অসমৰ চাহ বাগিচা ধ্বংসৰ ষড়যন্ত্ৰ কৰিছে হিমন্ত চৰকাৰে

অসমৰ চাহ বাগিচা ধ্বংসৰ ষড়যন্ত্ৰ কৰিছে হিমন্ত চৰকাৰে
ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ চাহ জনগোষ্ঠীৰ নেতাৰ সংবাদমেল

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যৰ চাহ জনগোষ্ঠী আৰু আদিবাসী লোকসকলক বিজেপি দল আৰু চৰকাৰে চৰম প্ৰতাৰণা কৰা বুলি তথ্যসমৃদ্ধ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰ’জলীনা তিৰ্কীয়ে। গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰ’জনীলা তিৰ্কীয়ে কয় যে চাহ জনগোষ্ঠী আৰু আদিবাসী লোকসকলক জনজাতিকৰণৰ মৰ্যাদা দিম বুলি কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে প্ৰতিশ্ৰুতি দিছিল আৰু বিজেপি দলে চৰকাৰ গঠন হোৱাৰ ১০০ দিনৰ ভিতৰত জনগোষ্ঠীৰ মৰ্যাদা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল। অসমৰ বাহিৰে আন ৰাজ্যসমূহত আদিবাসী আৰু চাহ জনগোষ্ঠীৰ লোকসকল অনুসূচিত জনজাতিৰ অন্তৰ্ভুক্ত যদিও অসমৰ বেলিকা সুকীয়া নীতি দেখা গৈছে। বিজেপি দল আৰু চৰকাৰে ভুৱা প্ৰতিশ্ৰুতিৰে ভোট লৈ চাহ জনগোষ্ঠী আৰু আদিবাসী লোকসকলক বছৰৰ পিছত বছৰ ধৰি প্ৰতাৰণা কৰি অহা বুলি তিৰ্কীয়ে অভিযোগ কৰে। গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত সংবাদমেলখনত চাহ জনগোষ্ঠীৰ নেতা-প্ৰাক্তন বিধায়ক ৰাজু চাহু, এতোৱা মুণ্ডা আৰু যুৱ নেতা প্ৰাঞ্জল ঘাটোৱাৰেও অংশগ্ৰহণ কৰে। অসমৰ চাহ বাগিচাসমূহত আদিবাসী অধ্যুষিত গাঁওসমূহত স্বাস্থ্য, শিক্ষা, যোগাযোগ ব্যৱস্থা আৰু আৰ্থ-সামাজিক দিশত এই লোকসকল অতিকৈ পিছপৰা বুলি উল্লেখ কৰি তিৰ্কীয়ে কয় যে আদিবাসী লোকসকলৰ মহিলা আৰু শিশু-কন্যাসকলৰ জীৱন আজি সুৰক্ষিত নহয়। আদিবাসী শিশু আৰু কিশোৰী ধৰ্ষণৰ ঘটনাৰ উদাহৰণ দি তিৰ্কীয়ে অসমৰ চাহ জনগোষ্ঠীৰ লোকসকল আজি জীৱনৰ অনিশ্চয়তাত ভোগা বুলি উল্লেখ কৰে। সংবাদমেলত অংশগ্ৰহণ কৰি চাহ জনগোষ্ঠীৰ যুৱ নেতা প্ৰাঞ্জল ঘাটোৱাৰে কয় যে শিক্ষা আৰু সংস্থাপনৰ ক্ষেত্ৰত আদিবাসী আৰু চাহ জনগোষ্ঠীৰ লোকসকলক চৰকাৰে প্ৰতাৰণা কৰি আহিছে। অসমত সংস্থাপন নাপাই বহিঃৰাজ্যত কাম কৰিবলৈ গৈ বহু আদিবাসী যুৱক-যুৱতীৰ মৃত্যু ঘটা বুলিও তেওঁ অভিযোগ কৰে। চাহ বাগিচা অঞ্চলৰ বিদ্যালয়সমূহত চৰকাৰে গৃহ নিৰ্মাণত গুৰুত্ব দিছে যদিও ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক নাই বুলি উল্লেখ কৰি ঘাটোৱাৰে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল আৱেগৰ ৰাজনীতি কৰি চাহ জনগোষ্ঠীৰ লোকসকলক প্ৰতাৰণা কৰি আহিছে। বাস্তৱ ক্ষেত্ৰত শিক্ষা, সংস্থাপন আৰু আৰ্থ-সামাজিক দিশত অসমৰ চাহ জনগোষ্ঠীৰ যুৱক-যুৱতীসকলে গুৰুত্ব লাভ নকৰাৰ অভিযোগ কৰি কেৱল নিৰ্বাচনৰ সময়ত বেংক একাউণ্টত কেইটামান ধন সুমুৱাই দিয়েই চৰকাৰে ভোট কিনাৰ ৰাজনীতি কৰি আছে। ইফালে, সংবাদমেলত প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে বিজেপি চৰকাৰৰ দিনত চাহ জনগোষ্ঠীৰ লোকসকলৰ স্বাস্থ্যৰ অৱস্থা অতি পৰিতাপৰ হৈ পৰা বুলি উল্লেখ কৰি তেওঁ কয় যে পুষ্টিহীনতা আৰু ৰক্তহীনতাত আক্ৰান্ত চাহ শ্ৰমিকসকলৰ গড় ওজন এতিয়া ৫০ কিলোগ্ৰামৰ তলত দেখা গৈছে। চাহ শ্ৰমিকৰ ন্যূনতম মজুৰি ৩৫১ টকা হ’ব বুলি ঘোষণা কৰা চৰকাৰখনে আজিকোপতি এই প্ৰতিশ্ৰুতি কাৰ্যকৰী নকৰা বাবে চাহ বাগিচাৰ লগত জড়িত শ্ৰমিকসকলৰ শাৰীৰিক অৱস্থা অতিশয় দুৰ্বল হৈ পৰিছে। ৰক্তহীনতাত ভুগি শৰীৰৰ ওজন ৫০ কিলোগ্ৰামতকৈ কম হোৱা বাবে আনক ৰক্তদান কৰিব নোৱাৰে বুলিও চাহুৱে উল্লেখ কৰে। তেওঁ লগতে কয় যে এইখন চৰকাৰে আইন সংশোধন কৰি চাহ বাগিচাৰ ভূমিৰ ১০ শতাংশ অন্য কামত ব্যৱহাৰ কৰিব পৰাৰ এক ব্যৱস্থা কৰি অসমৰ বহু এলেকাত মন্ত্ৰী-বিধায়কসকলে চাহ বাগান ক্ৰয় কৰি বাগানৰ মাটিত আন ব্যৱসায় কৰিছে। তেওঁ কয় যে চাহ বাগিচাসমূহত সংস্থাপন পাই থকা লাখ লাখ আদিবাসী লোকক প্ৰতাৰণা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বৰ চৰকাৰখনে অসমৰ চাহ বাগিচাসমূহ বিক্ৰী আৰু ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে। যাৰ বাবে ৱাৰেন ইণ্ডিয়ান লিমিটেড, এপিজে আছাম কোম্পানী, অসম ফ্ৰণ্টিয়াৰৰ দৰে নামী-দামী কোম্পানীয়ে চাহ বাগান বিক্ৰী কৰিবলৈ বাধ্য হৈছে। তিনিচুকীয়া জিলাৰ শুকানপুখুৰী আৰু কচুজান চাহ বাগিচাৰ ৬০০০ বিঘা মাটি মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ লোকে ক্ৰয় কৰি ইয়াৰে ১০ শতাংশ মাটি অৰ্থাৎ ৬০০ বিঘা বাগিচাৰ মাটি অন্য ব্যৱসায়ত লগাবলৈ পৰিকল্পনা কৰিছে। এই ৬০০ বিঘা মাটি প্ৰতি বিঘাত ৩ কোটি টকাকৈ বিক্ৰী কৰিলেও ১৮০০ কোটি টকা লাভ কৰিব বুলি উল্লেখ কৰি চাহুৱে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাহ বাগিচাৰ মাটি বিক্ৰী কৰি কাক ধনী কৰিব বিচাৰিছে সেই কথা অসমৰ ৰাইজে এতিয়া বুজি পাইছে। বিজেপিৰ বেটি বচাও, বেটী পঢ়াও আঁচনি চাহ বাগিচা এলেকাত প্ৰযোজ্য নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে তিনিচুকীয়াৰ বৰডুবি থানাৰ অন্তৰ্গত কাটানী গাঁৱৰ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীক বিজেপি নেতা সমুদ্ৰ ৰায়ে ধৰ্ষণ কৰিছিল। বিজেপি নেতা হোৱা বাবেই যোৱা দুবছৰে সমুদ্ৰ ৰায়ক চৰকাৰে গ্ৰেপ্তাৰ নকৰিলে। এই দুৰ্ভগীয়া ছাত্ৰীগৰাকীৰ মাতৃ বুধুনী প্ৰজাক বিজেপি নেতা সমুদ্ৰ ৰায়ে ভীতি প্ৰদৰ্শন কৰি প্ৰাণে মৰাৰ ভাবুকি দিয়া বাবেই বুধুনী প্ৰজাই শেষত আত্মহত্যা কৰিবলৈ বাধ্য হৈ পৰে। ইয়াৰ বিচাৰ হিমন্ত বিশ্ব শৰ্মাই আজিলৈকে নকৰিলে। চাহ জনগোষ্ঠীৰ লোকসকলক অন্তৰৰ পৰা হিমন্ত বিশ্ব শৰ্মাই ভাল নোপোৱাৰ এয়া এক প্ৰমাণ বুলিও তেওঁ উল্লেখ কৰে। সংবাদমেলত অংশগ্ৰহণ কৰি চাহ জনগোষ্ঠীৰ নেতা এতোৱা মুণ্ডাই কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত আদিবাসী আৰু চাহ জনজাতিৰ লোকসকলে যি যি আঁচনি আৰু সা-সুবিধা লাভ কৰিছিল সেই সুবিধাসমূহ এতিয়া এইখন চৰকাৰে কৰ্তন কৰিছে। শ্ৰমিকৰ মজুৰি, ছাত্ৰ-ছাত্ৰীৰ বৃত্তি, খোৱাপানীৰ সুবিধাৰ প্ৰতিশ্ৰুতি আৰু সুস্বাস্থ্যৰ আভুৱা-ভাঁৰা কাহিনী ৰাইজে এতিয়া বুজি পাইছে বুলি উল্লেখ কৰি এতোৱা মুণ্ডাই কয় যে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত চাহ জনগোষ্ঠীৰ লোকসকলে একত্ৰিতভাৱে বিজেপিৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু হৈছে। অসমৰ আদিবাসী আৰু চাহ জনগোষ্ঠীৰ লোকসকলক সমস্যাই ভাৰাক্ৰান্ত কৰি ৰখা বিষয়সমূহ উত্থাপন কৰি অনুষ্ঠিত কৰা সংবাদমেলখনৰ আঁত ধৰে অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই।