অসমৰ আন্তঃৰাষ্ট্ৰীয় জুডো ৰেফাৰি অজিৎ দাসে ভাগ লব এছিয়া কাপত

অসমৰ আন্তঃৰাষ্ট্ৰীয় জুডো ৰেফাৰি অজিৎ দাসে ভাগ লব এছিয়া কাপত

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ আন্তঃৰাষ্ট্ৰীয় জুডো ৰেফাৰি অভিজিৎ দাস অহা ৩০ জুনৰ পৰা ৪ জুলাইলৈ অনুষ্ঠিত হ’ব লগা আন্তর্জাতিক জুডো ৰেফাৰি চেমিনাৰ আৰু আলমাতে কেডেট এছিয়া কাপ ২০২৫ত ভাগ লবলৈ যাব। আন্তর্জাতিক জুডো ফেডাৰেচনে (IJF) আলমাতে, কাজাকিস্তানত আয়োজন কৰা উক্ত চেমিনাৰত অভিজিৎ দাসৰ উপৰিও ভাৰতৰ আন চাৰিজন ৰেফাৰি অংশ গ্রহণ কৰিব। সদৌ অসম জূডো সংস্থাৰ সভাপতি বানীব্ৰত দাস আৰু সম্পাদক জাফৰ খানে অভিজিৎক শুভেচ্ছা জনাইছে।