অসমীয়া সমাজ জীৱনত নামঘৰৰ প্ৰয়োজনীয়তা
মুন শৰ্মা,লখিমপুৰ
প্ৰথমেই কওঁ অসমীয়া সমাজত নামঘৰৰ ভূমিকা কি! সেই বিষয়ে যদি আলোচনা কৰা হয় তাত বহু কথা বহু বিষয়ে আহি পাৰে আৰু শেষত নামঘৰৰ ভূমিকা অপৰিসীম বুলি প্ৰতিপন্ন হয়।
সমাজ জীৱনৰ কথা যিহেতু কোৱা হৈছে সেয়ে কওঁ মানুহ সমাজ প্ৰিয় বিশ্বৰ প্ৰতিটো জাতি এখন কৈ সমাজৰ লগত বৰ্তি আছে বিভিন্ন ধৰণে। এতিয়া যদি অসমীয়া সমাজ খন কেনেকৈ বৰ্তি আছে বুলি কওঁ !তাত যি বোৰ কাৰকৰ কথা উল্লেখ কৰি লাগিব তাৰ ভিতৰত নামঘৰ অন্যতম। অৰ্থাৎ অসমীয়া সমাজ খন বৰ্তি থকাত নামঘৰে গুৰুত্বপূৰ্ণ ভূমিকা অতীত, বৰ্তমান, আৰু ভৱিষ্যত লৈ আছে আৰু থাকিব।
নামঘৰ প্ৰথম প্ৰচলন হৈছিল নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচলনৰ সময়ত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ দ্বাৰা আৰু পাছৰ কালত পৰৱৰ্তী বৈষ্ণৱ ধৰ্ম প্ৰচাৰক সকলৰ দ্বাৰা। নৱ বৈষ্ণৱ ধৰ্মই ধৰ্ম প্ৰচাৰৰ ধৰ্ম লগতে অসমীয়া ভাষা, সাহিত্য ,কৃষ্টি ,সংস্কৃতিৰ চৰ্চাৰ দ্বাৰা অসমীয়া জাতি গঠন আৰু উন্নতি সাধন কাম কৰিছিল। আৰু ই অসমীয়া সমাজ জীৱনৰ উন্নতি পথত এক বৃহৎ অৱদান বা অৰিহণা দি গৈছিল।এতিয়া এই সমূহ অতীতৰ যিমান প্ৰয়োজন আছিল এতিয়াও সিমানেই প্ৰয়োজন আছে অসমীয়া সমাজ জীৱনৰ বাবে। অতীতত ইয়াক যি দৰে নামঘৰ সমূহৰ দ্বাৰা ইয়াক মানুহৰ মাজত বিলাই দিয়া হৈছিল সেই দৰে এতিয়াও নামঘৰ সমূহৰ দ্বাৰাই বিলাই দিব পাৰিব।
নামঘৰ মূলতে হ’ল এক ধৰ্মীয় অনুষ্ঠান গতিকে ইয়াত আধ্যাত্মিক পৰিবেশ বিৰাজমান। এতিয়া কথা হল অসম সমাজ চলিব বাবে আধ্যাত্মিকতা আৰু আধ্যাত্মিক মনোভাৱ খুব দৰকাৰ আৰু এই আধ্যাত্মিক মনোভাৱ অসমীয়া মানুহৰ মনত বিদ্যমান কৰিব পাৰে নামঘৰে।
বিশ্বৰ বুকুত যিমান বোৰ মানুহৰ জাতি আছে সকলোৰে আছে নিজা কিছুমান ৰীতি নীতি পৰম্পৰা আচাৰ অনুচাৰ যি বোৰে তেওঁলোকক দিয়ে সুকীয়া একক মাত্ৰা ফলত বিশ্বৰ অন্য সকলে জানে বিভিন্ন সমাজৰ নামেৰে। বাকী বোৰৰ দৰে অসমীয়া সমাজৰ ও আছে বিভিন্ন ৰীতি নীতি আৰু পৰম্পৰা যি বোৰক নামঘৰ বোৰে লালন পালন কৰে আৰু প্ৰচলন কৰে ৰাখিছে সেয়ে অসমীয়া সমাজ জীৱনত নামঘৰে ইয়াতো ডাঙৰ ভূমিকা গ্ৰহণ কৰে।
নামঘৰৰ সমূহত পালন কৰা হয় বছৰৰ বিভিন্ন সময়ত বিভিন্ন উৎসৱ যিবোৰ অসমীয়া সমাজৰ আয়ুস বুলি কলেও ভুল নহয়। এফালে ই মনোৰঞ্জন আনফালে বছৰ বছৰৰ জুৰি চলি অহা সোণালী পৰম্পৰা বোৰ সমাগম হয়। ওপৰত কৈ আহিছোঁ নিজস্ত পৰম্পৰা দৰকাৰ এখন সামাজিক। এতিয়া কওঁ এই যে পৰম্পৰা বোৰ আমাৰ মাজত আছে তাক আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে জানো ৰাখিব নালাগিব!সেয়ে নামঘৰৰ যোগেদি ইয়াক মনোৰঞ্জন দ্বাৰা ভৱিষ্যত লৈ ৰাখিব পৰা যাব যিয়েই ভবিষ্যতৰ অসমীয়া সমাজ সুন্দৰ হৈ থাকিব পাৰিব।
ওপৰত কোৱা কথাবোৰ একো একো টা উদাহৰণ । অসমীয়া সমাজ নামঘৰ কিমান দৰকাৰ টা মাত্ৰ চমুকৈ লিখা হৈছে নিজৰ কিঞ্চিৎ জ্ঞানৰ দ্বাৰা। মুঠৰ ওপৰত ক’বলৈ গলে অসমীয়া সমাজ জীৱনত নামঘৰৰ প্ৰায়োজন কিমান তাক লিখিব বা ক’বলৈ যদি যাওঁ সেয়া সৰু এটা প্ৰবন্ধত শেষ কৰিব নোৱাৰি। গতিকে ওপৰত কোৱা খিনি ওপৰি চমুকৈ আৰু এটা বাক্য লিখোঁ যে, অসমীয়া সমাজত ঐক্য শান্তি সম্প্ৰীতি আৰু একতাৰ এনাজৰী সদায় বান্ধি ৰখাত ডাঙৰ ভূমিকা লৈ আহিছে নামঘৰৰে । সেয়ে অসমীয়া সমাজত নামঘৰৰ প্ৰায়োজনীয়তা বহুত গুৰুত্বপূৰ্ণ।