অসমীয়া সমাজলৈ শংকৰদেৱৰ অৱদান
যমুনা দুলু বৈশ্য,শুৱালকুছি
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হয় ১৪৪৯ খ্ৰীষ্টাব্দত নগাঁও জিলাৰ বৰদোৱা অঞ্চলৰ আলিপুখুৰী নামৰ ঠাইত । সমাজ সংস্কাৰক গুৰুজনাৰ অৱদান অসমীয়া সমাজ ব্যৱস্থাত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ অপৰিসীম । অসমীয়া সমাজখনত সংঘটিত হোৱা বিভিন্ন কাৰ্য-কলাপ আৰু অত্যাচাৰ ,ব্যভিচাৰ সমূহৰ পৰা ৰক্ষা কৰি এক শক্তিশালী ৰূপত সাংগাঠনিক ভেটি মজবুত কৰিছিল । গুৰুজনাই সকলো শ্ৰেণীৰ জাতিৰ মাজতে উচ্চ-নীচ ,ভেদা-ভেদ পৰিহাৰ কৰি সমাজখনক একত্ৰিত কৰিছিল ।মহাপুৰুষ জনাৰ উপসনা পদ্ধতিয়ে মনুষ্য জাতিক সংস্কাৰ হ’বলৈ শিকায় ।নৱবৈষ্ণৱ ধৰ্মৰ মহিমা হৈছে পৰ্বত ,সম উদাৰ ,নৈতিক ,মানৱতাবাদ সমাজ গঢ়াৰ প্ৰশান্তিৰে বৰভেটি স্থাপন কৰিছিল । সেইসময়তে গ্ৰাম্য সমাজখনক আকৰ্ষণ কৰিবলৈ চিহ্নযাত্ৰা নাটখনেৰে ধৰ্মৰ পাতনি মেলিছিল । তাত তেৰাই বৈকুন্ঠ পট অংকন কৰিছিল । ভক্তসকলৰ আগত ঈশ্বৰৰ গুণানু কীৰ্তন কৰি এক শৰণ ভাগৱতী ধৰ্মৰ প্ৰতিষ্ঠা কৰিছিল । যাৰ জৰিয়তে বৃন্দাৱনী বস্ত্ৰ তৈয়াৰ কৰা হৈছিল । গুৰু ,দেৱ ,নাম আৰু ভকত সমাজৰ সকলো স্তৰৰ লোকে পালন কৰিব পৰাকৈ নাম ধৰ্ম আৰু শ্ৰৱণ কীৰ্ত্তকেই শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছিল ।
মানৱজাতিৰ বাহিৰেও আন জীৱকূলৰ মাজতো যেন পৰমপুৰুষ শ্ৰীকৃষ্ণ বিৰাজমান ।আমি সকলো জীৱকে সমদৃষ্টিৰে চাই সন্মান কৰিব লাগে ।
গুৰুজনাই আমাক শিকাই গৈছে —
কুকুৰ শৃগাল গৰ্দদভৰো আত্মাৰাম ।
জানিয়া সবাকো পৰি কৰিবা প্ৰণাম ।।
আজিৰ সমাজ যুৱ প্ৰজন্মই একশৰণ ধৰ্ম গুৰুজনাৰ আদৰ্শ সমূহ শিৰণত কৰিব লাগে ।সেয়েহে—-
“গুৰু লাগে মই শিক্ষিত শিষ্য
জগতক জাননি দিলো ,
জগতৰে গুৰু শ্ৰী শংকৰ ঘৰতেই
অন্ধলাই নেদেখিলো
হে গুৰু শংকৰ “
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱলৈ সাহিত্য ৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা লিখা সুন্দৰ গীতি-কবিতাৰে সগুণ এক ঈশ্বৰৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে একতাৰে এনাজৰীডাল নিকপকপীয়াকৈ বান্ধিছিল –অসমীয়া জাতিৰ প্ৰাণ আছিল যে ,গুৰুজনলৈ ভক্তিৰে নিবেদন কৰিছিল ।
তেওঁ আছিল ধৰ্মগুৰু ,সমাজগুৰু ,সংস্কৃতিৰ গুৰু,সাহিত্যগুৰু সেইবাবে তেওঁ গোটেই জগতৰ বাবে “জগতগুৰু ।
” জয় গুৰু শঙ্কৰ সৰ্বগুণাকৰ
যাকেৰি নাহিকে উপাম ।
তোহাৰি চৰণক ৰেণু শতকোটি
বাৰেক কৰোহো প্ৰণাম ।।
মহাপুৰুষ মাধৱদেৱে গুৰুৰ নিৰ্দেশ শিৰত তুলি গুৰুজনাৰ আদৰ্শ- নীতি আৰু আধ্যাত্মিক চিন্তা-চেতনাৰে অন্তৰালত গুৰু প্ৰতি ঐকান্তিক শ্ৰদ্ধা ,ভক্তি দাসত্বৰ জাতীয় জীৱনৰ প্ৰাণস্পৰ্শী নিদৰ্শন সুন্দৰকৈ প্ৰকাশ পাইছে ।
মাধৱদেৱে একান্ত সেৱক হৈ শঙ্কৰগুৰুৰ দৰ্শনত (নামঘোষা) জ্বলন্ত উদাহৰণ । ভকতিৰ একনিষ্ঠ সেৱা ,গুৰুসেৱাৰ মাহাত্ম্য আৰু আদৰ্শ অমৰ কৰি ৰাখিলে ।
সেইবাবে গুৰুজনাই গঢ়িযোৱা অসমীয়া সমাজ সংস্কৃতি আজিও ধৰ্ম্মৰ যোগেদি সত্য শুদ্ধ ,আৰু সনাতন ধৰ্ম্ম নামধৰ্ম্মৰে প্লাৱিত হৈ আছে ।
” কিৰাত কছাৰী খাচী গাৰো ,মিৰি
যৱন কঙ্ক গোৱাল ।
অসম মুলুক ধোৱা যে তুৰুক
কুবাচ ম্লেচ চণ্ডাল ।। (ভাগৱত )
অসমৰ সামাজিক গুৰুজনাৰ প্ৰভাৱ ঐশ্বৰিক ধৰ্ম্মৰ প্ৰতি মানৱতাৰ মাজত কৃষ্ণৰ প্ৰেমত আকৃষ্ট কৰিবলৈ ব্ৰাহ্মণ ,শুদ্ৰ ,খাচী , গাৰো, মিৰি .চণ্ডাল আদি সকলো লোকক শৰণ দি একতা ভাতৃত্ববোধেৰে সমাজখন একত্ৰিত কৰিবলৈ স্থাপন কৰিছিল ।
সেইজনা জগতগুৰু ধৰ্ম ,দৰ্শন আদৰ্শৰ প্ৰচাৰ প্ৰসাৰ আছিল ।
গুৰুজনাই ৰচিত কাব্য ,অঙ্কীয়ানাট ,ভক্তিতত্ব প্ৰকাশক গ্ৰন্থ ,অনুবাদ মুলক গ্ৰন্থ গীত,নামপ্ৰসঙ্গৰ পুথি আদি বিশাল অমূল্য সম্পদ ৰাজি জগতত তুলনা বিহীন ।এই মহান অৱদানে অসমীয়া জাতিটোক সমন্বয়ৰ জৰীৰে বান্ধি ৰখাৰ হেতু আজি অসমত বিভিন্ন সত্ৰ ,গাৱে গাৱে নামঘৰ ,ঘৰে ,ঘৰে বেদসদৃশ, কীৰ্ত্তন , দশম , নামঘোষা , গুণমালা, ভক্তিমালা , ভক্তিপ্ৰদীপ , উত্তৰাকাণ্ড , ৰামায়ণ , ভটিমা ,অমৃতমন্থন আৰু ৰত্নাৱলীকে আদি কৰি গুৰুজনাৰ আদৰ্শৰে গঢ়ি তোলা দেৱবাদ্য বিৰাজমান । গুৰু জনাৰ ঐশ্বৰিক সৃষ্টিৰ প্ৰভাৱ বিস্তাৰিত ভাৱে পৰা বাবেই অসমীয়া জাতিৰ ঘৰে,ঘৰে পুৱা- গধুলি উপাসনা হৰিনামৰ ধ্বনি ,বৰগীতৰ সোঁত বব লাগিছে ।সামাজিক ভাৱে নাট -গীত ,ভাওনা বাদ্য আদিৰ ভকতিৰ অনুষ্ঠান প্ৰচলন হৈ আহিছে । চন্দ্ৰ , সূৰ্য থকালৈকে মনুষ্য জাতিটোৱে মহাপুৰুষ গুৰুজনাৰ প্ৰভাৱ ভকতিৰ সৃষ্টিৰ অৱদান মনত ৰাখে । এইজনা জগতগুৰু মহাপুৰুষে ১১৯ বছৰ বয়সত কোচবিহাৰৰ ভেলা মধুপুৰ সত্ৰত ইহলীলা সম্বৰণ কৰে ।