অসমীয়া সাহিত্য পূৰ্ৱৰ তুলনাত বৰ্তমানৰ গতিশীলতা
লক্ষীনন্দন কলিতা
আধুনিক অসমীয়া সাহিত্যৰ কথন তথা লিখনশৈলীৰ ওপৰত বৰ্তমান প্ৰেক্ষাপটত ৰচিত হোৱা কবিতা,গল্প, উপন্যাস আদিত কিছু ব্যতিক্ৰমতা পৰিলক্ষিত হয়। বৰ্তমান প্ৰেক্ষাপটত অসমীয়া সাহিত্যৰ প্ৰকাশভঙ্গী আৰু ইয়াৰ ভাবধাৰা কিছু আধুনিক হোৱা দেখা গৈছে। অসমীয়া উপন্যাসৰ কথাৰ পৰা আৰম্ভ কৰি কবিৰ কাপেৰে নিগৰা প্ৰতিটো কবিতাৰ শাৰীত ব্যৱহৃত শব্দও যেন এক আধুনিকতা তথা সস্তীয়া জনপ্ৰিয়তাৰ প্ৰবাল সোঁত বোৱা দেখিবলৈ পোৱা যায় ।
বৰ্তমান সময়ত অসমীয়া সাহিত্যত সমকালীন সমাজ-বাস্তৱতা, ৰাজনৈতিক চেতনা, পৰিৱেশৰ সমস্যা, নাৰী-অধিকাৰ আদি বিষয়ক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে। চচিয়েল মিডিয়াত এই সমূহ বিষয় প্ৰচাৰত পাঠক তথা লেখকে অধিক গুৰুত্ব দিয়ে । নবীন কবি-লেখকে নিজৰ অনুভৱ আৰু সপোনবোৰক আধুনিক প্ৰকাশভঙ্গীৰে প্ৰকাশ কৰিছে। সমাজ হৈছে বহু ব্যক্তিৰ সমষ্টি। সেয়ে সমাজৰ গঠন আৰু গতি নিৰ্ভৰ কৰে ব্যক্তিসকলৰ চিন্তা-ভাবনা, আচৰণ আৰু নৈতিক মূল্যবোধৰ ওপৰত। এজন মানুহ যদি নিজৰ মন-মানসিকতা পৱিত্ৰ, সৎ আৰু দায়িত্বশীল কৰি ৰাখে, তেন্তে সেই গুণসমূহে কেৱল তেওঁৰ ব্যক্তিগত জীৱনকেই নহয়, সমাজখনকো ইতিবাচকভাৱে প্ৰভাৱিত কৰে।
যেতিয়া এজন ব্যক্তিয়ে মিছা নকয়, অন্যায় নকৰে, আৰু আনৰ অধিকাৰ সন্মান কৰে, তেতিয়া তেওঁ সমাজত এটা সুস্থ উদাহৰণ স্থাপন কৰে। আন মানুহেও তাৰ পৰা প্ৰেৰণা লাভ কৰি সৎ পথ অনুসৰণ কৰিবলৈ উৎসাহিত হয়। এই কথা “আগতে নিজে নিকা হ” নামৰ কবিতাটোত স্পষ্টকৈ উল্লেখ কৰা হৈছে। অসমীয়া কবিতাৰ বৰ্তমান প্ৰকাশভঙ্গী আগৰ তুলনাত অধিক বৈচিত্ৰ্যময়, স্বতন্ত্ৰ আৰু পৰীক্ষামূলক। আধুনিক আৰু উত্তৰ-আধুনিক ধাৰাৰ প্ৰভাৱত কবিসকলে নতুন ভাষা, ৰূপ আৰু দৃষ্টিভংগীৰে কবিতা লিখিবলৈ আৰম্ভ কৰিছে । বৰ্তমান সময়ত অধিকাংশ কবিয়ে ছন্দ-নিয়মৰ বন্ধনৰ পৰা মুক্ত হৈ মুক্তছন্দ আৰু গদ্য-কবিতা ব্যৱহাৰ কৰে। ইয়াৰ ফলত ভাব-প্ৰকাশ অধিক স্বাভাৱিক আৰু ব্যক্তিগত হয়। যাৰ ফলস্বৰুপে পাঠকে পৌৰাণিক কবিতাৰ সোৱাদ হেৰুৱায় ।আজিৰ কবিতাত কবিৰ নিঃসঙ্গতা, স্বপ্ন, হতাশা, আশা-আকাংক্ষা আদি গভীৰভাৱে প্ৰকাশ পায়। হীৰেন ভট্টাচাৰ্য আৰু নীলমণি ফুকন আদি কবিৰ সৃষ্টি এই দিশত ঊল্লেখযোগ্য।আধুনিক কবিতাত প্ৰতীক আৰু চিত্ৰকল্পৰ ব্যৱহাৰ বেছি দেখা যায়। শব্দৰ মাজেৰে গভীৰ অৰ্থ প্ৰকাশ কৰা আজিৰ কবিতাৰ এক বিশেষ লক্ষণ। ইয়াৰো কিছুমান সাদৃশ্য আছে । আগৰ কবিতাত পদ্যছন্দ, অন্ত্যমিল, অলংকাৰ আদিৰ নিয়ম মানি লিখা হৈছিল। বৰ্তমানে মুক্তছন্দ, গদ্য-কবিতা, পৰীক্ষামূলক গঠন বেছি দেখা যায়।পূৰ্বে ভাষা আছিল সংস্কৃতপ্ৰধান আৰু গাম্ভীৰ্যময়।এতিয়া ভাষা অধিক সৰল, কথ্যভঙ্গীৰ আৰু বাস্তৱমুখী। ইংৰাজী বা অন্য ভাষাৰ শব্দৰো প্ৰভাৱ দেখা যায়। সমষ্টিগত চিন্তা আৰু জাতীয় চেতনাই মুখ্য আছিল বৰ্তমান সময়ত ব্যক্তিগত সত্তা, অন্তৰ্মুখী চিন্তা আৰু স্বাধীন অভিব্যক্তি অধিক গুৰুত্ব পায়।
বৰ্তমান প্ৰেক্ষাপটত অসমীয়া সাহিত্যৰ সস্তীয়া জনপ্ৰিয়তাৰ প্ৰভাৱ পৰা দেখা গৈছে ।
বৰ্তমান সময়ত সামাজিক মাধ্যম, অনলাইন প্লেটফৰ্ম আৰু বজাৰমুখী প্ৰকাশন ব্যৱস্থাৰ প্ৰভাৱত অসমীয়া সাহিত্যত “সস্তীয়া জনপ্ৰিয়তা”ৰ ধাৰা বৃদ্ধি পাইছে। ইয়াক যদি আমি ইতিবাচক আৰু নেতিবাচক দুটা দিশৰ পৰা চাবলৈ যাওঁ তেন্তে এক কথাত ক’ব লাগিব যে পাঠকৰ বৃদ্ধি হৈছে । যিহেতু ফেচবুক, ইন্টাৰনেছনেট আদিৰ জৰিয়তে সাহিত্যৰ প্ৰচাৰ, প্ৰসাৰ নতুন প্ৰজন্মৰ মাজত বিয়পি পৰিছে যাৰ ফলস্বৰুপে যুৱ লেখকসকলক এই দিশৰ প্ৰতি আগ্ৰহী হৈ পৰিছে । বজাৰমুখী হোৱাত প্ৰকাশন গোষ্ঠীৰ সংখ্যা বৃদ্ধি পাইছে। যাৰ ফলত বিভিন্ন গ্ৰন্থ প্ৰকাশৰ সুযোগে বহু নবীন লেখকক আগবাঢ়িবলৈ সাহস প্ৰদান কৰিছে। কিন্তু ইয়াক ভালকৈ চালি-জাৰি চালে নেতিবাচক প্ৰভাৱো দেখিবলৈ পাম। বৰ্তমান সাহিত্য লেখন শৈলীত তৎক্ষণাত জনপ্ৰিয়তা লাভৰ লোভত কেতিয়াবা গভীৰ চিন্তা-মননৰ অভাৱ দেখিবলৈ পোৱা যায়। লগতে অধিক বিক্ৰী হোৱাৰ স্বাৰ্থত সাহিত্যক শিল্পৰ পৰা সামগ্ৰী ৰূপে কিছু ক্ষেত্ৰত প্ৰকাশ কৰা দেখা গৈছে । বিক্ৰী আৰু “লাইক-শ্বেয়াৰ”ই মূল্যায়নৰ যেতিয়া লক্ষ্য হৈ পৰে তেতিয়া সেই লেখাই পাঠকক আকৰ্ষিত কৰিব নোৱাৰে বা কোনো হিতৈষী লাভজনক জ্ঞান দিয়াত ব্যৰ্থ হয়। সস্তীয়া জনপ্ৰিয়তা অধিকাংশ ক্ষেত্ৰত ক্ষণস্থায়ী; কালজয়ী সাহিত্য সৃষ্টিৰ বাবে ধৈৰ্য আৰু সাধনা একান্তই প্ৰয়োজন।
মই ক’বলৈ যোৱা নাই যে সস্তীয়া জনপ্ৰিয়তাই মানুহক বেয়া কৰে । কিয়নো পাঠকৰ সঁহাৰি নাপালে লেখকে কোনো লেখা যুগুত কৰাত ব্যৰ্থ হ’ব। কিন্তু সেই জনপ্ৰিয়তাৰ বাবে সাহিত্যৰ বাটচঁৰাখনৰ অপকাৰ হ’ব নালাগে। জনপ্ৰিয়তা সম্পূৰ্ণৰূপে ক্ষতিকাৰক নহয়,এইয়াও মই বাৰে বাৰে কম । ই পাঠক-লেখকৰ মাজত সংযোগ বৃদ্ধি কৰে। কিন্তু যদি সাহিত্যৰ মূল উদ্দেশ্য—সৌন্দৰ্যবোধ, মানৱীয়তা আৰু সমাজ-সচেতনতাক অৱহেলা কৰা হয়, তেন্তে সাহিত্যৰ গভীৰতা হ্ৰাস পায়।
