অসমীয়া সমাজত কলপাতৰ ব্যৱহাৰ আৰু ইয়াৰ বিজ্ঞান সন্মত কাৰণ
দিপ্তী মনি গোস্বামী
“আগলি কলাপাততে দিমে গুৱা,
ধূপে ধূণা লগায় কৰিম সেৱা”
বাৰ মাহৰ পূণ্য মাহ বুলি গণ্য কৰা ভাদ মাহত নামঘৰত দিহা নাম গাওঁ তেনেদৰে…..অসমীয়া সমাজৰ জীৱন যাত্ৰাত আমাৰ জীৱনৰ পৰিপূৰক অবিচ্ছেদ্য সামগ্ৰী এই কলাপাত বা কলপাত। গুৱা-পাণটি আগবঢ়াবলৈ এই কলাপাত।মাহ-প্ৰসাদ খাবলৈ এই কলাপাত।আমাৰ মনত আছে, আগৰ দিনত তুলনি বিয়াত কলপাতেৰে দিয়া ৰভাখন।আৰু মনত আছে ভোজ ভাত খাবলৈ বুলি মাটিত পৰা কলপাতখন।আগতে বুঢ়ী আইয়ে কোৱা মনত আছে, চ’ত মাহত ভাত কলাপাতত খাবি অ বোপাইহঁত, পেটৰ কাৰনে ভাল। বঢ়ী আইৰ কথা ৰাখি কলপাতত ভাত খাইছিলোও কিন্তু কিয় ভাল কি ভাল নাজানিছিলোঁ।পিছলৈ পঢ়া-শুনা কৰি দুটা আখৰ শিকাৰ পিছতে বিভিন্ন উৎসৰ পৰা তথ্য লাভ কৰি জানিবলৈ সক্ষম হৈছোঁ এই সহজতে পোৱা আপুৰুগীয়া সম্পদ বিধৰ উপকাৰিতা অথবা বিজ্ঞান সন্মত কিছু সুফল।কলপাত আমাৰ জীৱন দায়িনী বুলি কলেওঁ বঢ়াই কোৱা নহব, এই পাত এন্টি অক্সিডেন্টেৰে ভৰপূৰ।কলপাতত থকা পলিফেনল হৈছে এন্টি অক্সিডেন্টৰ উৎস। এই পলিফেনলৰ বাবেই কলপাতত আহাৰ খালে আমাৰ বিপাক প্ৰণালী শক্তিশালী হয়, কৰ্কট আৰু মধুমেহ ৰোগৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়।কলপাতত আহাৰ খালে এজমা ৰোগৰ প্ৰতিৰোধ ক্ষমতা ও বাঢ়ে ছালৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰি ছালৰ উজ্বলতা বৃদ্ধি ত সহায় কৰে।তাৰোপৰি কলপাতত নিয়মীয়াকৈ আহাৰ খালে আমাৰ ৰক্ত পৰিস্কাৰ হয়।গুৰুত্বপূৰ্ণ কথাটো হৈছে বৰ্তমান সময়ত প্ৰায় সংখ্যক লোকেৰে দেখা দিয়া কিডনীত পাথৰ হোৱা সমস্যাটো ৰ পৰা ৰক্ষা পাব পাৰি নিয়মীয়া কৈ কলপাতত আহাৰ গ্ৰহণ কৰিলে।উল্লেখযোগ্য যে নিয়মীয়াকৈ কলপাতত আহাৰ গ্ৰহণ কৰিলে আমাৰ দেহৰ মনৰ চেতনাৰ পৰা সাত্বিক গুণৰ উদ্ভৱ হয়।
