অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ দীঘলী পুখুৰীৰ মূল গেটৰ সন্মুখত অসমীয়া যুৱ মঞ্চৰ গুৱাহাটী জিলা সমিতিৰ উদ্যোগত প্ৰয়াত সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ ন্যায়ৰ দাবীত, হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। জুবিন দা অমৰ হওক, হত্যাকাৰীক ফাঁচী দিয়ক, আমাক ন্যায় লাগে, জাষ্টিচ ফৰ জুবিন ইত্যাদি শ্লোগান দিয়ে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁলোকে কয় যে, যদি জুবিন দাই ন্যায় নাপায়, ঈক্ষআমি ইয়াতকৈও ভয়াবহ আন্দোলন কৰিম, আমাক গুলীয়াই মাৰিলেও মাৰক, গ্ৰেপ্তাৰ কৰিলেও কৰক, আৰু যদি মুখ্যমন্ত্ৰীয়ে ন্যায় দিব নোৱাৰে তেতিয়া হ’লে ২০২৬ৰ নিৰ্বাচনত ইয়াৰ উচিত প্ৰত্যুত্তৰ দিম বুলি হুংকাৰ দিয়ে। আজিৰ কাৰ্য্যসূচীত কেন্দ্ৰীয় সভাপতি যাদৱ গগৈ, কেন্দ্ৰীয় সাধাৰণ সম্পাদক অনুপম শইকীয়া, সহকাৰী সম্পাদক আকাশ শইকীয়া, মুখ্য উপদেষ্টা বিপুল মহন্ত, কামৰূপৰ সভাপতি ঋতুৰাজ শইকীয়া, কাৰ্য্যকৰী সভাপতি জাভেদ আহমেদ, কামৰূপৰ সহকাৰী সম্পাদক ৰাজীৱ আহমেদকে আদি কৰি প্ৰায় ২০ গৰাকী কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে।
