অসমৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বাদ পৰিল ৰাজীৱ গান্ধীৰ নাম

pc Prag News

অসমৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বাদ পৰিল ৰাজীৱ গান্ধীৰ নাম

অনলাইন বাৰ্ত্তাসেৱা – অসম কেবিনেটে বুধবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নাম ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বাদ দিয়াৰ সিদ্ধান্ত লয়। মন্ত্ৰী পিযুষ হাজৰিকাই কৈছিল যে ওৰাং নামটো আদিবাসী আৰু চাহ-জনজাতি সম্প্ৰদায়ৰ অনুভূতিৰ সৈতে সম্পৰ্কিত হোৱাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছিল। স্থানীয় গোটসমূহৰ আপত্তি স্বত্বেও কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰে ২০০৫ চনত স্বৰ্গীয় প্ৰধানমন্ত্ৰীৰ নামেৰে উদ্যানখনৰ নাম সলনি কৰিছিল।

(UD.)