অসমৰ আবেগ আহোম সকলক কৰা অপমান সহ্য কৰা নহব – যোৰহাট জিলা কংগ্ৰেছ
ৰঙিলী বাৰ্ত্তাসেৱা- অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নিৰ্দেশ অনুযায়ী যোৰহাট জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত আৰু মধ্য যোৰহাট ব্লক কংগ্ৰেছ কমিটীৰ সহযোগত ৰাষ্ট্ৰীয় শিক্ষণ গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, চমুকৈ এন চি ই আৰ টি(NCERT)ৰ দ্বাৰা প্ৰস্তুত কৰা অষ্টম শ্ৰেণীৰ বুৰঞ্জী বিষয়ৰ পাঠ্যক্ৰমত আহোম বংশৰ ইতিহাসক তেনেই নগণ্যৰূপে আৰু ভুল তথ্যৰে সন্নিবিষ্ট কৰি উপস্থাপন কৰাৰ প্ৰতিবাদত আজি যোৰহাট জিলাৰ লাহদৈগড় মলীয়াগাঁওত অৱস্থিত মহাবীৰ লাচিত বৰফুকনৰ মৈদামৰ সমীপত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হয়। জিলা কংগ্ৰেছ কমিটীৰ মিডিয়া বিভাগৰ অধ্যক্ষ অভিজিত ফুকনে এক প্ৰেছ বিজ্ঞপ্তি যোগে জনায় যে NCERT য়ে এটা জনগোষ্ঠী যি জনগোষ্ঠীয়ে ৬০০ বছৰ অসমত ৰাজত্ব কৰিছিল তেনে এটা অসমৰ আবেগ জড়িত জনগোষ্ঠীৰ ইতিহাসক অধ্যয়ন নকৰি ভুল তথ্যৰে নৱ প্ৰজন্মৰ পাঠ্যক্ৰমত উপস্থাপন কৰাটো অতি পৰিতাপৰ বিষয়। পাঠ্যক্ৰমত উল্লেখ কৰা অনুসৰি আহোম সকল ম্যানমাৰৰ পৰা অহা নাছিল বা কেৱল মিৰজুমলাৰ লগতেই যুদ্ধত অৱতীৰ্ণ হোৱা নাছিল। NCERT য়ে ভুল তথ্যৰে অহোম সকলৰ লগতে অসমৰ গৌৰৱ, আহোম তথা অসমীয়াৰ স্বাভিমান বীৰ লাচিত ফুকনক অপমান কৰাই নহয় তেখেতৰ অসমৰ প্ৰতি থকা বলিদানকো অপমান কৰিছে। লগতে অসমৰ অহোম জনগোষ্ঠীৰ লগত জড়িত ঐতিহ্যপূৰ্ণ কীৰ্তিচিহ্ন সমূহৰ কথাও পাঠ্যক্ৰমত উল্লেখ নকৰাৰ কথা বিবৃত্তিত উল্লেখ কৰি মিডিয়া বিভাগৰ অধ্যক্ষ গৰাকীয়ে কয় যে যি সময়ত চৰকাৰে বীৰ লাচিত ফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি NDA ৰ শ্ৰেষ্ঠ কেডেট জনক সন্মান জনাইছিল, বীৰ লাচিত ফুকনৰ প্ৰতিমূৰ্তি দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে উন্মোচন কৰিছিল আৰু UNESCO ৰ দৰে সংস্থাই চৰাইদেউস্থিত মৈদামক বিশ্ব পৰ্যটনস্থলী ৰূপে স্বীকৃতি দিছিল সেই একে সময়তে আহোমসকলক NCERT দৰে সংস্থাই কৰা এনে ব্যৱহাৰ গ্ৰহণযোগ্য নহয়। এই ক্ষেত্ৰত এনে কায্যৰ প্ৰতিবাদ আৰু তীব্ৰ স্তৰত হব লাগে বুলি বিবৃতিটোত উল্লেখ কৰি আহোম জনগোষ্ঠীয় সংগঠন সমূহৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক সকলো একত্ৰিত হোৱাৰ সময় আহি পৰিছে বুলি মত প্ৰকাশ কৰে। আজিৰ কাৰ্যসূচীত যোৰহাট জিলা কংগ্ৰেছ কমিটীৰ সভাপতি পুতুল বুঢ়াগোহাঁই, জ্যেষ্ঠ উপ-সভানেত্ৰী পল্লবী শইকীয়া গগৈৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ অন্যান্য পিছপৰা শ্ৰেণী বিভাগৰ উপাধ্যক্ষদ্বয় প্ৰণৱ জ্যোতি দত্ত আৰু পৰাণ শইকীয়াইসহ যোৰহাট আৰু গোলাঘাট জিলা কংগ্ৰেছৰ বহু বিষয়ববীয়া তথা কৰ্মীয়ে অংশগ্ৰহণ কৰে।