অসমীয়া সাহিত্যাকাশৰ এক উজ্বল নক্ষত্ৰ “লম্বোদৰ বৰা” – পংকজ দাস

Pc Amazon

অসমীয়া সাহিত্যাকাশৰ এক উজ্বল নক্ষত্ৰ “লম্বোদৰ বৰা”                    

 পংকজ দাস ,গহপুৰ
ব্ৰহ্মাজান

অসমীয়া সাহিত্যৰ জোনাকী যুগৰ এগৰাকী প্ৰসিদ্ধ লেখক লম্বোদৰ বৰা ।তেখেত আধুনিক অসমীয়া সাহিত্যক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা ব্যক্তি সকলৰ ভিতৰত অন্যতম। এনে এজন মহান ব্যক্তিৰ জন্ম হৈছিল তেতিয়া দৰং জিলাৰ বৰ্তমান বিশ্বনাথ জিলাৰ গমিৰি মৌজাৰ বটকাগড় বা থালিপোকৰীয়া নামে এখন গাঁৱত।  এই  থালিপোকৰীয়া গাঁৱত ৰজাদিনীয়া এটা  পুখুৰী আছিল। পুখুৰীটোৰ তলিখন কাঁহি বা থালি এখনৰ নিচিনা। সেইকাৰণে পুখুৰীটোৰ নাম থালিপোকৰীয়া হ’ল। পিছলৈ এই পুখুৰীটো নাম মুখ বাগৰি বাগৰি গাঁৱখনৰ নাম থালিপুখুৰী হ’ল । বর্তমান এই গাঁওখন গৰাখহনীয়াত  ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ’ল। বান-খহনীয়াৰ বাবে সেই গাঁৱৰ বাসিন্দাসকল তেতিয়াই পূব ব্রহ্মাজান অঞ্চললৈ উঠি আহি ‘থালি পুখুৰী পাম’ নামেৰে এখন নতুন গাঁও হাবি কাটি প্রতিষ্ঠা কৰে। উল্লেখযোগ্য যে বর্তমান এই থালি পুখুৰী গাঁৱত লম্বোদৰ বৰাৰ স্মৃতিত ৰাইজে “লম্বোদৰ বৰা ৰঙ্গমঞ্চ আৰু পুথিভড়াল” নামেৰে এক অনুষ্ঠান প্ৰতিষ্ঠা কৰি তেওঁৰ নামত ব্যংগ একাংক নাট প্রতিযোগিতাৰ পাতনি মেলা লগতে বিভিন্ন অনুষ্ঠান আয়োজন কৰি আহিছে। এই “থালিপোকৰীয়া”  গাঁৱতে ১৮৬০ চনত বৃকোদৰ পাঠক আৰু কিৰন্ময়ী পাঠকৰ ঐৰসত লম্বোদৰ বৰাৰ জন্ম হয়। লম্বোদৰ বৰা তিনিজন ককাই-ভাইৰ ভিতৰত তেওঁ আছিল জেষ্ঠ পুত্ৰ । বাকী দুজন হ’ল মোহোধৰ বৰা আৰু হলিৰাম বৰা। তেওঁ সৰুৰে পৰাই শান্ত আৰু নিৰ্জু প্ৰকৃতিৰ আৰু স্মৃতিশক্তি প্ৰখৰ আছিল। তেওঁ সময়ত পঢ়াশালি খুব কম থকা কাৰণে দেউতাকে ঘৰতে  লিখা-পঢ়া, যুক্তাক্ষৰ, অংক নেওঁতা শিকাইছিল। ঠিক সেইসময়তে ১৮৭২ চনত গমিৰিত এখন পঢ়াশালি স্থাপন হয় তেওঁ তাতেই বাৰ বছৰ বয়সত বাঞ্চাৰাম বৰুৱা ওচৰত স্কুলীয়া শিক্ষাৰ আৰম্ভ কৰে।‌১৮৭৭চনত তেজপুৰৰ মজলীয়া বিদ্যালয়ৰ পৰা ছাত্ৰ বৃত্তি পৰীক্ষা উত্তীৰ্ণ হয় আৰু তেজপুৰ চৰকাৰী হাইস্কুলৰ পৰা ১৮৮২ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়৷ পৰৱৰ্তী সময়ত তেখেতে কলিকতাৰ মেট্ৰোপলিটীন ইনষ্টিটিউট ( বিদ্যাসাগৰ) কলেজৰ পৰা আই.এ আৰু ১৮৮৫ চনত বি.এ পাছ কৰে। তেতিয়া তেওঁ দৰং জিলাৰ ভিতৰত প্ৰথম আৰু অসমৰ ভিতৰতে চৰ্তুথ বি.এ।আনুষ্ঠানিক শিক্ষা সমাপ্ত হোৱাৰ পাছতে তেখেতে  নগা পাহাৰৰ “কহিমা গৱৰ্ণমেণ্ট হাইস্কুল”ৰ প্ৰধান শিক্ষক পদত যোগদান কৰি কৰ্মজীৱনৰ পাতনি মেলে৷ দুবছৰ তেওঁ সেই পদতে কাৰ্যনিৰ্বাহ কৰাৰ পাছত পুনৰ কলিকতালৈ গৈ “কলিকতা প্ৰেচিডেন্সি”  কলেজৰ পৰা আইনৰ শিক্ষা গ্ৰহণ কৰে আৰু বি.এল. ডিগ্ৰী লাভ কৰি তেজপুৰলৈ আহি আইনজ্ঞ ৰূপে অধিষ্ঠিত হয়৷ তেওঁ দৰং জিলাৰ ভিতৰত প্ৰথম আৰু সেই সময়ত তেজপুৰত প্ৰথম অসমীয়া আইনজীৱী আছিল।

লম্বোদৰ বৰাই বিদ্যালয়ত পঢ়ি থকা  এঘাৰ  বছৰ বয়সৰ পৰাই সাহিত্য-চৰ্চা আৰম্ভ কৰিছিল৷ সেই সময়ত অসমীয়া সমাজক যি ৰক্ষণশীলতা , ভণ্ডামীয়ে চানি ধৰিছিল সেইটোৱেই লম্বোদৰ বৰা দেৱক বাৰুকৈয়ে স্পৰ্শ কৰিছিল। সেই সমাজ ব্যৱস্থা উদঙাই দেখুৱাই বিপন্ন অসমীয়া সাহিত্য সংস্কৃতি উন্নতি সাধন কৰিবলৈকে ” আসাম বন্ধু”ত  ’সদানন্দৰ কলা ঘূমটি’, ’সদানন্দ নতুন অভিধান’ নামৰ প্ৰবন্ধ লিখি অসমীয়া সমাজৰ চেতনা জগাই তুলিছিল। ইয়াৰ উপৰিও তেখেতে ছাত্ৰ জীৱনতেই অসমীয়া বাতৰি কাকত, অসমীয়া আলোচনীত প্ৰৱন্ধ লিখিছিল। তেওঁ ” অৰুনোদয়”, “আসাম বিলাসিনী”, ” আসাম বন্ধু” কাকতৰ নিয়মীয়া লিখক আছিল।১৮৮২-১৮৮৫ চনৰ হেমচন্দ্ৰ বৰুৱাৰ সম্পাদনাত প্ৰকাশিত “আসাম নিউজ” কাকতত বহুতো মূল্যবান প্ৰৱন্ধ আগবঢ়ায়।বিশেষকৈ “দৰং জিলাৰ বেগাৰ ধৰা প্ৰথা” নামৰ প্ৰবন্ধটিৰ কেইবা সংখ্যাতো প্রকাশিত হয়। ১৮৮৫-১৮৮৬ চনত”আসাম বন্ধু”  কাকতত লম্বোদৰ বৰাই এজন ব্যঙ্গ সাহিত্যিক ৰূপে ভুমুকি মাৰে। “সদানন্দ” ছদ্ম নামেৰে তেওঁ বহুতো ব্যংগ ৰচনা কৰিছিল। “সদানন্দৰ কলাঘুমটি, ‘সদানন্দৰ সানমিহলি টোকা,’ ‘সদানন্দৰ সমাচাৰ’ নামেৰে দুটা প্ৰবন্ধ আৰু সদানন্দৰ নতুন অভিধান লিখি তোলপাৰ লগাইছিল। অসমীয়া মানুহৰ ভণ্ডামি তেওঁ এই ৰচনাসমূহৰ মাজেৰে সমালোচনা কৰিছিল। তেওঁ ব্যংগ কৰি নিজৰ নামটোও “স্যাদানেণ্ড” বুলি লিখিছিল। “মত্তমাতঙ্গিনী বৰুৱা দেৱী সুন্দৰী” জোনাকী কাকতত দ্বিতীয় আৰু তৃতীয় সংখ্যাত প্ৰকাশ কৰি পঢ়ূৱৈৰ পেটৰ নাড়ী ডাল ডাল কৰিছিল। প্ৰথম বছৰ জোনাকীত প্ৰকাশ পোৱা তেওঁৰ এটা উল্লেখযোগ্য প্ৰবন্ধ হ’ল “গান”, “সংসাৰ মৰুভূমিত গান সৰোবৰ”। ইয়াৰোপৰি ১৮৮৬ চনত আউনীআটি সত্ৰৰ পৰা প্রকাশিত ”আসাম তৰা” কাকতত  ”বিয়াৰ খৰচ” ”অলংকাৰ পিন্ধাৰ দৰকাৰ” “আনন্দৰাম বৰুৱা” নামৰ কেইবাটাও অতি মূল্যবান প্ৰবন্ধ প্ৰকাশ পাইছে।
১৮৮৭ চনত কহিমা হাইস্কুলত শিক্ষকতা কৰি থকা কালতে মহাকবি কালিদাসৰ ” অভিজ্ঞনম্ শকুন্তলম্ ” নাটকখন নিভাঁজ অসমীয়ালৈ অনুবাদ কৰি প্ৰকাশ কৰিছিল। তেওঁ আন প্ৰকাশিত পুথি সমূহৰ ভিতৰত ‘ল’ৰাবোধ’, ‘জ্ঞানোদয়’, অসমীয়া প্রাকৃত ভূগোল, ল’ৰাবোধৰ অৰ্থবোধ, ল’ৰাবোধ দ্বিতীয়ভাগ, আনন্দৰাম বৰুৱাৰ জীৱন চৰিতৰ পাতনি আদি।”ল’ৰাবোধ” আৰু “জ্ঞানোদয়” পুথিখন দুখন  স্কুলীয়া পাঠ্যপুথিৰ অভাৱ অনুভৱ কৰিয়েই তেওঁ এই কিতাপদুখন লিখি উলিয়ায়। ছাত্ৰ-ছাত্ৰীৰ কাৰণে উপদেশ দি তেওঁ ল’ৰাবোধ কিতাপখনত ঈশ্বৰ, স্বাস্থ্য আৰু শৰীৰ, বিদ্যা শিক্ষা,পপীয়া তৰা, ভূমিকম্প আৰু আগ্নেয়গিৰি, মানুহৰ আদিম অৱস্থা আৰু সভ্যতাৰ উন্নতি, বতাহ, সময়, একতা, ৰাগিয়াল বস্তু পৰিশ্ৰম আদি বিভিন্ন বিষয়ৰ ওপৰত প্ৰবন্ধ লিখে। সকলোবোৰ প্ৰবন্ধৰে আছিল ছাত্ৰ ছাত্ৰীৰ লগতে সকলো পাঠকৰ উপযোগী। আনহাতে ‘জ্ঞানোদয়’ পুথিখনত সোতৰটা প্ৰৱন্ধৰ এটা সংকলন। য’ত চুটি চুটি নীতি উপদেশমূলক কাহিনী সন্নিৱিষ্ট কৰি ছাত্ৰ ছাত্ৰীৰ লগতে পাঠকক মোহিত কৰিছিল। ১৮৯১ চনত দ্বিতীয় বছৰ “বিজুলী”ত  পদ্মনাথ গোহাঞি বৰুৱাই এনেদৰে লিখিছিল – ‘লম্বোদৰ বৰা অন্যান্য শিক্ষিত ডেকাৰ শাৰীৰ নহয়। তেওঁ যথার্থতে এজন দেশ হিতৈষী সুপুৰুষ আছিল। জ্ঞানোদয়ত সন্নিবিষ্ট প্রবন্ধৰাজিয়ে ল’ৰা-ছোৱালীৰ জীৱন বাটৰ সন্ধান দিছে। দেশৰ ছাত্ৰ সমাজে যদি লম্বোদৰৰ এই প্ৰবন্ধবোৰ উপলব্ধি কৰি, তাৰ আৰ্হি পালন কৰিবলৈ চেষ্টা কৰে তেন্তে বহুতো কামত আহিব।’
ইয়াৰ বাহিৰেও তেওঁৰ অকাল মৃত্যু হোৱাত অপ্রকাশিত বহুতো প্রবন্ধ আৰু ‘সমাজ দৰ্শন’ নামৰ নাটক, ‘ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ জীৱন-চৰিত’ আৰু ‘ভূগোল বিদ্যা’ নামৰ এখন পঢ়াশালীয়া পুথি আদি আধালিখা অৱস্থাত এৰি থৈ যাবলগীয়া হৈছিল। ইয়াৰ ভিতৰত তেওঁ আনন্দৰাম বৰুৱাৰ এখনি বিস্তৃত জীৱনী আধা লিখা অৱস্থাত এৰি থৈ যোৱাটো উল্লেখনীয়। তেওঁ এই জীৱনীখন লিখিবৰ কাৰণে আৱশ্যকীয় তথ্যপাতি সংগ্ৰহ কৰিছিল। কিন্তু পাতনিখন লিখাৰ পাছতেই তেওঁৰ মৃত্যু হয়। অসমীয়া সাহিত্যলৈ তেওঁ  যিমানখিনি অৱদান আগবঢ়াই থৈ গ’ল, সেইখিনিয়েই তেওঁক অনন্য কৰি তুলিলে। যাৰ কাৰণে হৰিবিলাস আগৰৱালাই তেওঁক ‘নেতা সাহিত্যিক’ আখ্যা দিয়ে।
লম্বোদৰ বৰা দেৱৰ গদ্য ৰচনাৰ ঠাঁচ সুকীয়া আৰু তাৰ মাজতে প্ৰকাশ পাইছিল স্বকীয় বৈশিষ্ট্য।গধুৰ প্ৰবন্ধ পঢ়ি পাঠকে আমনি বোধ কৰে, তেতিয়া লঘু প্রবন্ধ পঢ়ি হাঁহিৰ খোৰাক বিচাৰে আৰু ইয়াৰ মাজেদিও যে মানুহে শিক্ষা লাভ কৰিব পাৰে এই কথা বৰাদেৱে ভালদৰে উপলব্ধি কৰিব পাৰিছিল। অসমীয়া ভাষাৰ প্রতি তেওঁ সদা সচেতন আছিল।  বানানৰ বিধি, শব্দ বিন্যাস, বাক্য সংযোজনা আদি সম্পর্কে ইয়াত পুঙ্খানুপুঙ্খভাবে দেখুৱাই দিয়া কাৰ্যই অসমীয়া সাহিত্যত লম্বোদৰ বৰাই কিমানখিনি ঠাই দখল কৰিছিল বা ভাষা সম্পর্কে তেওঁ কিমান জ্ঞান অর্জন কৰিছিল, এই প্ৰবন্ধবোৰৰ পৰাই সেই কথা সহজে অনুমেয়।
এনে এজন সমাজসেৱী, আইনজীৱী, দৃঢ়মনা, স্বাধীনচিতীয়া , স্পষ্টবাদিতা, সাহিত্যসেৱী ১৮৯২ চনৰ ১২ এপ্ৰিলত মাথোন একুৰি বাৰ বছৰ বয়সত হাইজা ৰোগত আক্ৰান্ত হৈ জীৱন নাটৰ সামৰণি পেলালে।
সহায়ত পুথি :- (ক)সাহিত্যসেৱী লম্বোদৰ বৰা -সবিতা কোঞৰ।
(খ) লম্বোদৰ বৰা – চন্দ্ৰ বৰা।
(গ) ইণ্টাৰনেট