অসমৰ ‘এনকাউন্টাৰ’ক লৈ উচ্চতম ন্যায়ালয়ৰ শুনানি

অসমৰ ‘এনকাউন্টাৰ’ক লৈ উচ্চতম ন্যায়ালয়ৰ শুনানি

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমত সংঘটিত হোৱা এনকাউন্টাৰক লৈ উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰে। ৰাজ্যৰ ‘এনকাউণ্টাৰ’ক লৈ ৰুজু হোৱা এটা গোচৰৰ শুনানি গ্রহণ কৰি ন্যায়াধীশ সূর্য কান্ত আৰু উজ্জ্বল ভূঞাৰ খণ্ড বিচাৰপীঠে আনকি ৰাজ্যৰ এটা বিশেষ সম্প্রদায়ক অসম আৰক্ষীয়ে লক্ষ্য কৰি লৈছে নেকি বুলিও প্রশ্ন উত্থাপন কৰে। মানৱ অধিকাৰ কৰ্মী তথা অধিবক্তা আৰিফ ইয়াছিন জোৱাদ্দাৰে দাখিল কৰা আবেদনৰ শুনানি গ্রহণ কৰি ন্যায়াধীশ উজ্জ্বল ভূঞাই কয় যে ভুৱা এনকাউণ্টাৰক লৈ অসমৰ ইতিহাস বিশেষ সুবিধাজনক নহয়। ন্যায়ালয়ত অসম চৰকাৰক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা নলীন কোহলিৰ আগত ন্যায়াধীশ ভূঞাৰ প্ৰশ্ন- ২০২১, ২০২২ চনত হোৱা এনকাউণ্টাৰৰ তদন্ত এতিয়াও কেনেকৈ চলি থাকে? তদন্তৰ বাবে য’ত দহ-পোন্ধৰ দিনৰ বেছি লগা উচিত নাছিল। এয়া নিৰৰ্থক তদন্ত অবিহনে আন একো নহয়। শুনানিকালত ‘ভুৱা এনকাউণ্টাৰ’ৰ বিষয়টোত ন্যায়াধীশ সূর্য কান্তই ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ ভূমিকাক লৈও প্রশ্ন উত্থাপন কৰা পৰিলক্ষিত হয়। তেওঁ কয় যে অসমৰ এনকাউণ্টাৰসমূহক লৈ আয়োগৰ আৰু কিছু কৰণীয় আছিল। জনগণৰ মৌলিক অধিকাৰ সুনিশ্চিত কৰাৰ বাবে মানৱ অধিকাৰ আয়োগে সদায় আগভাগহে ল’ব লাগে। আনহাতে, আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হোৱা এজন অভিযুক্তৰ পত্নীয়ে সংশ্লিষ্ট গোচৰ আগবঢ়াই নিনিয়াৰ বাবে অসম মানৱ অধিকাৰ আয়োগে গোচৰ বন্ধ কৰি দিয়াৰ বিষয়টোক লৈও ন্যায়াধীশ সূর্যকান্তই  উদ্বিগ্নতা ব্যক্ত কৰিছে। তেওঁ কয়- আমি স্পষ্টকৈ এই কার্য মানি নলওঁ। গোচৰ কিয় বন্ধ কৰিব লাগে? অসম মানৱ অধিকাৰ আয়োগে বন্ধ কৰা গোচৰৰ বিষয়টো ন্যায়ালয়ে পৰীক্ষা কৰি চাব বুলিও ন্যায়াধীশ সূর্যকান্তে লগতে স্পষ্ট কৰি দিয়ে। ইপিনে অসমত সংঘটিত ১৭১টা এনকাউণ্টাৰৰ বিস্তাৰিত তথ্য প্রদান কৰিবলৈ অসম চৰকাৰক নির্দেশ প্ৰদান কৰি খণ্ড বিচাৰপীঠে ২৬ নৱেম্বৰত পৰৱৰ্তী শুনানিৰ দিন ধার্য কৰে। উল্লেখ্য যে ন্যায়ালয়ত জোৱাদ্দাৰক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা প্রশান্ত ভূষণে এনকাউণ্টাৰকৈ অসম আৰক্ষীৰ কেইবাটাও ঘটনাৰ সবিশেষ দাঙি ধৰা পৰিলক্ষিত হয়। ইয়াৰ পূৰ্বে ভুৱা এনকাউণ্টাৰক লৈ জোৱাদ্দাৰে দাখিল কৰা আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছিল। সংবাদ মাধ্যমত প্রকাশিত প্রতিবেদনৰ ভিত্তিত জনোৱা আবেদনৰ বাবে উচ্চ ন্যায়ালয়ে আনকি জোৱাদ্দাৰক ভর্ৎসনাও কৰিছিল।