অসমীয়া জাতিৰ স্বাভিমানক অপমানৰ অধিকাৰ কোনে দিলে ?- দেবর্ষি গৌতম

অসমীয়া জাতিৰ স্বাভিমানক অপমানৰ অধিকাৰ কোনে দিলে ?

গামোচা অসম আৰু অসমীয়াৰ এক স্বাভিমান। কিছুদিন আগতে ভাৰত চৰকাৰে গামোচাক জি আই টেগ প্ৰদান কৰি গামোচাৰ মৰ্য্যদা আৰু অধিক বৃদ্ধি কৰিছে। অসমৰ প্ৰতিগৰাকী অসমীয়া লোকৰ হৃদয়ত গামোচাৰ বাবে এক সুকীয়া স্থান আছে। অসমীয়া সকলে প্ৰতিটো পবিত্ৰ কামতে গামোচাক এক মৰ্য্যদাপূৰ্ণ স্থান প্ৰদান কৰি আহিছে। অসমত যাতে শিপিনীয়ে হাতে বোৱা থলুৱা গামোচাৰে বজাৰ দখল কৰিব পাৰে তাৰ বাবে বহি ৰাজ্যৰ পৰা অহা পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে অভিযান চলোৱাৰ বাবেও দীৰ্ঘদিন ধৰি দাবী উত্থাপন হৈ আহিছে। এই ক্ষেত্ৰত চৰকাৰী পক্ষৰ পৰাও কিছু সঁহাৰি লাভ কৰা পৰিলক্ষিত হৈছে। কিন্তু গামোচাৰ ক্ষেত্ৰত ইমানবোৰ পদক্ষেপ গ্ৰহণৰ বাবে দাবী উত্থাপন হৈ থকাৰ সময়তে এইখন অসমতে দুটা সম্প্ৰদায়ৰ দুখন গামোচাৰ আধা আধা জোৰা লগাই এখন গামোচা তৈয়াৰ কৰা হৈছে। এই কাৰ্য্যৰ বিৰুদ্ধে অসমৰ চুকে কোনে প্ৰতিবাদৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে। আচলতে এই কাৰ্য্য প্ৰত্যক্ষ কৰাৰ লগে লগে প্ৰতিগৰাকী স্বাভিমানী অসমীয়া লোক ইয়াৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে। অসমীয়া জাতিৰ স্বাভিমান বিকৃত কৰি তৈয়াৰ কৰা গামোচাৰে সম্বৰ্ধনা গ্ৰহণ কৰা চৰকাৰী পক্ষৰ মন্ত্ৰীয়ে বিকৃতকৰণৰ পক্ষে মত পোষণ কৰি কৈছে যে এইয়া দুটা জাতিৰ মাজৰ সমন্বয়ৰ সৃষ্টি কৰাৰ বাবে এক প্ৰয়াস। অসমীয়া জাতিৰ স্বাভিমানক বিসৰ্জন দি কেৱল নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰি ৰাখিবলৈ সম্পূৰ্ণ উদ্দেশ্যপ্ৰাণোদিত ভাবে কৰা এইয়া যে এক সম্পূৰ্ণ ৰাজনৈতিক মন্তব্য তাত কোনো সন্দেহ নাই। ইয়াৰ উপৰিও প্ৰতিষ্ঠিত কেইগৰাকী মান অসমীয়া লোকেও ৰাজনৈতিক মন্তব্যৰ লগত সুৰ মিলাই একে মন্তব্য কৰা দেখা গৈছে। যিয়ে যিমানে এই বিকৃতকণৰক সমন্বয়ৰ প্ৰয়াস বুলি কৈ সুৰক্ষা প্ৰদান কৰিবলৈ চেষ্টা নকৰক লাগিলে, কিন্তু এইয়া যে সম্পূৰ্ণ বিকৃতকণৰক সেইকথা সম্পূৰ্ণ পৰিস্ফুট হৈ সকলোৰে আগত ধৰা দিছে। অসম আৰু অসমীয়াৰ স্বাভিমানক আঘাত কৰা কৰ্মক সমৰ্থন কৰা অসমীয়া লোকসকলৰ এনেকুৱা মন্তব্যৰ বাবে হয়তো সময়ে সময়ে অসমীয়া সকলে অপমানিত হব লগীয়া হৈছে। অনুষ্ঠান অনুষ্ঠিত কৰা লোক সকলে অনুষ্ঠানত এফালে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ফটো আৰু আনফালে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ফটো ৰখা বুলি কৈছে। তেওঁলোকে দুইখন ফটোৰ পৰা আধা আধা জোৰা লগাই সমন্বয়ৰ বাবে এখন ফটো বনোৱা নাই। তেওঁলোকে সমন্বয়ৰ বাবে দুটা সম্প্ৰদায়ৰ দুখন গামোচা ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন তেতিয়া কোনো বিতৰ্ক হোৱাৰ সুৰুঙা নাথাকিলহেঁতেন। যদি দুখন চিৰবৈৰী ৰাষ্ট্ৰৰ ৰাষ্ট্রীয় পতাকা দুখনৰ আধা আধা জোৰা লগাই এখন পতাকা বনোৱা হয় তেনেহলে সেইয়া সমন্বয়ৰ পৰিবৰ্তে ৰাষ্ট্ৰ দুখনৰ মাজত শত্ৰুতাহে বৃদ্ধি কৰিব। যদি অনুষ্ঠানটোত দুটা সম্প্ৰদায়ৰ মাজত সমন্বয়ৰ সেতু গঢ়িবলৈ প্রকৃততে ইচ্ছা থাকিলে হেঁতেন তেনেহলে উদ্যোক্তা সকলে কোনো কাৰণতে এনেধৰণৰ বিতৰ্কিত কাম নকৰিলেহেঁতেন। অসমীয়া জাতিৰ স্বাভিমানক আঘাত হানিব পৰা যিকোনো কাৰ্য্যকে স্বাভিমানী অসমীয়াই যে প্ৰশ্ৰয় নিদিয়ে সেই কথা বৰ্তমান সময়ৰ প্ৰেক্ষাপটত স্পষ্টকৈ প্ৰতিফলিত হৈছে। কেৱল সস্তীয়া জনপ্ৰিয়তা আৰু প্ৰচাৰৰ বাবে যে এই কাম কৰিছে সেই কথা সহজেই অনুমান কৰিব পাৰি। কিন্তু এটা জাতিৰ স্বাভিমানক অপমান কৰি জনপ্ৰিয়তা আৰু প্ৰচাৰ লাভ কৰিবলৈ চেষ্টা কৰা কৰ্ম সচাকৈ নিন্দনীয়। ইয়াৰ বিৰুদ্ধে চৰকাৰ আৰু প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰাটো অতিকৈ প্ৰয়োজনীয়। অন্যথা অসমীয়া জাতিৰ স্বাভিমানক আঘাত কৰিব পৰা এনে কাৰ্য্য কৰিবলৈ আগন্তক দিনত কোনেও কুণ্ঠাবোধ নকৰিব। কেৱল নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে চৰকাৰী পক্ষৰ পৰা যদি এনে বিকৃতকণৰক সমৰ্থন জনোৱা কাৰ্য্য চলি থাকে তেনেহলে সেইয়া অসমীয়া জাতিৰ বাবে দুৰ্ভাগ্য। অসমীয়া জাতিটোৰ সংকটৰ সময়ত যদি কেইগৰাকীমান অসমীয়া লোকে নিজৰ ব্যক্তিস্বাৰ্থ আগত ৰাখি জাতিটোৰ বিৰুদ্ধাচৰণ কৰে তেনে কাৰ্য্য সদায় গৰিহণাৰ যোগ্য। অসমীয়া জাতি আৰু অসমীয়া জাতিৰ কৃষ্টি-সংস্কৃতি জীয়াই ৰাখিবলৈ হলে অসমীয়া লোক সকলে দায়বদ্ধ হব লাগিব। অন্যথা অসমীয়া স্বাভিমানক বিকৃত কৰিবলৈ যদি অসমীয়া লোকসকলে আগভাগ লয় তেনেহলে সেইয়া অসমীয়া জাতিৰ বাবে দুৰ্ভাগ্যজনক।

দেবর্ষি গৌতম
বনগাঁও