অসমীয়াৰ চেনেহৰ বিহুটিয়ে গঢ়িলে বিশ্ব অভিলেখ

অসমীয়াৰ চেনেহৰ বিহুটিয়ে গঢ়িলে বিশ্ব অভিলেখ

ৰঙিলী বাৰ্ত্তাসেৱা-  বিহু মানেই অসমীয়াৰ পৰিচয়, অসমীয়াৰ স্বাভিমান। ৰঙালী বিহুৰ সময়ছোৱাতে অসমীয়া জাতিৰ দীৰ্ঘদিনীয়া আন এটা আকাংক্ষা পুৰণ হ’ল। বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ’ল অসমীয়াৰ হিয়াৰ আমঠু বিহুনৃত্য। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ একান্ত প্রচেষ্টাত বিহুৱে গীনিজ বিশ্ব ৰেকৰ্ডত নিজৰ নাম সন্নিবিষ্ট কৰি বিশ্ব বিজয় কৰিলে।  সৰুসজাই ক্রীড়া প্ৰকল্পত এক ইতিহাস  ক্ষণৰ সাক্ষী হৈ ৰ’ল অসমবাসী। বিহুনৃত্য আৰু ঢোলবাদনেৰে দুটাকৈ শাখাত গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত নাম সন্নিবিষ্ট হ’ল অসমৰ ।এখন বাকৰিত আয়োজিত সর্ববৃহৎ বিহুনৃত্য পৰিৱেশন আৰু লোকবাদ্যৰ সৰ্ববৃহৎ সমাৱেশৰ বিশ্ব অভিলেখেৰে গীনিজ বিশ্ব ৰেকৰ্ডত সোণালী আখৰেৰে অসমৰ নাম খোদিত হ’ল। অসম চৰকাৰৰ উদ্যোগত আয়োজিত এক বর্ণাঢ্য অনুষ্ঠানত গীনিজ বিশ্ব ৰেকৰ্ডৰ প্ৰতিনিধিৰ উপস্থিতিত এই অভিলেখ সম্পন্ন হয়। ১৫ মিনিট জুৰি ১১,৩০৪ গৰাকী বিহুৱা আৰু বিহুৱতীয়ে নৃত্য প্ৰদৰ্শন কৰি এই অভিলেখ ৰচনা কৰে। ইয়াৰ পিছতে ২,৫৪৮ গৰাকী ঢুলীয়াৰ ঢোলবাদনৰ লগতে তিনি সহস্রাধিক বিহুৱাই পেঁপা, গগনা, টোকা বজাই দ্বিতীয়টো বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়। সন্ধিয়া প্ৰায় ৫.৪৫ বজাৰ লগে লগে এখন বাকৰিত আয়োজিত সর্ববৃহৎ বিহুনৃত্য পৰিৱেশনৰ ৰেকৰ্ডৰ বাবে বিহুনৃত্য আৰম্ভ হয়। ঠিক ৬ বজাৰ লগে লগে এই বিহুনৃত্যৰ সামৰণি পৰে। ইয়াৰ কিছু সময়ৰ পিছতে সন্ধিয়া ৬ বাজি ৫৮ মিনিটত সর্ববৃহৎ লোকবাদ্যৰ অভিলেখৰ বাবে বিহুৱা সকলে ঢোল, পেঁপা, গগনা, টোকা বজাই বিশ্ব অভিলেখৰ বাবে অনুষ্ঠান আৰম্ভ কৰে। ৭ বাজি ৫ বজাত এই অনুষ্ঠানৰ সামৰণি পৰে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ তত্ত্বাবধায়কৰ তথ্যৰ ভিত্তিত দুয়োটা শাখাতে অসমে অভিলেখ ৰচনা কৰা বুলি আনুষ্ঠানিকভাবে ঘোষণা কৰে।  বিশ্ব অভিলেখৰ বাবে আয়োজন কৰা অনুষ্ঠানে সঁচা অৰ্থত উপস্থিত সকলোকে মন্ত্রমুগ্ধ কৰি তোলে। সৰুসজাই ক্রীড়া প্ৰকল্পৰ খেলপথাৰত ১১,৩০৪গৰাকী নাচনীয়ে বিভিন্ন ৰঙৰ মেখেলা চাদৰ পৰিধান কৰি পৰম্পৰাগত বিহুনৃত্যৰ সাজ-সজ্জাৰে পৰিৱেশন কৰা দৃশ্য আছিল মন জুৰোৱা। একে সময়তে ক্রীড়া প্ৰকল্পৰ গেলেৰীত শাৰী শাৰীকৈ বজোৱা ঢোল, পেঁপা, গগনাৰ শব্দয়ো সমগ্ৰ অঞ্চলটোৰ পৰিৱেশ মুখৰিত কৰি তোলে। এই অনুষ্ঠান উপভোগ কৰাৰ বাবে দুপৰীয়াৰ ভাগৰ পৰাই ক্রীড়া প্ৰকল্পলৈ হাজাৰ হাজাৰ দৰ্শকৰ আগমন ঘটে। এই ঐতিহ্যমণ্ডিত ক্ষণৰ সাক্ষী হৈ ৰ’বলৈ মহানগৰীৰ লগতে দূৰ-দূৰণিৰ পৰা অহা দর্শকেও ভিৰ কৰা পৰিলক্ষিত হয়। এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলাৰ বাবে বিয়লিৰ পৰাই ষ্টেডিয়ামত উপস্থিত থকা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিজেই সমগ্র অনুষ্ঠানটো তত্ত্বাৱধান কৰে। তেওঁৰ লগতে সাংস্কৃতিক মন্ত্রী বিমল বৰাৰ উপৰি মন্ত্ৰীসভাৰ বহুকেইগৰাকী সদস্য, সাংসদ, বিধায়কসকলেও অনুষ্ঠান উপভোগ কৰে। কেৱল দর্শকেই নহয়, বিহুনৃত্যৰ এই বৰ্ণিল অনুষ্ঠান উপভোগ কৰি মন্ত্ৰমুগ্ধ হৈ পৰে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ তত্ত্বাবধায়ক (এডজুডিকেট) ঋষি নাথ। তেওঁ অনুষ্ঠানৰ সমাপ্তিৰ লগে লগে কয় যে এয়া আছিল মন্ত্রমুগ্ধকৰ অনুষ্ঠান। এই অনুষ্ঠান অত্যন্ত আকর্ষণীয় আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে আজি পর্যন্ত তেওঁ দেখা অনুষ্ঠানসমূহৰ ভিতৰত এয়া আছিল সবাতোকৈ আকর্ষণীয় অনুষ্ঠান।  গীনিজ বিশ্ব ৰেকর্ড কর্তৃপক্ষই আনুষ্ঠানিকভাবে প্রধানমন্ত্রী মোদীৰ উপস্থিতিত ইয়াৰ প্ৰমাণ পত্ৰ অসম চৰকাৰক অৰ্পণ কৰিব। উল্লেখ্য যে প্ৰায় এমাহ পূৰ্বৰে পৰা বিশ্ব ৰেকৰ্ডৰ এই অনুষ্ঠানৰ বাবে ৰাজ্য চৰকাৰৰ উদ্যোগৰ প্ৰস্তুতি আৰম্ভ হৈছিল। এই অনুষ্ঠান সাফল্যমণ্ডিত কৰি তোলাটো ৰাজ্য চৰকাৰখনৰ বাবে ইমান সহজ নাছিল। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা পাকৈত বিহুৱা বিহুৱতীক নিৰ্বাচিত কৰাৰ পৰা আৰম্ভ কৰি প্ৰশিক্ষণলৈকে সকলোতে আছিল প্ৰত্যাহ্বান। কিন্তু এই প্রত্যাহান নেওচি বিশ্ববাসীৰ সন্মুখত বিহুনৃত্যক চিনাকি কৰাই দিয়াৰ বাবে অসম চৰকাৰ ব্যস্ত হৈ পৰিছিল। ইয়াৰ অংশ হিচাপে ৰাজ্যৰ বিহু বিশেষজ্ঞসকলৰ তত্ত্বাৱধানত বিহুৱা-বিহুৱতী নিৰ্বাচনৰ কাম আৰম্ভ কৰাৰ লগতে পৰিৱেশন কৰা বিহুনৃত্যৰ আৰ্হি প্ৰস্তুত কৰা হৈছিল। বিশিষ্ট বিহুৱা ৰঞ্জিত গগৈ, বিশিষ্ট বিহুৱতী মাধুৰীমা চৌধুৰীকে ধৰি জ্যেষ্ঠ বিহু বিশেষজ্ঞৰ তত্ত্বাৱধানত বিহুৱা-বিহুৱতী নিৰ্বাচনৰ কাম আৰম্ভ কৰা হয়। প্ৰথমে মাষ্টাৰ ট্ৰেইনাৰ বা মূল প্রশিক্ষক নির্বাচন কৰি গুৱাহাটীত তেওঁলোকক প্ৰশিক্ষণ দিয়া হয়। ইয়াৰ পিছত জিলা পৰ্যায়ত নির্বাচিত বিহুৱা বিহুৱতীসকলক মাষ্টাৰ ট্ৰেইনাৰসকলে এই অনুষ্ঠানৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰে। যোৱা তিনি দিন ধৰি গুৱাহাটীৰ সৰুসজাইত সকলো বিহুৱা বিহুৱতীৰ অংশগ্ৰহণেৰে বিশ্ব অভিলেখৰ বাবে চূড়ান্ত অনুশীলন কৰা হয়। এক দীঘলীয়া প্ৰক্ৰিয়াৰ অন্তত সফলতাৰে বিহুনৃত্যই বিশ্ব অভিলেখ গঢ়াই নহয়, বিশ্বৰ বুকুত নিজৰ সুকীয়া পৰিচয় পুনৰ এবাৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ল।