অসমৰ কৰ্কট চিকিৎসালয়ত সংযোজন হ’ব প্রট’ন থেৰাপী মেচিনঃমুখ্যমন্ত্ৰী

অসমৰ কৰ্কট চিকিৎসালয়ত সংযোজন হ’ব প্রট’ন থেৰাপী মেচিনঃমুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ কৰ্কট ৰোগীৰ বাবে এক সুখবৰ আগবঢ়ালে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে অসমত উপলব্ধ হ’ব প্র’টন থেৰাপীৰ ব্যৱস্থা। কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰে প্ৰ’টন থেৰাপী মেচিন স্থাপন কৰিবলৈ গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা। নতুন দিনৰ বার্তালাপত নৱবৰ্ষৰ প্ৰথম দিনটোতে এই বার্তা দিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ৰাজ্য চৰকাৰে কেঞ্চাৰ গ্রিডত প্ৰ’টন থেৰাপী মেচিন আনিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিছে। ইতিমধ্যে ইয়াৰ বাবে নিবিদা প্রকাশ কৰা হৈছে। প্ৰ’টন থেৰাপী মেচিন কেৱল টাটা আৰু মাদ্রাজ এপ’লতহে আছে। কোনো চৰকাৰী চিকিৎসা প্রতিষ্ঠানত এই মেচিন এতিয়াও উপলব্ধ হোৱা নাই। কেঞ্চাৰ চিকিৎসাৰ ক্ষেত্ৰত প্ৰ’টন থেৰাপী মেচিন যথেষ্ট গুৰুত্বপূৰ্ণ। ৫০০ কোটি টকা ব্যয়েৰে এই মেচিন ৰাজ্য চৰকাৰে ক্ৰয় কৰিব। মুখ্যমন্ত্ৰীয়ে কয়- এই ৫০০ কোটি টকাৰ ধনৰাশি সংগ্ৰহ কৰিবলৈও বিশেষ পদক্ষেপ লৈছে চৰকাৰে। সেই অনুসৰি চিএছআৰৰ পৰা ৫০ কোটি টকা, ক’ভিডৰ সময়ত ৰাইজে দান দিয়া ৫০ কোটি টকা, বিশ্ব বেংকে প্রদান কৰিব ২৫০ কোটি টকা, বাকী ধনৰাশি ৰাজ্যৰ বাজেটৰ পৰা সংগ্ৰহ কৰা হ’ব। এইক্ষেত্ৰত প্ৰ’টন থেৰাপী মেচিন ক্ৰয় কৰা অসমেই হ’ব প্ৰথম ৰাজ্য। এই মেচিনৰ আগমনে অসম স্বাস্থ্য, পর্যটন ক্ষেত্রত এক নতুন দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হ’ব। ইফালে মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে ৰাজ্যৰ আন্তঃগাঁথনি উন্নয়নৰ দিশেৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কেইবাটাও প্ৰকল্পৰ মাজত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জিএমচিএইচ) ৰ পুৰণি বিল্ডিং নতুনকৈ নিৰ্মাণৰো ব্যৱস্থা গ্রহণ কৰা হৈছে। সেই অনুসৰি জিএমচিএইচক ২,২০০ কোটি টকা ব্যয়সাপেক্ষে এক নতুন ৰূপ দিয়া হ’ব।