অসমীয়া ভাষা
বাহাৰুল ইছলাম
বালিজান, মৰিগাঁও
অতিকৈ আপোন মোৰ অসমীয়া ভাষা
জিলিকি থাকক সৰ্বতে সেয়াই আশা।
মাতৃভাষাৰ পৰশত গঢ় লয় অনুভৱ
বাধা-বিঘিনি নেওচি কও টপাটপ।
মোৰ ভাষাই মোৰ স্বাভিমান
একমাত্র অসমীয়াই অভিমান।
জগতত কত ৰং কত ভাষা কত কথা
মাতৃভাষা ক’লে কোনেও নাপায় ব্যথা।
মোৰ প্ৰাণৰো প্ৰাণৰ এই সুৰীয়া ভাষা
জাতিৰ হিতৈষীহৈ সৱেমিলি আহাঁ।
আমি অসমীয়া নহও কদাপি দুখীয়া
বিশ্বত আছে পৰিচয় আমাৰ সুকীয়া ।
হেন জানি সাহ কৰি আগুৱাই যোৱা
ঐক্যবদ্ধ নহলে সৱে হ’ব যে ভুৱা।
চিৰ চেনেহী মোৰ ভাষা জননী
জগতত অসমীয়া হওক শুৱনি।
নাথকক জাতি, ধৰ্ম, বৰ্ণ ভেদাভেদ
জাতিৰ বৈৰী সমূহ হওক বিচ্ছেদ।
