অসমৰ চাহকে ধৰি ৬টা বিশেষ উপহাৰ প্ৰদান ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক

অসমৰ চাহকে ধৰি ৬টা বিশেষ উপহাৰ প্ৰদান ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰত-ৰাছিয়াৰ বাৰ্ষিক সন্মিলন উপলক্ষে ভাৰতলৈ অহা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক ৬টা বিশেষ উপহাৰেৰে আপ্যায়ন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই উপহাৰৰ তালিকাত প্রধানমন্ত্রীয়ে অসমৰ বিশ্ববিখ্যাত চাহক অন্তর্ভুক্ত কৰে। পুটিনক প্ৰধানমন্ত্ৰী মোদীয়ে নিৰ্বাচিত ফাইন আছাম ব্লেক টি (Fine Assam Black Tea) উপহাৰ দিয়ে। ২০০৭ চনত জিআই টেগ লাভ কৰা এই চাহে অসমৰ চহকী ঐতিহ্য আৰু ইয়াৰ জলবায়ু সম্পর্কে বিশ্বত জিলিকাই তুলিব। দেশৰ বিভিন্ন প্ৰান্তৰ থলুৱা সামগ্ৰীৰে বিদেশী অতিথিক আপ্যায়ন কৰা মোদীয়ে এইবাৰ পশ্চিমবংগৰ মুৰ্চিদাবাদ জিলাৰ বিশেষ ৰূপেৰে বিশেষভাবে নির্মিত চাহৰ ছেট, কাপ, কেল্লী আৰু কেতবোৰ বাচন-বৰ্তন উপহাৰ দিয়ে। এইটো পশ্চিমবংগৰ কলা-সংস্কৃতিৰ সৈতে জড়িত। একেদৰে মহাৰাষ্ট্ৰত নিৰ্মিত ৰূপৰ ঘোঁৰা আৰু উত্তৰ প্ৰদেশৰ আগ্ৰাত নিৰ্মিত মাৰ্বলৰ দবা ছেট এটাও উপহাৰ দিয়ে পুটিনক। উপহাৰৰ টোপোলাত জম্মু-কাশ্মীৰৰ বিখ্যাত সুগন্ধি মচলা কেশৰেও ঠাই পায়।উল্লেখ্য যে  বৃহস্পতিবাৰে নিশা বিমানবন্দৰলৈ গৈ প্রট’কল ভংগৰে ৰাষ্ট্ৰপতি পুটিনক আদৰণি জনায় প্রধানমন্ত্রী মোদীয়ে। সেই সময়তে  ৰাছিয়ান ভাষাত অনুদিত এখন ‘গীতা’ উপহাৰ হিচাপে আগবঢ়ায় প্ৰধানমন্ত্ৰী মোদীয়ে। এই গ্ৰন্থত মহাভাৰতৰ যুদ্ধ আৰম্ভ হোৱাৰ আগতে অর্জুন আৰু কৃষ্ণৰ মাজত হোৱা কথা-বতৰা লিপিবদ্ধ কৰা আছে।সামাজিক মাধ্যমত প্রধানমন্ত্রী মোদীয়ে নিজেই ৰাষ্ট্ৰপতি পুটিনক গীতা উপহাৰ দিয়াৰ কথা উল্লেখ কৰিছিল।