অসমীয়া ভাষা’ক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ ঐতিহাসিক সিদ্ধান্তৰ বাবে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ অগপৰ
ৰঙিলী বাৰ্ত্তাসেৱা- আমাৰ প্ৰাণৰো প্ৰাণৰ ‘অসমীয়া ভাষা’টিয়ে ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলে৷ এই খবৰে প্ৰতিজন অসমীয়াকে আনন্দিত কৰি তুলিছে৷ অসমীয়া ভাষাটিক ধ্ৰুপদী ভাষাৰ মৰ্যদা প্ৰদানৰ ঐতিহাসিক সিদ্ধান্তৰ বাবে যশশ্ৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেন্দ্ৰীয় কেবিনেটক কৃতজ্ঞতা জনাইছে অগপই৷ তদুপৰি অসমৰ দূৰদৰ্শী মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমীয়া ভাষাৰ উত্তৰণৰ বাবে কৰি অহা কৰ্মৰাজিৰ বাবে অসম গণ পৰিষদে কৃতজ্ঞতা জনায়৷অসমীয় ভাষাক জগত সভালৈ লৈ যোৱাৰ ক্ষেত্ৰত যিসকল মহামনিষীয়ে আঢ়োপুৰুষাৰ্থ কৰিলে তেওঁলোকক এই সুযোগতে সশ্ৰদ্ধ প্ৰণিপাত জনাই অগপৰ সভাপতি অতুল বৰাই কয় যে অসমীয়া ভাষাটিয়ে এই অলংকাৰ পৰিধান কৰাৰ পাছত প্ৰতিজন অসমীয়াৰ দায়িত্ব আৰু বাঢ়িল৷ অধিক দায়বদ্ধ হৈ হিয়াৰ আমঠু ভাষাটিৰ উত্তৰণৰ হকে কাম কৰি যাবলৈ তেওঁ লগতে সকলোকে আহ্বান জনায়৷