অসমীয়া ভাষা থাকিলেহে অসমীয়া জাতি থাকিব – অনামিকা (সংগীতা)কলিতা

PC - নীলা চৰাই

অসমীয়া ভাষা থাকিলেহে অসমীয়া জাতি থাকিব

অনামিকা (সংগীতা)কলিতা,শুৱালকুছি

হয়, অসমীয়া ভাষা থাকিলেহে অসমীয়া জাতি থাকিব!!!

ভাষা সাহিত্য হল একোটা জাতিৰ” দাপোণ”। সকলো মানুহৰ নিজৰ ভাষা সাহিত্যৰ উৎকৰ্ষ সাধন কৰিবলৈ যুগ যুগ ধৰি চেষ্টা কৰি আহিছে—মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱই হওঁক বা  মহাকবি কালিদাস ।ইতিহাসৰ পাত লুটিয়াই চালে তাহানিৰ পৰা বৰ্তমানলৈকে বহুত পৰিৱৰ্তন হ’ল ।

সাহিত্য অবিহনে কোনো জাতিৰ অস্তিত্ব টিকিবৰ সম্ভৱনা নাই। এই কথাষাৰ পদ্মনাথ গোহাঁঞি বৰুৱাই কৈছিল। অসমীয়া  ভাষা সাহিত্যত তেওঁৰ যথেষ্ট অৱদান আছে।জোনাকী যুগৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱে আমাৰ অসমীয়া ভাষাটোৰ কাৰণে  সাধুকথাৰ পৰা আৰম্ভ কৰি অলেখ ৰচনাৰ সম্ভাৰ দি থৈ গৈছে। সাহিত্যৰ সৃষ্টিৰ মূলতে হল সমাজত ঐক্য ,শান্তি,সম্প্ৰীতি সংস্কৃতিৰ অক্ষুন্ন ৰখা ।

সাহিত্য সংস্কৃতিৰ অন্তৰালত  জাতিটোৰ লোক সংস্কৃতি থলুৱা শিল্প ,উৎসৱ খেল ধেমালি সকলো অন্তৰ্নিহিত হৈ আছে।ঠিক তেনেকৈ  অসমীয়া ভাষা  সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত বিভিন্ন গল্পকাৰ ,কবি ,সাহিত্যিক সকলেও নিজৰ লেখনীত অসমীয়া সাহিত্যৰ জাতিটোৰ আচাৰ ব্যৱহাৰ পৌৰাণিক যুগৰ পৰা বৰ্তমানৰ অৱস্থা সংস্কৃতিৰ বৈশিষ্ট্য দাঙি ধৰিছে। উদাহৰণ হিচাপে উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ কথাকে উনুকিয়ালো।তেওঁৰ উপন্যাস মনোমতী,মিৰি জীয়ৰী সুন্দৰ লিখনি ,সেই সময়ত অসমৰ আহোম জনগোষ্ঠী, মিৰি জনগোষ্ঠীৰ ইত্যাদিৰ সংস্কৃতিৰ মানুহৰ ৰীতি -নীতি পৰম্পৰা সমাজ ব্যৱস্থা স্পষ্ট লিখনিৰ আভাষ পাওঁ ।

গতিকে একোটা জাতিৰ পৰিচয় বহন কৰে সেই জাতিটোৰ  ভাষা- সংস্কৃতিৰ জৰিয়তে ।আমাৰ দেশ ভাৰতবৰ্ষত বাস কৰা প্ৰতিখন ৰাজ্যৰ বাসিন্দাৰ ভাষা-সংস্কৃতি বেলেগ বেলেগ।আমাৰ অসম এখন বহুল জাতি জনগোষ্ঠীয় ৰাজ্য যদিও অসমৰ পৰিচয় বহন কৰি আহিছে প্ৰধানকৈ অসমীয়া ভাষা-সংস্কৃতিয়ে — বৰ্তমান বিশ্বায়নৰ যুগ। সময়ৰ লগে লগে মানুহৰ ধ্যান -ধাৰণা, ৰুচি- অভিৰুচি সলনি হৈছে ।এখন দেশৰ ভাৱধাৰা-সংস্কৃতিৰ প্ৰভাৱ আন এখন দেশত পৰিছে বা আকোৱালি লৈছে ,এয়া কোনো ভুল নহয় ।

বৰ্তমান আমাৰ অসমীয়া সংস্কৃতিতো বিশ্বয়ানৰ প্ৰভাৱ পৰিছে। যাৰ ফলত খোৱা-বোৱা,পিন্ধা-উৰা সকলোতে পশ্চিমীয়া ধৰণ স্পৰ্শ কৰিছে ।আজিৰ অসমীয়া খাৰ খাব নজনা হ’ল । ফাছফুড ,জুছ ইত্যাদি খাদ্যৰ প্ৰতি মানুহৰ স্পৃহা বাঢ়ি যোৱা দেখিবলৈ পাইছোঁ। মেখেলা-চাদৰ ,ধুতি ইত্যাদিৰ ঠাইত চুৰিদাৰ,স্কাৰ্ট,টপ,লংপেন্ট ইত্যাদি সাজপাৰৰ প্ৰচলন বেছি হ’ল ।ঠিকে আছে সময়ে বাধ্য কৰিলেও  আমাৰ অসমীয়া সাজপাৰ খিনি জাতীয় উৎসৱ বা সামাজিক ৰীতি- নীতিত ব্যৱহাৰ কৰিব লাগিব। বিশ্বায়নৰ প্ৰয়োভৰত আমাৰ ভাষা সংস্কৃতি যাতে উটি ভাঁহি নাযায় তালৈও লক্ষ্য ৰাখিব লাগিব।

বৰ্তমান অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ ৰক্ষাৰ ক্ষেত্ৰত নৱ প্ৰজন্মই আগবঢ়াই আহিব লাগিব। নৱপ্ৰজন্ম অসমীয়া সমাজ সংস্কৃতিৰ ক্ষেত্ৰত সচেতন নহ’লে জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক পৰিস্থিতিৰ সৃষ্টি হ’ব । তেওঁ লোকেও অনুভৱ কৰিব লাগিব  -“আমি অসমীয়া নহও দুখীয়া ” এই বাক্য শাৰী  ।তেতিয়াহে আমাৰ অসমীয়া ভাষা সুৰক্ষিত হ’ব ।