অসমীয়া ভাষা ধ্ৰুপদী ভাষাত স্বীকৃতি – ছেলিমা বেগম 

অসমীয়া ভাষা ধ্ৰুপদী ভাষাত স্বীকৃতি 
ছেলিমা বেগম 
 নগাঁও
ধন্য অসম চৰকাৰ
ধন্য ভাৰত চৰকাৰ ,
আজি আমি গৌৰৱ কৰিছোঁ
অসমীয়া ভাষা ধ্ৰুপদী ভাষা
হিচাপে স্বীকৃতি লাভ কৰাৰ বাবে।
ইতিহাসৰ পাতে পাতে লিপিবদ্ধ হৈ
থাকক আমাৰ অসমীয়া ভাষা।
আমিও সাক্ষী হৈ থাকিম দুই হাজাৰ
চব্বিশ আজিৰ দিনটোত।
এনে মধুৰ ভাষা কতো নাপাওঁ বিচাৰি
এনেকুৱা মৰমৰ ভাষা পৃথিৱীৰ বুকুৰ
মাজত চিৰ যুগমীয়া হৈ থাকক ।
জীয়াই থাকক আমাৰ অসম
অসমীয়া ভাষা আজীৱন।
এনে খন শুৱলা এনে খন
মৰমৰ ভাষা গোটেই পৃথিৱী
উলটি আহিলে’ও বিচাৰি নাপাওঁ।
অযুত তৰাৰ মাজত
চন্দ্ৰ টো জিলিকি থাকে
অনেক ভাষাৰ মাজত
অসমীয়া ভাষা টি উজলাই
থাকে অসমীয়াৰ মুখে মুখে।
চিৰ চেনেহী মোৰ ভাষা জননী
জয় অসমীয়া ভাষাৰ জয়
“জয় আই অসম “