অসম্পূৰ্ণ প্ৰেম মোৰ – আব্দুৰ ৰশিদ

Pc Freepik
 অসম্পূৰ্ণ প্ৰেম মোৰ 
                             আব্দুৰ ৰশিদ
                         বৰপেটা, মইনবৰী
হৃদয়ৰ নিভৃতকোণৰ পৰা
ওলোৱা মৰম লগা শব্দৰে
মিঠা মিঠা মাতেৰে
কৰিছিলা জয় মোৰ মন ।।
মোক দেখুৱাইছিলা বহু সপোন
কৰিছিলা বহু কল্পনা মোক লৈ ।
মইয়ো তোমাৰ হাতত হাত ধৰি
দেখিছিলোঁ প্ৰেমজগত খনক ।।
দুপৰীয়াৰ সময়ত নদীৰ পাৰত বহি
নদীৰ কুলু কুলু শব্দই,
প্ৰকৃতিৰ মনোমোহা সৌন্দৰ্যই
আৰু চৰাইৰ সোৱালা মাতে
সচাকৈ আমাৰ প্ৰেমালোচনা
পূৰ্ণ পৰ্যায়ত পাইছিল।।
তুমি মোক কৈছিলা –
” জীৱনে মৰণে মই তোমাক ভাল পাওঁ।
 মোৰ মৃত্যুত তুমি নাকান্দিবা
বিশাল আকাশৰ উজ্জ্বল তৰা বোৰৰ
মাজত মোক বিচাৰি পাবা ।।”
তুমি কিয় এই অভিশপ্ত বাক্যবাণী
মোলৈ এৰিছিলা ?
মৃত্যুৰ কিহৰ ইংগিত পাইছিলা
তুমি মোলৈ এৰিছিলা
জীৱন অন্তৰ শেষ বাণী ।।
তোমাৰ মৃত্যুত বলীয়া হৈ
বিশাল আকাশত তিৰবিৰাই থকা
তৰাবোৰৰ মাজত
বিচাৰি ফুৰিছোঁ মই এতিয়া ।।
শুভ্ৰ আকাশৰ জোনৰ উজ্জ্বলতা ,
তৰাৰ চিকমিকনি পোহৰে
মোক জগাই তোলে
তোমাক বিচাৰিবলৈ।।
আকাশ পিনে চায়
তৰাবোৰক কওঁ-
“তোমালোকে কিয় লুকাই ৰাখিছা
মোৰ হৃদয়ৰ মানুহজনক ?
কৈ দিয়া ক’ত আছে
মোক সপোন দেখুওৱা মানুহ জন ?
হে প্ৰিয়তমা,
তুমি কোৱা কথাবোৰ মিছা নেকি ?
কিয় তৰাবোৰে মোৰ লগত লুকা-ভাকু খেলিছে ?
সকলো নিষ্ঠুৰ
তুমি কোৱা তৰাবোৰেও নিষ্ঠুৰ।
এতিয়া যেন অসম্পূৰ্ণ
আমাক সপোন দেখুওৱা প্ৰেম ।।