অসমীয়া যুৱ মঞ্চৰ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি প্ৰতিবাদ
ৰঙিলী বাৰ্ত্তাসেৱা- দীঘলী পুখুৰীৰ চৌহদৰ ভিতৰত প্ৰশান্তি উদ্যানত অসমীয়া যুৱ মঞ্চৰ উদ্যোগত প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। উক্ত কাৰ্য্যসূচীত কামৰূপ মহানগৰ সভাপতি ঋতুৰাজ শইকীয়া, কেন্দ্ৰীয় কমিটীৰ সহ সম্পাদক আকাশ শইকীয়া, সাংগঠনিক সম্পাদক বৈকুণ্ঠ প্ৰিন্স পাঠক, উপদেষ্টা কামৰূপ জিলাৰ বিষ্ণু শইকীয়া, কাৰ্য্যকৰী সভাপতি মানশ চলিহা, কামৰূপ জিলা সম্পাদক ৰাজীৱ আহমেদ সহ প্ৰায় ১০ গৰাকী কৰ্মকৰ্তাই হাতে হাতে প্লেকাৰ্ড লৈ জুবিন গাৰ্গৰ ন্যায্যৰ বাবে শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে। সংবাদ মাধ্যমৰ আগত তেওঁলোকে উল্লেখ কৰে যে, চৰকাৰে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ৰাজনীতি কৰি ভেকো ভাওনা কৰি আছে। ধৈয্যৰ এটা সীমা থাকে। অসমৰ ৰাইজ যেতিয়া জাগিব তেতিয়া কিন্তু চৰকাৰৰ ৰক্ষা নহ’ব। আমাক চাকিৰা, মেলন নালাগে। লাগে জুবিনৰ প্ৰকৃত ন্যায়। য়টত সেই দিনটোত আচলতে কি হৈছিল। গতিকে কাইলৈকে তেওঁলোকে বাট চাব। যিহেতু কাইলৈ এছ আই টিয়ে চাৰ্জ চিট দাখিল কৰিব। মুখ্যমন্ত্ৰীয়ে কিমান সঁচা কথা কয় গম পোৱা যাব। আৰু যদি সকলোৰে অতি মৰমৰ শিল্পী জুবিন গাৰ্গে প্ৰকৃত ন্যায় নাপায় তেন্তে অনাগত দিনত ভয়াবহ আন্দোলন হ’ব বুলি চৰকাৰক সঁকিয়াই দিয়ে৷
