অসমৰ ক্ৰিকেটপ্ৰেমীলৈ এক সুখবৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ ক্ৰিকেটপ্ৰেমীলৈ এক সুখবৰ। ভাৰতত পোন প্ৰথমবাৰৰ বাবে অনুস্থিত হ’বলগীয়া মহিলাৰ ইণ্ডিয়ান প্ৰিমীয়াৰ লীগ চমুকৈ আই পি এলৰ বাবে নিলামৰ তালিকাত স্থান লাভ কৰিছে জিণ্টিমণি কলিতা আৰু উমা ছেত্ৰীই।।অসম ক্ৰিকেট সংস্থাই আনুষ্ঠানিকভাৱে এই কথা প্ৰকাশ কৰে।অসম ক্ৰিকেট সংস্থাই কয় যে, ‘‘অসম ক্ৰিকেট সন্থাই এই ঘোষণা কৰিবলৈ পাই আনন্দিত যে অসমৰ দুগৰাকী খেলুৱৈ জিণ্টিমণি কলিতা আৰু উমা ছেত্ৰীক মহিলা আইপিএলৰ নিলামৰ বাবে নিৰ্বাচিত কৰা হৈছে।’’ সমগ্ৰ অসমবাসীকে খেলুৱৈ দুগৰাকীক সমৰ্থন কৰাৰ বাবেও এচিএই আহ্বান জনাইছে। জিণ্টিমণি কলিতা আৰু উমা ছেত্ৰীয়ে আইপিএলৰ নিলামত স্থান লাভ কৰাক লৈ আনন্দ প্ৰকাশ কৰে অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়া ৰাজেন্দ্ৰ সিঙে। তেওঁ কয় যে ক্ৰিকেট বিশ্বত অসমৰ যুৱতীৰ এই সফলতাই আন যুৱক–যুৱতীসকলক খেলপথাৰত খোজ দিয়াৰ ক্ষেত্ৰত প্ৰেৰণা যোগাব। উল্লেখযোগ্য যে মহিলা আইপিএলৰ বাবে নিলাম ১৩ ফেব্ৰুৱাৰী ২০২৩ত অনুষ্ঠিত হ’ব। খবৰ অনুসৰি, এই আয়োজন মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰত হ’ব। মহিলা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ বাবে মুঠ ৪০৯ গৰাকী ক্ৰিকেটাৰে নিলামত অংশ ল’ব।