অসমীয়া মহিলাক লৈ বিতর্কিত মন্তব্য আগবঢ়োৱা ইউটিউবাৰ অভিষেক কৰক চিআইডিৰ জেৰা

অসমীয়া মহিলাক লৈ বিতর্কিত মন্তব্য আগবঢ়োৱা ইউটিউবাৰ অভিষেক কৰক চিআইডিৰ জেৰা

ৰঙিলী বাৰ্ত্তাসেৱা-  সামাজিক মাধ্যমযোগে অসমীয়া মহিলাক কেন্দ্ৰ কৰি আপত্তিজনক মন্তব্য কৰা ইউটিউবাৰ অভিষেক কৰক চিআইডিয়ে উলুবাৰীৰ কাৰ্যালয়ত জেৰা চলায়। উল্লেখ্য যে ইউটিউবাৰজনে এটা পড’কাষ্টৰ জৰিয়তে অসমৰ মায়ঙৰ মহিলাই ইয়ালৈ অহা সকলো পুৰুষক ছাগলী অথবা অন্যান্য জন্তুলৈ যাদুৰ জৰিয়তে ৰূপান্তৰ কৰে বুলি মন্তব্য কৰিছিল। অসমীয়া মহিলাৰ বিৰুদ্ধে এনেধৰণৰ আপত্তিজনক মন্তব্য আগবঢ়োৱা ইউটিউবাৰজনৰ এই কাণ্ডক লৈ ৰাজ্যজুৰি ব্যাপক প্রতিক্রিয়া হোৱাৰ সময়তে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মায়ো বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানক অসমৰ বিৰুদ্ধে মিছা তথ্য বিয়পোৱাৰ বাবে ইউটিউবাৰজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল। সেইমর্মে অসম আৰক্ষীৰ চিআইডিয়ে ১/২৫ নম্বৰত এটা গোচৰ ৰুজু কৰি ইউটিউবাৰজনৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে।  চিআইডিয়ে দিয়া চমন মর্মে উলুবাৰীৰ মুখ্য কার্যালয়ত উপস্থিত হোৱা ইউটিউবাৰজনক কেইবা ঘণ্টাজুৰি চিআইডিয়ে জেৰা চলায়। আৰক্ষী সূত্ৰই সদৰী কৰা মতে কি কাৰণত এনেধৰণৰ বিতর্কিত মন্তব্য অসমীয়া মহিলাক লৈ ইউটিউবাৰজনে কৰিছিল সেই সন্দর্ভত তন্ন তন্নকৈ তেওঁক জেৰা চলোৱা হয়।