অসমী আই – জেফলিন চুলতানা 

Pc Indian holiday Pvt.ltd
অসমী আই 
অসমী আই
তোমাৰ কোলাতে জনম লৈ
বিদেশী বিলাসীতা ভাল নালাগে মোৰ
পাৰা যদি লৈ যোৱা কোলাতে তোমাৰ
হে মোৰ জননী জন্মভূমি
অসমী আই
শেষ বিন্দু তেজ থকালৈকে যুঁজি যাম তোমাৰ বাবে
মহাবীৰ লাচিত বৰফুকনৰ দৰে
মাথোঁ তোমাৰ কোলাতে মোক লৈ যোৱা
মই ভাগৰি পৰিছোঁ অ ……
মোৰ অসমী আই
অসমী আই
অসমৰ লগতে ভাৰতৰ যিমান
বীৰ -বীৰাংগনা আছে
সকলোৱে মিলিজুলি কৰিব তোমাক ৰক্ষা
অপশক্তিৰ পৰা
তোমাক যদি ‌কোনোবাই অপমান কৰে
উঠিব জাগি সকলো অসম তথা ভাৰত সন্তান ।
লক্ষ লক্ষ জনতাৰ পৱিত্ৰ ভূমি তুমি
মোৰ অসমী আই
হে মোৰ অসমী আই
তুমি নাজানিলেও সকলো যে তোমাৰেই সন্তান ।
অসমী আই
বিদেশৰ বিলাসীতাৰ পৰা লৈ যোৱা মোক
ককা আইতাৰ দিনৰ নাঙল আৰু গৰুহাল লৈ
 লাগিলে মই পথাৰলৈ যাম
তথাপিও তোমাৰ বুকুত শুই
মই শেষ নিশ্বাস ত্যাগ কৰিম
মোৰ অসমী আই ।
                      জেফলিন চুলতানা