অসমীয়া জাতিৰ প্ৰাণ “ভাদ মাহ”
নিৰ্মালি বৰা হাজৰীকা,নগাঁও
অসমীয়া বৰ্ষচক্ৰৰ পঞ্চমটো মাহ ভাদমাহ এক সুকীয়া বৈশিষ্ট্যৰে জিলিকি আছে।ভাদ মাহ বুলিলেই মন পৱিত্ৰতাৰে ভৰি পৰে।য’তেই নাথাকক কিয় ভাদ মাহ বুলিলেই প্ৰতিজন অসমীয়াৰ শিৰ দোঁ খাই পৰে।অসমীয়া জাতিৰ প্ৰাণ ভাদ মাহ।
অসমৰ গাঁৱে-ভূঁৱে ,চহৰে-নগৰে থকা নামঘৰ তথা সত্ৰত পুঁৱা-গধূলি হৰিনামৰ অমীয়া ধ্বনিৰে মূখৰিত হয়।শাওণ আৰু ভাদ মাহৰ সংক্ৰান্তিৰ দিনাৰে পৰা আৰম্ভ হয় ভাদ মাহ।শৰৎ ঋতুৰ অন্তৰ্গত এই ভাদ মাহৰ উৎপত্তি হৈছে পূৰ্বভাদ্ৰপদ নামৰ নক্ষত্ৰৰ পৰা।
ভাদ মাহৰ বিশেষত্ব হ’ল অসমীয়া সমাজ জীৱনৰ দিকদৰ্শনকাৰী ,অসমীয়া জাতিক একতাৰ ডোলেৰে বান্ধি ৰাখা জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধ্ৱ দেৱৰ এই ভাদ মাহতেই মহাপ্ৰয়ান ঘটিছিল। তেখেতসকলৰ ৰচনাৰাজিৰ মূল উপজীৱ্য আছিল ভগৱান শ্ৰীকৃষ্ণ।এই মাহ ৰেই ৰোহিণী নক্ষত্ৰৰ অষ্টমী তিথিত ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল।ভক্ত সকলে অতি উলহ-মালহেৰে জন্মাষ্টমী পালন কৰে।
অসমীয়া কৃষিজীৱি মানুহে এই মাহত কৃষিকৰ্মৰ পৰা আহৰি পায়।নামঘৰত গৈ ভগৱানৰ নাম লয়।বৰ্তমান ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতে অলপ হ’লেও সময় উলিয়াই নামঘৰত গৈ এভাগ শৰাই আগবঢ়াই পৰিয়ালৰ মংগল কামনা কৰে।সেইদৰে ভাদমাহত গোপিনীসকলেও ঘৰুৱা ব্যস্ততাৰ মাজতে ক্ষণিক আহৰি উলিয়াই নামঘৰ হৰিনামৰ ধ্বনিৰে ৰজন-জনাই তোলে।
ভাদমাহ উপলক্ষে বিভিন্ন ঠাইত ভাওনা – অংকীয়া নাট আদিৰ লগতে শংকৰী কলা কৃষ্টিৰ নানা কায্যসূচী হাতত লোৱা হয়।সেয়েহে এই ভাদমাহত ভকত বৈষ্ণৱৰ লগতে গায়ন-বায়ন সকলোৰে সীমাহীন ব্যস্ততা।পুঁৱাৰ পৰা ৰাতিলৈ গায়নৰ গীতৰ ৰাগ,বায়নৰ খোলৰ চাপৰ ,হৰিনামৰ পৱিত্ৰ ধ্বনি,ভাৱৰীয়াৰ বিলাপ-পয়াৰৰ সুৰত এক নান্দনিক পৰিৱেশত অসমৰ আকাশ-বতাহ।
“তিনি ভদীয়াই হাতী বান্ধে”বুলি এক প্ৰবাদ আছে।একোটা পৰিয়ালৰ যদি তিনিটা পুৰুষ ভাদ মাহত জন্ম হয় তেন্তে সেই পৰিয়াল সৌভাগ্যশালী হয়।ঐশ্বৰ্য্য বিভূতিৰে ভৰি পৰে ঘৰ।ভাদ মাহত জন্মা সন্তানক ভাগ্যৱান বুলি কোৱা হয়।পৰিয়াল কোনোলোক মৃত্যু হ’লে অমংগল বুলি ভবা হয়।এই মাহত বিয়া নাপাতে আনকি কলগছো নোৰোৱে।ভাদ মাহৰ খাদ্যবিচাৰো মন কৰিব লগীয়া ।ভাদ মাহত সৰিয়হ বটা,ওলকচু আদি খায়।ভাদ মাহত ৰ’দ প্ৰখৰ হয় বাবে বাকচৰ কাপোৰ ৰ’দত দিয়ে।যাৰ ফলত পোক-পৰুৱা আদিয়ে কাপোৰ নষ্ট কৰিব নোৱাঁৰে।
মুঠৰ ওপৰত অসমীয়া জাতি যেতিয়ালৈকে জীয়াই থাকে এই ভাদ মাহো ইয়াৰ স্বকীয় মহিমাৰে উজ্জ্বলী থাকিব।