অসমীয়াৰ  স্বাভিমান গামোচাক অপমান  – লখিমী শৰ্মা

Pc Dainik Agradoot
অসমীয়াৰ  স্বাভিমান গামোচাক অপমান  
গামোচা , অসমীয়া জাতিৰ স্বাভিমান । সেইখনি গামোচাক আজি অপমান । বাৰে বাৰে অসমীয়াৰ স্বাভিমানক আঘাত  । পুনৰ বিতৰ্কত অসমীয়া গামোচা । যি সময়ত গামোচাক মৰ্যাদা প্ৰদানৰ অৰ্থে তথা শিপিনীক উচিত মূল্য দিয়াৰ উদ্দেশ্যৰে ৰাজ্য  চৰকাৰৰ বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আনিছে সেই সময়ত পুনৰ বিতৰ্কত আহি পৰিছে  অসমীয়াৰ স্বাভিমান  গামোচা  । পিছে , এইবাৰ পাৱাৰলুমৰ গামোচা বিক্ৰী বা বহিৰাজ্যৰ গামোচাৰ বাবে নহয় ,, অসমীয়াৰ আৱেগৰ গামোচাখনিক কৰা অপমানৰ বাবে হৈছে বিতৰ্ক  ।
” মালিগাওঁ বাংলা সাহিত্য সভা ” ই  শেহতীয়াকৈ অনুষ্ঠিত কৰা এক সভাত বিকৃত ৰূপত পৰিৱেশন কৰিলে অসমীয়া গামোচাক। অসমীয়া গামোচা আৰু বঙালী গামোচাক একেলগ কৰি উক্ত অনুষ্ঠানটোৱে সমন্বয়ৰ প্ৰতীক বুলি অভিহিত কৰি উপস্থিত থকা অতিথিক পৰিধান কৰিলে এই গামোচা  ।
ইটোৰ পিছত সিটো বিতৰ্কই যেন লগ এৰা নাই অসমীয়াৰ গামোচাক । অসমীয়াৰ মান  –  মৰ্যাদালৈ  ভাবুকি  কঢ়িয়াই অনা এনে অপমান নিশ্চয়কৈ গ্ৰহণযোগ্য নহয় ।
গামোচাক বিকৃত ৰূপত উপস্থাপন কৰাটোয়ে গামোচাৰ মান – মৰ্যাদাক হানি কৰাই নহয় , জাতিটোৰ স্বাভিমান তথা সংস্কৃতিটো  আঘাত  সানিছে  ।
 লখিমী শৰ্মা
 যোৰহাট