অসমীয়া সাহিত্যৰ সাম্প্ৰতিক গতিধাৰা – কুণ্ডিল হাজৰিকা

Pc Ki Hikila

অসমীয়া সাহিত্যৰ সাম্প্ৰতিক গতিধাৰা

কুণ্ডিল হাজৰিকা
যোৰহাট, টীয়ক

ভাষা আৰু সাহিত্য একোটা জাতিৰ মেৰুদণ্ড স্বৰূপ। অসমীয়া সাহিত্যৰ ইতিহাস অতি প্ৰাচীন আৰু চহকী হ’লেও সাম্প্ৰতিক সময়ত নতুন দিগন্তৰ সূচনা কৰিছে। আধুনিক বিশ্বায়নৰ প্ৰভাৱত আমাৰ ভাষা-সাহিত্যৰ পৰিসৰ কেৱল ছপা মাধ্যমতে আৱদ্ধ হৈ থকা নাই, ই ডিজিটেল জগতখনলৈকো বিস্তৃত হৈছে। সাম্প্ৰতিক সময়ৰ অসমীয়া সাহিত্যৰ আটাইতকৈ উল্লেখনীয় দিশটো হ’ল বিষয়বস্তুৰ বৈচিত্ৰ্য। পূৰ্বৰ দৰে কেৱল গাঁৱলীয়া জীৱন বা প্ৰেমৰ আৱেগতে আৱদ্ধ নাথাকি বৰ্তমানৰ লিখকসকলে মনস্তাত্ত্বিক বিশ্লেষণ, গোলকীয় সমস্যা, পৰিৱেশ তন্ত্ৰৰ অৱক্ষয় আৰু বিজ্ঞানমনস্কতাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহক সাহিত্যৰ মাজেৰে তুলি ধৰিবলৈ চেষ্টা কৰিছে। বিশেষকৈ অসমীয়া চুটিগল্প আৰু কবিতাৰ ক্ষেত্ৰত এক প্ৰকাৰৰ শৈলীগত পৰীক্ষা-নিৰীক্ষা চলি থকা দেখা গৈছে।

অৱশ্যে সাহিত্যৰ এই জয়যাত্ৰাৰ মাজতো কিছুমান প্ৰত্যাহ্বান স্পষ্ট হৈ পৰিছে। ডিজিটেল মাধ্যমৰ সহজলভ্যতাৰ বাবে আজি সকলোৱে লিখিব পৰা এক পৰিৱেশ সৃষ্টি হৈছে, যিটো আশাব্যঞ্জক; কিন্তু ইয়াৰ লগে লগে সাহিত্যৰ গুণগত মান বা মানদণ্ড ৰক্ষাৰ ক্ষেত্ৰত এক প্ৰশ্নবোধক চিহ্নৰো সৃষ্টি হৈছে। কেৱল শব্দৰ জঁট লগাই লিখিলেই সেয়া উচ্চ মানৰ সাহিত্য হ’ব নোৱাৰে। এগৰাকী সচেতন লিখকৰ বাবে ভাষাৰ শুদ্ধতা, শব্দৰ সঠিক প্ৰয়োগ আৰু গভীৰ অধ্যয়নৰ একান্ত প্ৰয়োজন। আজিৰ যান্ত্ৰিক যুগত মানুহৰ পঢ়াৰ অভ্যাস কমি অহা বুলি এটা অভিযোগ উত্থাপন হয় যদিও ই-আলোচনী আৰু সামাজিক মাধ্যমৰ জৰিয়তে নবীন প্ৰজন্মই সাহিত্য চৰ্চাৰ যি এক নতুন মঞ্চ বিচাৰি পাইছে, সি অসমীয়া সাহিত্যৰ ভৱিষ্যতৰ বাবে এক শুভ লক্ষণ।

সামৰণিত ক’ব পাৰি যে যুগৰ পৰিৱৰ্তনৰ লগে লগে সাহিত্যৰ ৰূপ সলনি হোৱাটো স্বাভাৱিক। কিন্তু আমাৰ মৌলিক চিন্তা আৰু জাতীয় চেতনা অক্ষুণ্ণ ৰাখি বিশ্ব সাহিত্যৰ সমান্তৰালভাৱে অসমীয়া সাহিত্যক আগুৱাই নিবলৈ হ’লে লিখক আৰু পাঠক উভয়ৰে দায়িত্ব অপৰিসীম। সমাজৰ প্ৰতি থকা দায়বদ্ধতা আৰু কলাত্মক নিষ্ঠাইহে আমাৰ সাহিত্যক এক চিৰন্তন মৰ্যাদা প্ৰদান কৰিব পাৰিব।