অসমীয়া যুৱ জাগৰণ সমিতিৰ জোনমণি ৰাভাৰ মৃত্যুৰ লগত জড়িত প্ৰতিজন দোষীক কঠোৰ শাস্তি প্ৰদানৰ বাবে কৰ্তৃপক্ষক আহ্বান
ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁওৰ আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাক লৈ আমি অসমীয়া যুৱ জাগৰণ সমিতিয়ে তেখেতৰ মৃত্যুত জড়িত প্ৰতিজন দোষীক কঠোৰ শাস্তি বিহা হওঁক তাৰ বাবে কৰ্তৃপক্ষক আহ্বান জনাব বিছাৰিছো । তেখেতক ন্যায় প্ৰদান কৰা হওঁক এইটো আমাৰ দাবী । আমি তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো । যোৱা কালি গুৱাহাটীত আয়োজন হোৱা তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমাৰ গোটৰ সদস্য ফাৰহানা য়াস্মিনে অংশগ্ৰহণ কৰি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল ।