অসমৰ ছবিঘৰত মুক্তি  ‘মোৰ শেষ গান’

অসমৰ ছবিঘৰত মুক্তি  ‘মোৰ শেষ গান’

ৰঙিলী বাৰ্ত্তাসেৱা-   অসমৰ প্ৰায় ৪৫ টা ছবিঘৰত অসমীয়া ছবি ‘মোৰ শেষ গান’ মুক্তি লাভ কৰিব৷ছবিখন ৰাইজে চালে আমাৰ আশা পূৰণ হ’ব৷ছবি এখন কৰিবলৈ হ’লে বহুখিনি পইচাৰ প্ৰয়োজন৷ছবি নিৰ্মাণ কৰাৰ সময়ত যিটো খৰচ হয়,সেইখিনি ওভতাই পালে ছবি কৰাৰ সাহস জন্মে৷-এই মন্তব্য প্ৰযোজক বিজয় দুৱাৰাৰ৷ গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদ মেলত  প্ৰযোজক বিজয় দুৱাৰাই পুনৰ কয়- মোৰ শেষ গানৰ মূল কাহিনীটো এনে এজন মানুহৰ যি ২৫ বছৰ ধৰি অসমৰ বাহিৰত আছে কিন্তু অসমলৈ এবাৰলৈও যোৱা নাই৷অসমলৈ যোৱাৰ মানুহজনৰ কিন্তু অফুৰন্ত হেঁপাহ৷মুম্বাইত থাকিবলৈ লোৱা মানুহজনৰ পুতেক মুম্বাইতে ডাঙৰ হৈছে৷হেঁপাহৰ অসমখনলৈ বাৰু মানুহজন যাব পাৰিবনে? পুতেকে বাৰু অসমত কি বিচাৰি পাব?দেউতাকে নিজ জন্মস্থানলৈ কেতিয়াও ঘূৰি নোযোৱাৰ কাৰণটো জানিব পাৰিবনে? এনেকুৱা বহুত সাঁথৰৰ উত্তৰ আছে এই ছবিখনৰ কাহিনীত৷ছবিখনৰ কাহিনী,চিত্ৰনাট্য আৰু পৰিচালনা প্ৰবাল বৰুৱাৰ৷সংলাপ আৰু গীত লিখাৰ উপৰিও প্ৰযোজনা কৰিছে বিজয় দুৱৰাই৷সংগীত অজয় সিংঘৰ৷শদ্ধ ব্যৱস্থাপনা দেৱজিৎ চাংমাই আৰু অমৃত প্ৰীতমৰ৷এই গোটেই কেইজনেই মুম্বাইৰ নিবাসী৷এওঁলোকৰ কাৰোৱেই জীৱনৰ সতে ছবিৰ কাহিনীটোৰ মিল নাই যদিও নিজ জন্মস্হানৰ প্ৰতি থকা হেঁপাহৰ অনুভূতিখিনি কিন্তু প্ৰতিজনৰ বুকুতেই আছে৷ছবিখনৰ সহ প্ৰযোজক হ’ল অসমৰ চিনেমা জগতৰ এক সুপৰিচিতা ব্যক্তি প্ৰিংকা বৰুৱা৷সংবাদ মেলত পৰিচালক প্ৰবাল বৰুৱাই কয়- ছবিখনৰ লগত মুম্বাইৰ কলা- কুশলী জড়িত হৈ আছে৷চিনেমেটোগ্ৰাফাৰ অৰুণ ৱাৰ্মা,সম্পাদক সংকল্প মেশ্বৰাম আৰু ডি আই বিশেষজ্ঞ মলয় ৰয়৷তিনিও পুনেৰ এফ টি আই আইত চিনেমাৰ শিক্ষা লোৱা মুম্বাইৰ সুপ্ৰতিস্থিত ব্যক্তি৷অভিনয়ত আছে অৰুণ নাথ,মৃদুলা বৰুৱাৰ লগতে মুখ্য চৰিত্ৰত অৰ্ঘদীপ বৰুৱা আৰু সৃজনী ভাস্ব মহন্ত৷তাৰোপৰি কমল লোচন, বিভূতি ভূষণ হাজৰিকা, প্ৰতিভা চৌধুৰী, ৰনাল্ড হুছেইন, অচিন্ত শংকৰ, প্ৰণৱজ্যোতি বৰ্মন, প্ৰৱীণ দত্ত, কৌশিক নাথে অভিনয় কৰে৷সংগীতৰ দিশটোৰ সোণত সুৱগা চৰাইছে জুবিন গাৰ্গে৷ছবিখনৰ শীৰ্ষ গীতত কন্ঠদান কৰিছে জুবিনে৷আৰু আছে আয়ান আলী বাংগাশ্ব৷শীৰ্ষ গীতটিত সৰোদ বজাইছে আয়ানে৷আয়ান হ’ল অসমীয়া ছবি জয়মতীত গদাপানিৰ চৰিত্ৰত অভিনয় কৰা ফুনু বৰুৱাৰ নাতিয়েক আৰু সৰোদ বাদক আমজাদ আলী খানৰ পুতেক৷দুটা জ্যোতি সংগেতো আছে ছবিখনত৷কন্ঠদান কৰিছে দীপলিনা ডেকা আৰু ৰিত্ৰিচা শৰ্মাই৷