অসমীয়া তেজাল ডেকা
আব্দুৰ ৰশিদ, বৰপেটা
হে অসমীয়া ডেকা, হে অসমীয়া ডেকা,
জাগ্ৰত হোৱা, জাগ্ৰত হোৱা….
এতিয়া জাগ্ৰত নহলে,
হ’বি আৰু কেতিয়া ?
অসম মাতৃ যে বিপদত
আমি কিয় নিদ্ৰাত ?
হে অসমীয়া ডেকা, হে অসমীয়া ডেকা,
জাগ্ৰত হোৱা, জাগ্ৰত হোৱা …….
পাহৰি গ’লা নেকি ?
লাচিত বৰফুকন,
বাঘ হাজৰিকাৰ কথা ।
কেনেকৈ ৰক্ষা কৰিছিল অসম মাতৃক,
শত্ৰুৰ হাতৰ পৰা?
হে অসমীয়া ডেকা, হে অসমীয়া ডেকা,
জাগ্ৰত হোৱা, জাগ্ৰত হোৱা……
আমিয়েই ৰক্ষা কৰিম
গুৰু জনাৰ ক’লা-কৃষ্টি,
ৰক্ষা কৰিম শংকৰ-আজানৰ ভাতৃত্বভোধ ।
আমিয়েই মাৰ বান্ধি থিয় দিম
অসম বিদ্বেষী শত্ৰুৰ বিৰুদ্ধে ।।
হে অসমীয়া ডেকা,
মনত ৰাখিবা ,
আমিয়েই হিন্দু,
আমিয়েই মুছলমান,
আমিয়েই কৰিম জয় অসম ।
আমিয়েই কৰিম জয় অসম……