“অসমীয়া প্ৰতিদিন”ৰ সাংবাদিকক আক্ৰমণ কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰৰ দাবী উত্তৰ পূৱ সাংবাদিক মহাসংঘসহ দল-সংগঠনৰ

Pc- asomiya pratidin

“অসমীয়া প্ৰতিদিন”ৰ সাংবাদিকক আক্ৰমণ কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰৰ দাবী উত্তৰ পূৱ সাংবাদিক মহাসংঘসহ দল-সংগঠনৰ

গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা- অপৰাধীৰ টিঘিল- ঘিলনি বাঢ়িছে অসমত । বৰ দুঃখ জনক । ৰাইজৰ পক্ষত থকা “অসমীয়া প্ৰতিদিন” কাকতৰ জ্যেষ্ঠ সাংবাদিক বনজিৎ ঠাকুৰীয়াক আক্ৰমণ কৰা কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ঠাকুৰীয়াৰ বিৰুদ্ধে লোৱা স্থিতিক নিন্দা কৰিছে উত্তৰ পূৱ সাংবাদিক মহাসংঘৰ সাধাৰণ সম্পাদক নয়নজ্যোতি তালুকদাৰে । সাধাৰণ সম্পাদক তালুকদাৰে আক্ৰমণৰ ঘটনাৰ লগত জড়িত প্ৰতিজন অপৰাধীক অচিৰেই গ্ৰেপ্তাৰ কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবলৈ দাবী জনাইছে । সাংবাদিক বনজিৎ ঠাকুৰীয়াক আক্ৰমণ কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে বহুবাকৰ প্ৰধান সম্পাদক দীপক শৰ্মা, চৰকাৰী পেঞ্চনাৰ সন্থা, অসমৰ সম্পাদক ড: বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য , দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ মদন দাস, অসম শিশু সাহিত্য সমাজ, পৰাগজ্যোতি প্ৰকাশন আদি দল-সংগঠনে । অপৰাধীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহিবলৈ প্ৰতি দল-সংগঠনে দাবী জনাইছে ।