অসমীয়া মানুহৰ হাতত থকা ভূমিতকৈ বেদখলকাৰীৰ হাতত অধিক মাটি আছেঃমুখ্যমন্ত্রী 

অসমীয়া মানুহৰ হাতত থকা ভূমিতকৈ বেদখলকাৰীৰ হাতত অধিক মাটি আছেঃমুখ্যমন্ত্রী 

ৰঙিলী বাৰ্ত্তাসেৱা-  বনাঞ্চল আৰু চৰকাৰী ভূমিত চলা অবাধ বেদখল উচ্ছেদৰ বাবে চলি থকা অভিযানৰ মাজতে  মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব  শর্মাই কয়- অসমীয়া মানুহৰ হাতত থকা ভূমিতকৈ বেদখলকাৰীৰ হাতত অধিক মাটি আছে। অসমীয়া মানুহ সাৱধান হ’লেহে জাতিটোক জীয়াই ৰাখিব পাৰিম। উল্লেখ্য যে অহা ৮ ছেপ্টেম্বৰত তিনিটা বিশাল প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ বাবে দৰঙত উপস্থিত হ’ব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীৰ আগমনৰ বাবে মঙলদৈত ওদালগুৰি জিলা, তামুলপুৰ জিলা, কামৰূপ জিলা আৰু দৰং জিলাৰ বিজেপি কাৰ্যকৰ্তাসকলৰ সৈতে মুখ্যমন্ত্ৰী ড° শর্মাই এক বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকৰ পাছতে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীয়ে মন্তব্য প্রকাশ কৰি কয়- বেদখলকাৰীক বাধা দিয়াটো এতিয়া স্থানীয় ৰাইজৰ দায়িত্ব। স্থানীয় ৰাইজে যদি তৎপৰতা অৱলম্বন কৰে তেন্তে বেদখলৰ প্ৰকোপ কমিব। কিন্তু থলুৱা লোকে ম্যাদী মাটি যদি বিক্রী কৰে, তেন্তে সেই মাটিৰ ওচৰ-পাঁজৰৰ ভূমিও বেদখলৰ কবলত পৰিব। বিজেপি থকালৈকে ভূমি সুৰক্ষিত কৰি ৰখা হ’ব। কিন্তু সাধাৰণ ৰাইজে বেদখলক বাধা দিব লাগিব। উল্লেখ্য যে ৮ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীৰ সভাত ৫০ হাজাৰৰো অধিক দর্শক উপস্থিত থকাৰ লক্ষ্য লৈছে বিজেপিয়ে। এই উদ্দেশ্যে অনুষ্ঠিত বৈঠকত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, বিধায়ক ড° পৰমানন্দ ৰাজবংশী, দিগন্ত কলিতা, জয়ন্ত মল্ল বৰুৱা, প্রাক্তন বিধায়ক গুৰুজ্যোতি দাস আদিয়ে অংশগ্রহণ কৰে। প্ৰধানমন্ত্ৰীৰ সভাত মুখ্যমন্ত্ৰীয়ে দৰং জিলাৰ তিনি সমষ্টিৰ লগতে কমলপুৰ, ৰঙিয়া, নলবাৰী, কলাইগাঁও, ওদালগুৰি, মাজবাট আদি সমষ্টিৰ পৰা বিজেপিৰ কৰ্মীসকলক সভাত উপস্থিত থকাৰ বাবেও এই সভাতে বিশেষ নির্দেশনা প্ৰেৰণ কৰা হয়।