অসমীয়া জনজীৱনৰ বিহু সংস্কৃতিত নাৰীৰ অৱদান- প্ৰিয়ম ৰাগিণী

Pc The Janambhumi
অসমীয়া জনজীৱনৰ বিহু সংস্কৃতিত নাৰীৰ অৱদান
প্ৰিয়ম ৰাগিণী
ডিব্ৰুগড় 
ঋতু আহে, ঋতু  যায়।শীত কালত গছ-গছনিৰ পাত-পত্ৰ সৰি লঠঙা হৈ পৰে।ফাগুন চ’তৰ পচোৱাই প্ৰকৃতিৰ সেউজবোৰ কাঢ়ি ধুসৰ তথা ৰুক্ষতাৰ পোচাক এযোৰ পিন্ধাই নঙঠা কৰি পেলায়।এনে বিবস্ত্ৰা ৰূপ প্ৰত্যক্ষ কৰিয়েই হয়তো বসন্ত আহে ধৰালৈ এক স্তত:স্ফূত প্ৰক্ৰিয়াৰে।অচিন দেশৰ পৰা কুলিজনীও আহি কুঁউ বুলি পাতৰ আঁৰত পৰি সুমধুৰ গীত জুৰেহি।অসমীয়া বিহু বলীয়া মানুহে কুলিজনীৰ মাতত বিহুৰ আগজাননী পাই কব নোৱাৰা হৈ পৰে।ঢোল,পেঁপা,গগনা,সুতুলি সাজু কৰি তোলে বিহুত বজাবৰ বাবে।প্ৰকৃতিত নানাৰঙী, তৰহ-তৰহৰ ফুলবোৰ ফুলি জাতিষ্কাৰ হৈ উঠে। ফাগুন-চ’তৰ শেষত সৰু-সৰু জোপোহা সেউজ গছ-বন বোৰ ঠন ধৰি উঠে ক্ৰমে।
       “ব’হাগ মাথোঁ এটি ঋতু নহয়
        নহয় ব’হাগ এটি মাহ
        অসমীয়া জাতিৰ  ই আয়ুস ৰেখা
      গণ জীৱনৰ ই  সাহ”
 ড০ ভূপেন হাজৰিকাই গীতৰ কথাৰেই ব’হাগ মাহৰ কথা সুন্দৰভাবে কৈ গৈছে।ব’হাগ মাহ কেৱল মাত্ৰ এটা ঋতুৱেই নহয়।ই অসমীয়া জনজীৱনৰ মেৰুদণ্ড স্বৰূপ।এখন জীয়া দলিল।যাৰ অবিহনে অসমীয়া জাতি অৰ্থহীণ।
বিহু হৈছে পথাৰৰ সংস্কৃতি।অসমীয়া জাতীয় জীৱনত প্ৰভাৱ বিস্তাৰ কৰা সংস্কৃতিৰ পথাৰখনিৰ অলেখ উৎসৱ পাৰ্বনৰ ভিতৰত বিহু সংস্কৃতি হ’ল অন্যতম।ইতিহাসৰ পাত লুটিয়ালে অনুমান কৰিব পাৰি আজিও এক অনুপম ৰূপত প্ৰতিভাত হৈ আছে অসমীয়া নাৰীয়ে অসমৰ ঐতিহ্য পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযোগ্য ভূমিকাৰ কথা।আদিম কালৰে পৰা সংস্কৃতিৰ পথাৰখনত নাৰীৰ অৱদান উল্লেখনীয়।সমাজ এখনৰ বাবে দাপোণস্বৰূপ হৈছে সেই সমাজখনৰ সংস্কৃতি।এগৰাকী নাৰীক জানিলেহে সেই ঠাইৰ সংস্কৃতিক আৱিস্কাৰ তথা মূলায়ণ কৰাটো সহজলভ্য বুলি ভবা হয়।এগৰাকী নাৰীৰ হাতৰ পৰশত যিদৰে ঘৰ এখনৰ সকলো কথা নিৰ্ভৰ কৰে ঠিক তেনেকৈ নাৰীৰ ওপৰতে সমাজ এখনৰ নৈতিক,সাংস্কৃতিক, উন্নতি-অৱনতিৰ কথাবোৰ নিৰ্ভৰ কৰে।বিহুৰ লগত জড়িত সকলো লোকাচাৰেই নাৰীকেন্দ্ৰিক বুলি কলেও অত্যুক্তি কৰা নহয়।নাৰী পুৰুষৰ পৰস্পৰ, তথা যৌথ প্ৰচেষ্টাৰে যিদৰে সমাজ একোখন চলে ঠিক সেইদৰে বিহু সংস্কৃতিৰ ক্ষেত্ৰতো নাৰীৰ অৱদান অতুলনীয়। বিহু এক কৃষিকেন্দ্ৰিক  সংস্কৃতি তথা উৎসৱ ।অসমীয়া সমাজত পুৰুষৰ সহযোগী হৈ নাৰীয়ে পূৰ্বৰে পৰা সহযোগিতা আগবঢ়াই অহা পৰিলক্ষিত হয়।ফাগুন মাহ সোমোৱাৰ লগে লগে অসমীয়া মানুহৰ মনবোৰ ৰাই-জাই কৰিবলৈ ধৰে আৰু তেতিয়াৰ পৰাই বিহুলৈ বৰ বেছি দিন নাথাকেগৈ।কুলিজনীও কৰ’বাৰপৰা আহি গছৰ ডালত পাতৰ আঁৰত পৰি কুঁউ বুলি সুমধুৰ মাত মতাৰ লগে লগে অসমীয়া জীয়ৰী, বোৱাৰীয়ে কঁকালত টঙালি বান্ধি বিহুৰ বাবে সাজু হয়।
       “তুমি কৰি যাবা ৰোৱনী -দাৱনী
   মই বাই যাম হাল
        তুমি লগাই যাবা বিহুৰে গামোচা
      মইনো পাতি দিম শাল”
অসমীয়া নাৰীয়ে কৃষি কৰ্মৰ পথাৰখনতো অতীজৰেপৰা ৰোৱনী- দাৱনী হৈ পুৰুষক সহযোগিতা আগবঢ়াই আহিছে।পুৰুষে হাল বাই মাটি চহ কৰে আৰু নাৰীসকলে শাওনত  কঁঠীয়া  ৰুই,আঘোনত ধান দাই সহযোগিতা আগবঢ়ায় ।অসমীয়া কৃষিজীৱী মহিলা,গাভৰুসকল তৎপৰ  হৈ পৰে তাঁত এজুতি লগাই ‘বিহুৱান’ নামৰ ‘চেনেহী বস্ত্ৰ’ এখন বৈ উলিয়াবৰ  বাবে।অসমীয়া জনজীৱনৰ তিনিটা বিহু উৎসৱেই কৃষিকেন্দ্ৰিক।কৃষি আৰম্ভণি আৰু কৃষি সামৰণিৰে উৎসৱৰ আয়োজন কৰা অসমীয়াই তিনিওটা বিহু, তিনিটা বিশেষ বিশেষ সময়ত পালন কৰে।কাতি  বা কঙালি বিহু ,মাঘ  বা ভোগালী বিহুৰ তুলনাত ব’হাগ বিহুত ৰঙ ধেমালিৰ পৰিমাণ বেছি বাবে  ব’হাগ বিহু ‘ৰঙালী বিহু’ নামেৰেও জনা যায়।
ব’হাগ বিহু উদযাপন কৰা হয় চ’তৰ শেষৰ সংক্ৰান্তিৰ পৰা ব’হাগৰ সাত দিনলৈকে।এই সাতদিনৰ, সাতবিহুৰ নামো ভিন ভিন।সি যি কি নহওক।বিহুৰ এই দিনবোৰৰ সাগৰ খনিত ডেকা- গাভৰুৰ প্ৰেম প্ৰণয়ৰ সঁচা ছবি এখনৰ পৰিস্ফূৰণ ঘটে। বিহুৰ নামৰ উৎসবত খনিত কেৱল পুৰুষে একো কৰিব নোৱাৰে যদিহে নাৰীৰ সহযোগিতা নাথাকে।
       “আজি বিহু বিহু কালি বিহু বিহু
     নাহৰ ফুল ফুলিবৰ বতৰ
   ফুলপানী ছিগাতে  ঢোলৰ মাত শুনি
      উজুটিত ভাঙি যাওঁ যঁতৰ”
বিহুৰ প্ৰায় এক দেৰমাহ মানৰ আগৰপৰাই অসমীয়া নাৰীয়ে বিহুৰ বাবে প্ৰস্তুতি চলায়।ঘৰ দুৱাৰ গোবৰ মাটিৰে লেপি,মকৰাজাল চফা কৰি বাৰী-ঘৰ নিৰাই চফাকৈ থয়।ঘৰৰ দুৱাৰ খিৰিকিৰ পৰ্দা কাপোৰ বা অন্যান্য কাপোৰ কানি ধুই মেলি চিকিচিকিয়া কৰি থয়।পূৰ্বৰ তুলনাত আজিৰ বিহুৰ প্ৰেক্ষাপট কিছু সলনি হৈছে যদিও বিহুৰ প্ৰস্তুতিৰ বাবে লগা সাজসজ্জা,খাদ্যসম্ভাৰলৈকে একেখিনি আয়োজনেই চলি আহিছে পূৰ্বৰে পৰা।নাচনী এগৰাকীয়ে বিহুত নাচিবৰ বাবে মূগাৰ মেখেলা, ৰিহা,গামখাৰু বোৰ অতিকৈ প্ৰয়োজনীয় সামগ্ৰী। নাচনীয়ে বিহুৰ কিছুদিন আগৰপৰাই এইবিলাক সামগ্ৰী বজাৰৰ পৰা ক্ৰয় কৰি চিলাই মেলি সাজু কৰি লয় ।ব’হাগ বিহুৰ বাবে আটাইতকৈ বেছি প্ৰয়োজনীয় সামগ্ৰী বিধেই হ’ল ‘বিহুৱান’। ‘বিহুৱান’নামৰ এই চেনাই-চেনেহী বস্ত্ৰ’ বিধ  ঘৰতে তাঁতশালত তৈয়াৰ কৰি লবলগীয়া হয়।এই কৰ্মবোৰ কিন্তু বৰ সহজ নহয়।তাঁত এজুতি লগাবৰ বাবে বহুদিনীয়া প্ৰস্তুতিৰ প্ৰয়োজন। তাঁত এজুতি লগাবলৈ এগৰাকী নাৰীয়ে সূতা ক্ৰয় কৰি ঊঘা চেৰেকীত লেটিয়াই কোনোবা নিৰ্দিষ্ট দিন এটি ঠিক কৰি তাঁতজুতি লগায়।এইখিনি কাম সমাপন কৰিবলৈ নাৰীগৰাকীৰ যথেষ্ট কষ্ট স্বীকাৰ কৰিবলগীয়া হয়।দিনৰ দিনটো সূতা তাঁতবাতি কাঢ়ি ৰাঁচ ভৰাই তুলুঠাত অৰাঁলৈ এদিন আৰু তাৰ পাছত দিন ৰাতি একাকাৰ কৰি খিতিৰ খিতিৰ মাকো মাৰি বিহুৱান বৈ উলিয়াই চেনাইধনৰ লগতে জেষ্ঠ, কনিষ্ঠজনক দিয়ে।ই এক অন্য আনন্দ।সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ উৎকৃষ্ট নিদৰ্শন।
    “মৰমৰ দীঘ দি চেনেহৰ বাণি বৈ
              হেঁপাহৰ আঁচুৰে বোৱা  সপোনৰ ফুলেৰে ফুলাম মোৰ বিহুৱান
            মনেদি এবেলি লোৱা”
তাৰোপৰি বিহুলৈ এসপ্তাহ, পোন্ধৰদিন থকাৰ সময়তে ভঁড়ালৰ বৰা ,জহা ধান উলিয়াই,পিঠাপনা ,সান্দহ,হুৰম খুন্দি কিমানযে আয়োজন কৰা হয় ভাবিলেই আচৰিত লাগে।তিলপিঠা,নাৰিকল পিঠা,নাৰিকলৰ লাড়ু,চুজিৰ লাড়ু,গুড়ৰ লাড়ু,তিলৰ লাড়ু,তেলপিঠা,টেকেলিমুখত দিয়া পিঠা,নিমকি ইত্যাদি বিভিন্ন ধৰণৰ তৰহে- তৰহে খাদ্যসম্ভাৰ প্ৰস্তুত কৰে গাঁৱৰ শিপিনী বোৱাৰীয়ে।ইও এক আনন্দ।এই কামবোৰ অকলেও কৰিব পাৰি বা কেতিয়াবা সমজুৱাকৈও কৰি আনন্দ লভা যায়।
বিহুৰ দুদিনমান আগৰে পৰা বাৰীৰ কপৌ, কেতেকী ফুল বিচাৰি চলাথ কৰে নাচনীয়ে।জেতুকা গছৰ জেতুকা পিহি লগায় নখ আৰু হাতত।বৰ্হমথুৰিৰে ওঁঠ ৰঙা কৰাটোও এটা বিহুৰ দস্তুৰেই আছিল এটা সময়ত কিন্তু এতিয়া নাচনীয়ে বৰ্হমথুৰি কি চিনি নাপায় আৰু সহজলভ্যও নহয়।সেয়ে বজাৰৰ লিপষ্টিকে ওঁঠ ৰঙা কৰি বিহু নচাৰ বাদে গত্যন্তৰ নাই।গৰু বিহুৰ আগদিনাখন হালধী ,কেতকুৰি,লাও, বেঙেনা কাটি বাঁহৰ চাটত শিঙি থোৱাৰ দায়িত্ব ফেৰাও যেন নাৰীৰহে। আগদিনাই মাটি মাহ,কেঁচাহালধী তেলৰ লগত মিশ্ৰণ কৰি পিহি বাতিত থৈ দিয়াটোতও নাৰীয়ে সহযোগিতা আগবঢ়োৱাটো  উল্লেখযোগ্য কথা।গৰু বিহুৰ দিনাখন পুৱা সোনকালে শুই উঠি পুৰুষক গৰুবোৰ গোহালিৰ পৰা উলিয়াই পথাৰলৈ খেদি নিবলৈও নাৰীয়ে সহায় কৰি দিয়া দেখা যায়।গৰু বিহুৰ দিনাই সাতশাকী আৰু এশ এবিধ শাক তোলাৰ নিয়ম।ঠায়ে ঠায়ে সমজুৱাকৈ নাৰীসকলে নাম গাই সাতশাকী বুটলে।গৰু গা ধুওৱা লাও বেঙেনাৰ টুকুৰাবোৰৰ লগত সাতশাকী বা এশ এবিধ শাকৰ মিশ্ৰণ কৰি খালে বছৰটোৰ বাবে ৰোগ নিবাৰণ হয় বুলি লোকবিশ্বাস আছে।গৰু বিহুৰ দিনাখন সন্ধিয়া ঘৰলৈ ঘুৰি অহা গৰুক বিচনিৰে বা দি নতুন পঘাৰে বান্ধি গোহালীত চাকি বন্তি জ্বলাই পিঠা খুওৱা নিয়মটোও নাৰীয়ে কৰা দেখা যায়।
কেৱল ব’হাগ বিহুতেই নাৰীৰ সহযোগিতা দেখা যায় এনে নহয়।কৃষিকেন্দ্ৰিক পৰিয়ালত পুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে নাৰী এগৰাকীৰ অপৰিসীম পৰিশ্ৰমৰ পৰিচয় পোৱা যায়।ব’হাগ বিহুৰ পাছতেই কৃষি কৰ্ম আৰম্ভ হয়।জেঠৰ পৰা কঠীয়া পৰা কামবোৰ আৰম্ভ হয়।গ্ৰামাঞ্চলত নাৰীয়ে ধান মৰণা মৰা,ভৰিৰে মৰাৰ পৰা ধান জৰা মেলা কৰি টোমত ভৰাই পানীত পেলোৱালৈকে নাৰীৰ সহযোগিতা সদায় অনস্বীকাৰ্য।কেৱল ব’হাগ বিহুতেই নহয় আন দুটা বিহুতো অসমীয়া নাৰীয়ে পিঠা পনা বনাই এক কৰ্ম নৈপুণ্যতাৰ নিদৰ্শন দাঙি ধৰে।কাতি মাহত কাতি বিহুত পথাৰ চাবলৈ গৈ চাকি বন্তি জ্বলোৱা নিয়মো নাৰীয়ে সমাপন কৰে।আঘোনৰ লখিমি অনা কামৰ পৰা ভঁড়াল ঘৰ সামৰালৈকে নাৰীৰ কথা নিখুত কৰ্মৰ পৰিচয় পোৱা যায়।
সময় সলনি হৈছে।পৰিবেশ সলনি হৈছে।পূৰ্বৰ দৰে নাৰীসকল পথাৰ ঘৰতে ব্যস্ত নাথাকি চৰকাৰী হওক বেচৰকাৰী হওক পুৰুষৰ সমানে সমানে কৰ্মমুখী হৈ চহৰমুখী হৈছে।আৰ্থিক স্বচ্ছলতাই নাৰীক অন্য এখন পৃথিৱীলৈ লৈ গৈছে।তথাপিও বিহু উৎসৱত প্ৰয়োজন সাপেক্ষে  যিখিনি সহযোগিতা আগবঢ়াব পাৰে সেইখিনি সহযোগিতাৰ হাত নাৰীয়ে সদায়ে আগবঢ়ায় আহিছে।আৰু ভৱিষ্যতলৈও সহযোগিতা থাকিব বুলি আশা কৰিব পাৰি।