অসমৰ ছাত্ৰ-ছাত্ৰীৰ ডব্লিউ ডব্লিউ এফ ৱাইল্ড উইজডম গ্লোবেল চেলেঞ্জ-ৰ ৰাজ্যিক পৰ্যায়ত উৎকৃষ্ট প্ৰদৰ্শন
অসমৰ ১১০খন বিদ্যালয়ে ভাৰতৰ সবাতোকৈ ডাঙৰ বন্যপ্ৰাণী কুইজত অংশ লৈ ভৱিষ্যতৰ সংৰক্ষণ নেতৃত্বক প্ৰেৰণা জগাই তুলিছে।
গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা- বন্যজগতৰ সৌন্দৰ্য্য আৰু সংৰক্ষণৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে ডব্লিউ. ডব্লিউ.এফ- ইণ্ডিয়াই ২০০৮ চনৰ পৰা প্ৰতি বছৰ আয়োজন কৰি অহা ৱাইল্ড উইজডম গ্লোবেল চেলেঞ্জ (ডব্লিউ ডব্লিউ জি চি) এটা ৰোমাঞ্চকৰ আৰু পাৰস্পৰিক কাৰ্যসূচী। এই পদক্ষেপৰ জৰিয়তে শিশুসকলক সৰু বয়সৰ পৰাই জৈৱবৈচিত্ৰ আৰু বন্যপ্ৰাণী সংৰক্ষণৰ আকৰ্ষণীয় জগতখনৰ সৈতে পৰিচিত কৰা হয়, কৌতূহল জগাই তুলি প্ৰকৃতি সুৰক্ষাত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকা আৱিষ্কাৰ কৰিবলৈ প্ৰেৰণা যোগোৱা হয়।
এই বছৰৰ ১৮তম সংস্কৰণৰ বিষয়বস্তু “অবিশ্বাস্য পোক-পৰুৱা” আছিল, য’ত পোক-পৰুৱাৰ মনোমোহা জগতখনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল—ৰঙীন পখিলা, ৰহস্যময় পতংগ, গুঞ্জৰিত মৌ-মাখি, জপিওৱা ফৰিং, নিমাত মেন্টিছ, জিলিকা ড্ৰেগনফ্লাই আৰু আৰু বহুতো বন্য বিস্ময়ৰ ওপৰত যিবোৰ আৱিষ্কাৰৰ অপেক্ষাত আছে । এই প্ৰতিযোগিতাত ৬ষ্ঠৰ পৰা ৯ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছিল, যিয়ে তথ্যসমৃদ্ধ সম্পদ, ৱেবিনাৰ আৰু এই বছৰৰ নতুন সংযোজন বায়’ব্লিজৰ জৰিয়তে শিক্ষণৰ যাত্ৰাক প্ৰৰোচিত কৰিছিল, যিয়ে প্ৰকৃতিৰ সৈতে সংযোগ স্থাপন কৰি জ্ঞানৰ প্ৰসাৰ ঘটায়। ডব্লিউ.ডব্লিউ.জি.চি.-য়ে ভৱিষ্যত প্ৰজন্মক উৎসাহিত কৰাৰ লগতে শিক্ষা আৰু আমাৰ গ্ৰহৰ বৈচিত্ৰময় জৈৱপৰিৱেশ তন্ত্ৰৰ সংৰক্ষণ, বিশেষকৈ ৰাজ্যিক পৰ্যায়ত, আৰু অধিক দৃঢ় কৰিছে।
এই বছৰ ৩৫০০ বিদ্যালয়ৰ ৪,০০,০০০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পোক-পৰুৱাৰ বিষয়ে তেওঁলোকৰ জ্ঞান বৃদ্ধি কৰিছে। অসমৰ পৰা ২৬২ খন বিদ্যালয়ৰ ৫৬,৭৭০ জন ছাত্ৰ-ছাত্ৰীয়ে নাম পঞ্জীয়ন কৰিছিল, আৰু শ্ৰেণীকোঠা পৰ্যায়ৰ পিছত ২৪৩খন বিদ্যালয়ে অসম ৰাজ্যিক চূড়ান্ত পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰিছিল। এই প্ৰতিযোগিতা একাধিক পৰ্যায়ৰ মাজেৰে আগবাঢ়ে: শ্ৰেণীকোঠা, ৰাজ্যিক, আঞ্চলিক, ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক। ডব্লিউ.ডব্লিউ.জি.চি ২০২৫ৰ অসম ৰাজ্যিক চূড়ান্ত পৰ্যায়ৰ নগৰীয়া স্তৰৰ গুৱাহাটীৰ মাইলছ ব্ৰনছন ৰেচিডেন্সিয়েল স্কুলত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত মুঠ ১১০ খন বিদ্যালয়ৰ ২২০ জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। অসমৰ সকলো অঞ্চলৰ বিদ্যালয়সমূহে এই অনুষ্ঠানত যোগদান কৰিছিল।
প্ৰতিযোগিতাখনৰ আৰম্ভণি বিশিষ্ট ব্যক্তিসকলে পৰম্পৰাগত বন্তি প্ৰজ্বলনৰ জৰিয়তে কৰিছিল, তাৰ পিছত অসমৰ কিংবদন্তি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছিল আৰু মাইলছ ব্ৰনছন ৰেচিডেন্সিয়েল স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে হলত উপস্থিত সকলো অংশগ্ৰহণকাৰীৰ সৈতে তেওঁৰ ‘মায়াবিনী’ গীতটো পৰিবেশন কৰিছিল। ডব্লিউ.ডব্লিউ.এফ ইণ্ডিয়াৰ অসম আৰু অৰুণাচল প্ৰদেশৰ ৰাজ্যিক কাৰ্যালয়ৰ ৰাজ্যিক সঞ্চালক শ্ৰীমতী অৰ্চিতা বৰুৱা ভট্টাচাৰ্যই তেখেতৰ ভাষণত উল্লেখ কৰিছিল যে ৱাইল্ড উইজডম গ্লোবেল চেলেঞ্জ কেৱল এখন প্ৰতিযোগিতা নহয়, বৰঞ্চ ই জ্ঞানৰ উদযাপন আৰু আমাৰ গ্ৰহৰ সংৰক্ষণৰ প্ৰতি দায়বদ্ধতাৰ প্ৰতীক। তেখেতে পোক-পৰুৱাৰ বিষয়ে জানিবলৈ আৰু সেইবোৰৰ সংৰক্ষণৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তেখেতে আৰু কৈছিল, “পোক-পৰুৱা পৰিৱেশ আৰু জৈৱপৰিৱেশ তন্ত্ৰৰ বাবে অতি প্ৰয়োজনীয়, যিয়ে পৰাগযোগ, পচন প্ৰক্ৰিয়া আৰু পুষ্টিকৰ চক্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু প্ৰদূষণ আৰু জলবায়ু পৰিৱৰ্তনৰ দৰে পৰিৱেশৰ পৰিৱৰ্তনৰ জৈৱ-নিৰ্দেশক হিচাপে কাম কৰে।”
মুখ্য অতিথি প্ৰখ্যাত পৰিৱেশবিদ প্ৰফেছৰ পৰিমল চন্দ্ৰ ভট্টাচাৰ্যই তেখতৰ ভাষণত আয়োজক বিদ্যালয় মাইলছ ব্ৰনছন ৰেচিডেন্সিয়েল স্কুল আৰু ডব্লিউ.ডব্লিউ.এফ -ইণ্ডিয়াক সৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সংৰক্ষণৰ চেতনা জগাই তোলাৰ প্ৰচেষ্টাৰ বাবে প্ৰশংসা কৰিছিল। তেখেতে ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ লক্ষ্য অৰ্জনৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবলৈ আৰু পৰিৱেশ সংৰক্ষণৰ বাবে সক্ৰিয়ভাৱে কাম কৰিবলৈ উৎসাহিত কৰিছিল। বিবেকানন্দ কেন্দ্ৰ শিক্ষা প্ৰসাৰ বিভাগ, গুৱাহাটীৰ আঞ্চলিক প্ৰশাসক বিষয়া শ্ৰী প্ৰকাশ ৰঞ্জনে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি তেওঁৰ ভাষণত ছাত্ৰ-ছাত্ৰীসকলক প্ৰেৰণা যোগায়।
ৱাইল্ড উইজডম গ্লোবেল চেলেঞ্জ কুইজৰ অসম ৰাজ্যিক চূড়ান্ত পৰ্যায়ৰ পৰিচালনা কৰিছিল প্ৰখ্যাত কুইজ মাষ্টৰ শ্ৰী অভ্ৰ দাসে। প্ৰতিযোগিতাখন এটা তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ মাজেৰে সমাপ্ত হৈছিল, য’ত পাঁচটা চূড়ান্ত প্ৰতিযোগী দলে অসাধাৰণ জ্ঞান, দলীয় কাম আৰু বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি প্ৰকৃত উৎসাহ প্ৰদৰ্শন কৰিছিল। ৱাইল্ড উইজডম গ্লোবেল চেলেঞ্জ-ৰ অসম চেম্পিয়ন খিতাপৰ বাবে এক তীব্ৰ প্ৰতিযোগিতাত, সৰলা বিৰলা জ্ঞান জ্যোতি স্কুলক প্ৰতিনিধিত্ব কৰা অশ্বিন আনন্দ (৯) আৰু অনুভাদিপ্তা বৰুৱা (৮) চেম্পিয়ন হৈছিল। দ্বিতীয় স্থান অধিকাৰ কৰিছিল দিল্লী পাব্লিক স্কুল, গুৱাহাটী, তৃতীয় স্থানত আছিল ছাউথ পইণ্ট স্কুল, গুৱাহাটী, তাৰ পিছত হলি চাইল্ড স্কুল, গুৱাহাটী আৰু আৰ্মি পাব্লিক স্কুল, বশিষ্ঠ। প্ৰতিযোগিতাৰ পিছত পুৰস্কাৰ বিতৰণী অনুষ্ঠানত শ্ৰীমতী অৰ্চিতা বৰুৱা ভট্টাচাৰ্য, প্ৰফেছৰ পৰিমল চন্দ্ৰ ভট্টাচাৰ্য, শ্ৰী প্ৰকাশ ৰঞ্জন, শ্ৰীমতী সোমা দে, পাঠ্যক্ৰম সমন্বয়কাৰী এম.বি.আৰ.এছ গুৱাহাটী, আৰু শ্ৰী অভ্ৰ দাসে বিজয়ীসকলক প্ৰমাণপত্ৰ আৰু ট্ৰফী বিতৰণ কৰিছিল। বিজয়ী বিদ্যালয় সৰলা বিৰলা জ্ঞান জ্যোতিয়ে অসমক প্ৰতিনিধিত্ব কৰিব আঞ্চলিক পৰ্যায়ৰ প্ৰতিযোগিতাত।
অধিক তথ্যৰ বাবে যোগাযোগ কৰক:
শ্ৰীমতী অৰ্চিতা বৰুৱা ভট্টাচাৰ্য, ৰাজ্যিক সঞ্চালক – অসম আৰু অৰুণাচল প্ৰদেশ ৰাজ্যিক কাৰ্যালয়, ডব্লিউ ডব্লিউ এফ -ইণ্ডিয়া
ইমেইল: abaruah@wwfindia.net মোবাইল: ০৯৪৩৫১৪৩৩০৫