন কৰা বিশ্ব বিদ্যালয় সমূহত অনাঅসমীয়াৰ দপ দপনি চলিব আৰু অসমৰ শিক্ষিত যুৱক যুৱতী বিশ্ব বিদ্যালয় সমূহৰ চাকৰিৰ পৰা বঞ্চিত হব যিহেতু বিশ্ব বিদ্যালয় সমূহত উপাচাৰ্য জনে সৰ্বে সৰ্বা। এই কাৰ্য অসমৰ বৌদ্ধিক সমাজৰ বাবে চৰম লজ্যজনক।এনে কাৰ্যত অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে জাতীয়তাবাদী সংগঠন সমূহৰ নীৰৱতা মন কৰিবলীয়া৷বৰ্তমান অসমত কাৰ্য্য নিৰ্বাহ কৰি থকা অনা অসমীয়া উপাচাৰ্য সমূহ হৈছে কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় ত উৰিষ্যাৰ ৰাজেন্দ্ৰ প্ৰসাদ দাস, কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যায়ন বিশ্ববিদ্যালয় ত কৰ্ণাটকৰ প্ৰহ্লাদ যোচী, অসম বিজ্ঞান আৰু অভিযান্ত্ৰিক বিশ্ব বিদ্যালয়ত মধ্য প্ৰদেশৰ নৰেন্দ্ৰ চৌধুৰী আৰু অনিৰুদ্ধ দেৱ খেল বিশ্ব বিদ্যালয়ত জে পি বাৰ্মা।আমি সকলোৱে জানো যে কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়খন অসমৰ এখন আগশাৰীৰ বিশ্ববিদ্যালয় আৰু অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমত উচ্চ শিক্ষা প্ৰদান কৰে আৰু তাত বছৰি প্ৰায় ৩৫ হেজাৰ অসমৰ শিক্ষাৰ্থীএ নামভৰ্তি কৰে।ৰাজ্যৰ অগ্ৰণী তথা উঠি অহা শিক্ষা প্ৰতিষ্ঠান কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ভিতৰ চৰাত বৰ্তমান চালিছে চৰম অৰাজকতা।জীবনত বিভিন্ন পৰিস্থতিৰ সন্মুখীন হৈ উচ্চ শিক্ষা গ্ৰহণ কৰাৰ সুযোগ নোপোৱা ব্যক্তি সকলক উচ্চ শিক্ষাৰ গ্ৰহণৰ ব্যবস্থা কৰি দিয়া আৰু বহু ব্যক্তিৰ উচ্চ শিক্ষাৰ সপোন পূৰ্ণ কৰা অসমৰ উচ্চ শিক্ষাৰ অগ্ৰনী প্ৰতিষ্ঠান আৰু উত্তৰপূৰ্ব ভাৰতৰ একমাত্ৰ মুক্ত বিশ্ব বিদ্যালয় কৃষ্ণকান্ত সান্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়। উল্লেযোগ্য যে যোৱা 11 অক্টোবৰ 2022 তাৰিখে তদানীন্তন অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয় খনৰ আচাৰ্য জগদীশ মুখী ৰ আশীৰ্বাদ পুষ্ট হৈ বক্ৰ পথেৰে ৰাজেন্দ্ৰ প্ৰসাদ দাসে সুদূৰ ওড়িশাৰ পৰা আহি কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদত যোগদান কৰে। এনেবোৰ কাৰ্য্যই গোটেই জাতীয় অনুষ্ঠান সমূহকে হতাশ কৰিব আৰু মানৱ সম্পদ গঢ লৈ উঠাত বাধা আহিব ।