অসমীয়া সমাজত লোকগীতৰ পৰম্পৰা – পৰী প্ৰিয়া

PC - bcf-india.org
অসমীয়া সমাজত লোকগীতৰ পৰম্পৰা
পৰী প্ৰিয়া, ডিব্ৰুগড় 
অসমীয়া মৌখিক সাহিত্যৰ ইতিহাস হিচাপে প্ৰাচীন লোকগীতবোৰকে ধৰিব পাৰি । অসমৰ লোকগীতবোৰ অসমীয়া লোকসাহিত্যৰ এক অনুপম সম্পদ । কৰ্মসংস্কৃতিক সবল , সতেজ আৰু প্ৰেৰণাদায়ক কৰাৰ নিমিত্তেই লোকগীতৰ প্ৰসাৰ।অসমীয়া ভাষাৰ লোকগীতবোৰৰ এটা বিশেষত্ব আছে যে, এইবোৰক গীত নুবুলি “নাম” বোলা হয়। অসমীয়া লোকগীতসমূহৰ ভিতৰত আছে বিয়ানাম, আইনাম, গোঁসাই নাম, ভেকুলী বিয়াৰ নাম, ধাই নাম আদি। অন্যান্য লোকগীতৰ ভিতৰত ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীত, নাহৰৰ গীত, বদন বৰফুকনৰ গীত, জিকিৰ আৰু জাৰী, দেহবিচাৰ গীত, টোকাৰী গীত, ঐনিতম, মহোহো গীত, জনা গাভৰুৰ গীত, শান্তি বাৰমাহীৰ গীত, বনঘোষা, মণিৰাম দেৱানৰ গীত, জয়মতী কুঁৱৰীৰ গীতআদি উল্লেখযোগ্য। এইসমূহ লোকগীতৰ ৰচনাকাল ষষ্ঠ শতিকাৰ পৰা অষ্টম-নৱম শতিকা বুলি বুৰঞ্জীবিদসকলে অনুমান কৰিছে।লোকসাহিত্য লোকসমাজৰ সামগ্ৰিক সৃষ্টি। লোক-সাহিত্যই বিভিন্ন বিষয়ৰ মাজেদি জনসাধাৰণৰ বিচিত্ৰ ভাবানুভূতি প্ৰকাশ কৰাৰ উপৰিও জনগণৰ বুদ্ধি, চিন্তাধাৰা,সমাজচিত্ৰ আদিৰ আভাস দিয়ে। লোক-সাহিত্যৰ আঞ্চলিক বৈশিষ্ট্যৰ আধাৰত একো একোটা অঞ্চলৰ ভাষিক ৰূপৰ ওপৰত গুৰুত্ব দি অসমীয়া লোকগীতসমূহক “গোৱালপৰীয়া লোকগীত” আৰু “কামৰূপীয়া লোকগীত” বুলি বিভাজিত কৰা হৈছে। লোকগীতসমূহ তাত্ত্বিক বা দাৰ্শনিক ভাব প্ৰধান গীত। লোকগীত সমূহ মৌখিক বা অলিখিত সাহিত্যৰ এক অন্যতম ভাগ। লোক-সাহিত্যৰ ইতিহাসত লোকগীতসমূহে এক বিশেষ স্থান লাভ কৰি আহিছে। ইয়াক লোক-কবিতা বুলিও কোৱা হয়। সাধাৰণতে বেছিভাগ লোকগীতৰ ৰচকৰ নাম পোৱা নাযায়।লোকগীতসমূহ সমৃদ্ধিশালী আৰু বৈচিত্ৰ্যপূৰ্ণ। লোকমনৰ বিভিন্ন অনুভূতিবোৰক চহা কবিয়ে ছন্দোবদ্ধভাবে ৰচনা কৰিছে। সময়ৰ সোঁতত বিভিন্ন পৰিৱেশত মুখ বাগৰি বাগৰি ই পৰিমাৰ্জিত ৰূপ ধাৰণ কৰিছে।লোকসমাজৰ আশা-আকাংক্ষা, আৱেগ-অনুভূতি, হাঁহি-কান্দোন, বিৰহ-বেদনা, আনন্দ, জীৱন চেতনা এই লোকগীতসমূহত প্ৰতিফলিত হয়। অধিকাংশ লোকগীতেই শৃঙ্গাৰ, হাস্য আৰু কৰুণ ৰসৰে ভৰপূৰ। অৱশ্যে বিছুমান লোকগীতত ৰৌদ্ৰ, বীৰ আদি ৰসৰ প্ৰাধান্য লক্ষ্য কৰা যায়। লোকগীতসমূহত ৰূপক, অপ্ৰস্তুত প্ৰসংসা অতিশয়োক্তি, উপমা আদি অলংকাৰ প্ৰয়োগ লক্ষ্য কৰা যায়। অধিকাংশ লোকগীতেই পদ, পয়াৰ, ছবি, দুলৰী আদি ছন্দত পোৱা যায়। লোকগীতত ব্যৱহাৰ কৰা সংলাপসমূহে কেতিয়াবা কেতিয়াবা গীতবোৰক নাটকীয় মৰ্যাদা প্ৰদান কৰা দেখা যায়।গোৱালপৰীয়া লোকগীতসমূহে অসমীয়া লোক-সাহিত্যৰ এক সুকীয়া স্থান দখল কৰি আহিছে। অসমীয়া লোক-সাহিত্যৰ ই এক প্ৰধান অঙ্গ।  গোৱালপৰীয়া লোকগীতসমূহৰ ভিতৰত  পূজা-পাৰ্বণৰ গীত আৰু  প্ৰেমমূলক গীতেই প্ৰধান।গোৱালপৰীয়া লোকগীতসমূহৰ মাজেৰে ব্যক্তিৰ ৰুচিবোধ, দৈহিক সৌন্দৰ্য্য আৰু সামাজিক জীৱনধাৰাৰ ইঙ্গিত প্ৰকাশ পায়। গোৱালপৰীয়া গীতৰ বিখ্যাত শিল্পী প্ৰতিমা পাণ্ডে বৰুৱাৰ প্ৰচেষ্টাত এই গীতে ৰাষ্ট্ৰীয় দৰবাৰত চিনাকি পাইছিল। দুটামান গোৱালপৰীয়া লোকগীতৰ উদাহৰণ হ’ল –
বাৰো মাসে তেৰ ফুল ফুটে…
চম্পা নদীৰ পাৰে পাৰে…
অসমীয়া লোকগীতৰ ভিতৰত কামৰূপী লোকগীত অন্যতম। বিষয়বস্তুৰ উপস্থাপন কৌশল, পৰিৱেশনশৈলী আৰু ভাষিক পাৰ্থক্য আদি দিশৰ পৰা কামৰূপী লোকগীতসমূহ বৈচিত্ৰ্যময়। কামৰূপী লোকগীতত পূৰ্ব আৰু পশ্চিম অঞ্চলৰ সুৰ-লয়ৰ বৈশিষ্ট্য মিহলি হৈ আছে। কামৰূপী লোকগীতসমূহ ভক্তিমূলক, ধৰ্মনিৰপেক্ষ, বুৰঞ্জীমূলক, কিংবদন্তিমূলক আদি ধাৰাৰে সমৃদ্ধ যদিও বেছিভাগ কামৰূপী লোকগীত বৈষ্ণৱ ধৰ্মৰ গীত-মাতৰ ওচৰ চপা। দুটামান কামৰূপী লোকগীতৰ উদাহৰণ হ’ল –
কানাই পাৰ কৰাহে বেলি’ পৰিল ছায়া…
এ প্ৰাণ গোপাল পাতি মায়াৰে খেলা….
বৰ্তমান যুগত যদিও লোকগীতৰ জনপ্ৰিয়তা হ্ৰাস পাই আহিছে তথাপিও অসমীয়া সমাজত লোকগীতৰ এক স্থায়ী স্থান আছে । অসমীয়া সমাজৰ এজন অসমীয়া হিচাপে আমি লোকগীতৰ পৰম্পৰা জীয়াই ৰখাটো অতি প্ৰয়োজনীয় ।