অসমী আই
অসমৰ আমি সকলো সন্তান,
আমি সকলো তোমাৰ প্ৰাণ আৰু মান।
অতুলনীয় তোমাৰ সকলো সেৱা,
য’ত লভিছিল জনম গুৰু দুজনা।
তোমাৰ কোলাতে আমি চকু মেলিছিলোঁ,
তোমাৰ হৃদয়তে আমি স্থান পাইছোঁ।
মাটি নাই তোমাৰ দৰে এই ধৰাখনিত,
য’ত ফুল ফুলি থাকে তোমাৰ ভূমিত।
পূব দিশত ভাৰতৰ প্ৰভাটি সূৰ্য্যৰ দেশ
, বিভিন্ন জাতি ধৰ্মৰ আছে মধুৰ সমাৱেশ।
তোমাৰ বুকুত ব্ৰহ্মপুত্ৰ বৈ থাকে,
য’ত লাচিতে তোমাৰ বাবে ৰক্ত বোৱাইছিলে।
গড় হৈছে অসমৰ একমাত্ৰ গৌৰৱ,
সৰু সৰু সন্তানেৰে আমি মানৱ।
শংকৰ, মাধৱৰ স্মৃতিৰে তোমাৰ হৃদয়ত বৰগীত,
কৰিছিল সেই লীলা তোমাৰেই ভূমিত।
আজান ফকীৰে উপচাইছিল জিকিৰৰ সুৰ,
প্রাচীন কালৰ নাম তোমাৰ প্ৰাগজ্যোতিষপুৰ।
অতুলনীয় তোমাৰ ভাষা, সংস্কৃতি,
হিয়া ভুকুৱাই জেৰেঙা পথাৰত কান্দিছিল জয়মতী।
কত বীৰ তোমাৰ বাবে শ্বহীদ হৈছিল,
মণিৰাম, তৰুণ, কুশল আদি তোমাৰ, সন্তান আছিল।
সুৰীয়া মাত তোমাৰ মৰমৰ চৰাই,
তোমাৰ অবিহনে আমাৰ কোনো অস্তিত্ব নাই।
লক্ষ্মীনাথে অসমীয়া সাহিত্যৰ ভেটি দিলে গঢ়াই,
ভূপেন, বিষ্ণু, জ্যোতিয়ে সাহিত্যক নিলে আগ বঢ়াই।
বহু লেখকে তোমাৰ প্ৰশংসা কৰিছিল, লিখি পদ্য,
প্রতিষ্ঠা কৰিছিল চুকাফায়ে আহোমৰ ৰাজ্য।
বিহু তিনিটাৰে তুমি গৌৰৱ কৰা,
সেই উৎসৱৰ সৈতে আছে বহু পৰম্পৰা।
বহাগ বিহুত সকলোৱে হুঁচৰি গাই,
সুৰীয়া মাতেৰে উপচাই দিয়ে কুলি কেতেকী চৰাই।
অতিথিক আদৰি সকলোৱে দিয়ে তামুল, পান,
কৃষি ভূমিত শাওণত সকলোৱে কৱে ধান।
ভাদ মাহত ভকতসৱে নাম, কীর্তন গাই,
গুৰু দুজনাক সকলোৱে প্ৰণিপাত জনাই।
পকী যায় ধান, মাহ পালে কাতি,
তুলসীৰ তলত সকলোৱে জ্বলাই বন্তি।
আঘোণত ধাননিৰ হয় সমাপ্তি,
পথাৰৰ লখিমীক সকলোৱে আনে আদৰি।
মাঘত একেলগে খাই ভোজন ভেলাঘৰ সাজি,
প্রভাতত অন্ধকাৰক নাশিবলৈ জ্বলাই মেজি।
চ’তত আহে এটি ডাঙৰ ধুমুহা,
অসমত জনাজায় বৰদৈচিলা।
মোৰ অসম মহান, মোৰ জন্মভূমি মহান,
হ’ব নোৱাৰে কোনো ঠাই মোৰ অসমৰ সমান।
-নিতিষ্মান দাস
সপ্তম শ্রেণী