অসমৰ চৰকাৰী বিদ্যালয়ত বাংলাদেশী শিক্ষক

অসমৰ চৰকাৰী বিদ্যালয়ত বাংলাদেশী শিক্ষক

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ চৰকাৰী স্কুলত বাংলাদেশী শিক্ষক। কেতিয়াও কোনেও ভাবিব নোৱাৰাকৈ ৰাজ্যৰ চৰকাৰী বিদ্যালয়ত দীৰ্ঘদিন ধৰি এই দুই অবৈধ বাংলাদেশী নাগৰিকে শিক্ষকতা কৰি আহিছিল। জালিয়াতিৰে বছৰ বছৰ ধৰি দৰমহাৰ নামত ৰাজকোষৰ ধন লাভ কৰি অহা এই দুই অবৈধ বাংলাদেশী হ’ল- মৰিগাঁও জিলাৰ লাহৰীঘাট প্রাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত উলুবাৰী এম ই মাদ্ৰাছাৰ বিজ্ঞান শিক্ষক মহম্মদ আব্দুৰ ৰছিদ আৰু কপিলী প্রাথমিক শিক্ষাখণ্ডৰ ঠেংখালী খন্দা পুখুৰী প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক মহম্মদ খাইৰুল ইছলাম। ন্যায়ালয়ৰ মজিয়াত এই ভয়ংকৰ কাণ্ড উন্মোচিত হোৱাৰ পাছত শেহতীয়াকৈ প্রাথমিক শিক্ষা সঞ্চালকালয়ে দুয়োজনকে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। উল্লেখ্য যে উলুবাৰী এম ই মাদ্ৰাছাৰ বিজ্ঞান শিক্ষক মহম্মদ আব্দুৰ ৰছিদক বিগত ২০১৬ চনৰ ৩০ ছেপ্টেম্বৰত মৰিগাঁও জিলাৰ ৫নং বিদেশী ন্যায়াধিকৰণে এফটি (ডি) ২২৬/২০১৫ নম্বৰৰ গোচৰটোৰ বিপৰীতে অবৈধ বিদেশী ঘোষণা কৰিছিল। বিদেশী ন্যায়াধিকৰণৰ এই ৰায়ক প্ৰত্যাহ্বান জনাই অবৈধ বাংলাদেশীজনে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৭৪১৩/২০১৬ নম্বৰৰ এখন লেখ আবেদন দাখিল কৰে। কিন্তু বিদেশী ন্যায়াধিকৰণে ইতিপূর্বে দিয়া ৰায়ত হস্তক্ষেপ নকৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০১৮ চনৰ ২৭ ছেপ্টেম্বৰত উক্ত লেখ আবেদনখন নাকচ কৰি দিয়ে। ইয়াৰ পাছত মহম্মদ আব্দুৰ ৰছিদক ডিটেনশ্যন  কেম্পলে প্ৰেৰণ কৰা হয়। সমান্তৰালভাৱে মৰিগাঁও জিলা প্রাথমিক শিক্ষা বিষয়াই ২০১৯ চনৰ ৬ মে’ত অবৈধ বিদেশী নাগৰিকজনক এক নির্দেশনাযোগে চাকৰিৰ পৰা নিলম্বন কৰে। মহম্মদ আব্দুৰ ৰছিদ দুবছৰকাল ডিটেনশ্যন  কেম্পত আছিল যদিও ২০২১ চনৰ ৫ মে’ত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক (সীমান্ত)-এ এক নির্দেশনাযোগে মোকলাই দিয়ে। লক্ষণীয়ভাৱে মহম্মদ আব্দুৰ ৰছিদে বিদেশী ন্যায়াধিকৰণ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক প্রত্যাহান জনাই ২৭০৬/২০১৯ নম্বৰৰ এখন স্পেচিয়েল লীভ পিটিচন দাখিল কৰে উচ্চতম ন্যায়ালয়ত। ২০২০ চনৰ ১০ ফেব্ৰুৱাৰীত আবেদনকাৰীৰ অধিবক্তাই বিচৰা ধৰণে এই স্পেচিয়েল লীভ পিটিচনখন প্ৰত্যাহাৰ কৰাৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ত পুনৰ পৰ্যবেক্ষণ আবেদন দাখিলত অনুমতি দিয়ে। সমান্তৰালভাৱে স্পেচিয়েল লীভ পিটিচনখন প্ৰত্যাহাৰ কৰে। ইয়াৰ পিছতে প্রাথমিক শিক্ষা সঞ্চালকালয়ে মহম্মদ আব্দুৰ ৰছিদৰ বিষয়টো পর্যালোচনাৰ বাবে এখন তদন্ত সমিতি গঠন কৰাৰ লগতে অবৈধ বাংলাদেশীজনলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে। বিগত বৰ্ষৰ ১ মাৰ্চত জাৰি কৰা কাৰণ দৰ্শোৱা জাননীখনৰ বিপৰীতে মহম্মদ আব্দুৰ ৰছিদৰ উত্তৰ সন্তোষজনক নহ’ল। পৰৱৰ্তী সময়ত প্রাথমিক শিক্ষা বিভাগে ২০২৪ চনৰ ১১ ছেপ্টেম্বৰত ৰাজ্য চৰকাৰৰ মহাধিবক্তাৰ পৰা এই বিষয়ত আইনী মতামত গ্রহণ কৰে। আনজন অবৈধ বাংলাদেশী ঠেংখালী খন্দা পুখুৰী প্রাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক মহম্মদ খাইৰুল ইছলামৰ ক্ষেত্ৰতো অনুৰূপ প্ৰক্ৰিয়াই গ্রহণ কৰা হৈছে। মহম্মদ খাইৰুল ইছলামক মৰিগাঁও জিলাৰ ৩নং বিদেশী ন্যায়াধিকৰণে ২০১৫ চনৰ ২০ ফেব্ৰুৱাৰীত এফটি (চি) ৪০/২০১৫ নম্বৰৰ গোচৰটোৰ বিপৰীতে অবৈধ বিদেশী ঘোষণা কৰিছিল। বিদেশী ন্যায়াধিকৰণৰ ৰায়ক প্ৰত্যাহ্বান জনাই মহম্মদ খাইৰুল ইছলামে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৫২৩২/২০১৬ নম্বৰৰ এখন লেখ আবেদন দাখিল কৰে। কিন্তু বিদেশী ন্যায়াধিকৰণে দিয়া ৰায়ত গুৱাহাটী উচ্চ ন্যায়ালয়ে হস্তক্ষেপ নকৰিলে আৰু ২০১৮ চনৰ ১৩ জুনত উক্ত লেখ আবেদনখন নাকচ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ ভিত্তিতে মহম্মদ খাইৰুল ইছলামক ডিটেনশ্যন  কেম্পলৈ প্ৰেৰণ কৰা হয়। ২০১৮ চনৰ ১৬ আগষ্টত অবৈধ বিদেশীজনক মৰিগাঁও জিলা প্ৰাথমিক শিক্ষা বিষয়াই এক নির্দেশযোগে চাকৰিৰ পৰা নিলম্বন কৰে। ডিটেনচন কেম্পত দুবছৰকাল কটোৱাৰ পাছত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক (সীমান্ত)-এ ২০২০ চনৰ ১৭ আগষ্টত মহম্মদ খাইৰুল ইছলামক মোকলাই দিয়ে। অবৈধ বিদেশী খাইৰুল ইছলাম চাকৰিত বাহাল থকাটো সম্ভৱপৰ নেকি, সেই দিশ পৰ্যালোচনা কৰাৰ বাবে এখন তদন্ত সমিতি গঠন কৰি দিয়াৰ সমান্তৰালভাৱে সংশ্লিষ্ট ব্যক্তিজনলৈ বিভাগীয়ভাৱে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হয়। ২০২৪ চনৰ ১ মাৰ্চত মহম্মদ খাইৰুল ইছলামে কাৰণ দর্শোৱা জাননীৰ উত্তৰ দিয়ে যদিও সেয়া সন্তোষজনক নহ’ল। ইয়াৰ পূৰ্বে ২০২৪ চনৰ ১৭ ফেব্ৰুৱাৰীত তদন্ত সমিতিয়ে প্রতিবেদন দাখিল কৰে। ইয়াৰ পৰৱৰ্তী প্ৰক্ৰিয়া হিচাপে মহাধিবক্তাৰ পৰা প্ৰাথমিক শিক্ষা বিভাগে গ্রহণ কৰে আইনী মতামত।গুৰুত্বপূৰ্ণ কথাটো হ’ল যে দেশত চৰকাৰী চাকৰি লাভ কৰিবলৈ হ’লে প্রাথমিক আৰু প্ৰধান চৰ্তটোৱেই হ’ল প্রার্থীজন ভাৰতীয় নাগৰিক হ’ব লাগিব। এই কথা সংবিধানৰ ৫-৮নং অনুচ্ছেদেও স্পষ্ট কৰি দিছে। কিন্তু মহম্মদ আব্দুৰ ৰছিদ আৰু মহম্মদ খাইৰুল ইছলাম বিদেশী ন্যায়াধিকৰণৰ উপৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত অবৈধ বিদেশী নাগৰিক হিচাপে চিহ্নিত হৈছে। দুয়োজনেই ন্যায়ালয়ৰ মজিয়াত ভাৰতায় নাগৰিকত্ব প্ৰমাণ কৰিব নোৱাৰিলে। ইয়াৰ ওপৰত ভিত্তি কৰিয়েই প্রাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে দুয়োকে চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে।