অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিক বনজিত ঠাকুৰীয়াৰ ওপৰত আক্ৰমণঃ গুৱাহাটী প্ৰেছ ক্লাবত প্ৰতিবাদী সভা
ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিক বনজিত ঠাকুৰীয়াই নিশা বাতৰি সংগ্ৰহৰ বাবে যাওতেই আক্ৰমণৰ বলি হোৱা ঘটনাত আজি গভীৰ উদ্দ্যেগ প্ৰকাশ কৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাই৷ গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত মহানগৰীৰ বহু সংখ্যক সাংবাদিক সংবাদকৰ্মী উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক ঠাকুৰীয়াৰ আক্ৰমণকাৰীক ওপৰত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰে৷ লগতে আক্ৰমণৰ সম্মূখীন হোৱা ঠাকুৰীয়াকহে অভিযুক্ত সজাই চানমাৰি আৰক্ষীয়ে পক্ষপাতমূলক আচৰন গ্ৰহণ কৰাক লৈয়ো প্ৰতিবাদী সভাই গভীৰ উদ্দেগ প্ৰকাশ কৰি আৰক্ষীৰ এনে কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দিয়ে৷ আজিৰ সভাই এই সমগ্ৰ ঘটনাটো এক স্মাৰকপত্ৰ যোগে গৃহ বিভাগৰ দায়িত্বত থকা মূখ্যমন্ত্ৰীক অবাগত কৰি তেওঁৰ তাৎক্ষণিক হস্তক্ষেপৰ দাবী জনায়৷ লগতে সাংবাদিকৰ সুৰক্ষাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ সিদ্ধান্তও গ্ৰহণ কৰে৷ উল্লেখযোগ্য যে প্ৰতিবাদী সভাখনত ভাষন প্ৰদান কৰি গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথে জ্যেষ্ঠ সাংবাদিক বনজিত ঠাকুৰীয়াক আক্ৰমণ কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লবলৈ দাবী জনায়৷ এইয়া অকল এজন সাংবাদিকৰ ওপৰত নহয়, সমগ্ৰ সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ বুলি মন্তব্য কৰে৷ অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই কয় যে বনজিত ঠাকুৰীয়াৰ আক্ৰমণৰ ঘটনাটোক লৈ আৰক্ষীয়ে পক্ষপাতমূলক আচৰন গ্ৰহণ কৰিছে৷ আক্ৰমণকাৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ সলনি ওলোটাই নিৰ্যাতিত সাংবাদিক বনজিত ঠাকুৰীয়াইহে জামিন লৈ থানাৰ পৰা আহিবলগীয়া হৈছে৷ এয়া ভয়ংকৰ ভৱিষ্যতৰ ইংগিত বুলি মত পোষণ কৰি মহন্তই কয় যে মূখ্যমন্ত্ৰীয়ে আৰক্ষীক সংস্কাৰৰ বাবে বাৰম্বাৰ নিৰ্দেশ দিছে৷ কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতো আৰক্ষীৰ মাজত ব্যৱধান থাকি গৈছে নেকি বুলিও মহন্তই প্ৰশ্ন উত্থাপন কৰে৷ গুৱাহাটী প্ৰেছ ক্লাবৰ সম্পাদক সঞ্জয় ৰায়ে সাংবাদিকৰ আক্ৰমণ কৰা ঘটনাক গৰিহণা দি কয় ‘সাংবাদিককে কেনেকৈ বাতৰি পৰিৱেশন কৰিব সেয়া এখন থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই কব নোৱাৰে৷ আমি কেনেকৈ বাতৰি সংগ্ৰহ বা পৰিৱেশন কৰিম সেয়া ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ পৰা নিশিকো’৷ জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱজ্যোতি পাঠকে বনজিত ঠাকুৰীয়াৰ ওপৰত চলা আক্ৰমণৰ ঘটনাটোত আৰক্ষীয়ে নিশা এটা স্হিতি আৰু পুৱা আন এটা স্হিতি গ্ৰহণ কৰা বুলি ব্যক্ত কৰে৷ তেওঁ কয় যে আক্ৰমণকাৰীৰ ওপৰত ব্যৱস্থা লোৱাৰ পৰিৱৰ্তে আৰক্ষীয়ে নিৰ্যাতিত ঠাকুৰীয়াকহে আচামী সূলভ আচৰন কৰে৷ আনকি নিশা চানমাৰি কমাৰ্চ কলেজৰ সম্মূখত অগ্নিকাণ্ডৰ সংবাদ সংগ্ৰহৰ বাবে যোৱা ঠাকুৰীয়াইহে কিবা প্ৰশ্ন কৰিছিল বুলি আৰক্ষীয়ে জবাবদিহি কৰে৷ সাংবাদিকে প্ৰশ্নও কৰিব নোৱাৰা পৰিৱেশ সৃষ্টি হোৱাটো অতি ভয়াৱহ বুলি পাঠকে ব্যক্ত কৰে৷ প্ৰতিবাদী সভাত জ্যেষ্ঠ সাংবাদিক দ্বীপেন বায়ন, পাৰ্থ দেৱগোস্বামী, বলদেৱ পাণ্ডে, সন্তোষ আগৰৱালা, ৰাজতিলক বৰ্মন, নিবিড় নিতিশ, পাৰ্থপ্ৰতীম বৰুৱা, সমৰজ্যোতি শৰ্মা, মিতালী কোৱৰ, লগতে ফটো সাংবাদিক চিন্ময় ৰয়, ৰেৱ কুমাৰ বৰা, দিব্যজ্যোতি দাস ৰাভাকে ধৰি বহুসংখ্যক সাংবাদিক- সংবাদ কৰ্মীয়ে সংবাদ কৰ্মী উপস্থিত থাকি সাংবাদিক আক্ৰমণৰ ঘটনাক গৰিহণা দিয়ে৷ ভৱিষ্যতে যাতে সাংবাদিকৰ ওপৰত এনেধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে গৃহ বিভাগৰ দায়িত্বত থকা মূখ্যমন্ত্ৰীক দাবী জনাইছে৷