অসমীয়া জাতিসত্তাৰ নাম আন এটি জুবিন গাৰ্গ
নাছিৰ আহমেদ,শিমলাবাৰী,গোৱালপাৰা
সঁচা কথা কবলৈ গ’লে , জুবিন গাৰ্গৰ কোনো সুশৃংখলাৱদ্ধ জীৱন আদৰ্শ নাছিল। তেওঁ কোনো বিশেষ ৰাজনৈতিক দৰ্শনৰ ভেটিত গীতসমূহ সৃষ্টি কৰা নাছিল। তেওঁ আছিল মুক্ত, স্বাধীন। জুবিন গাৰ্গে বিহঙ্গৰ দৰে ডেউকা মেলি দূৰ-দূৰান্তলৈকে সপ্ত আকাশ ভ্ৰমণ কৰি নৱ দিগন্তৰ অসীমৰ বুকুত চিৰ মিলনৰ গীত গাব বিচাৰিছিল। ফৰাচী দাৰ্শনিক ৰুছোৰ ” Return to the nature” আহ্বানক সঁহাৰি জনাই সেউজ বননিৰে ভৰপূৰ অসমৰ বুকুত বিচৰণ কৰি তেওঁ ভাল পাইছিল। মোম্বাইৰ দৰে কংক্ৰীটৰ নগৰীৰ কৃত্ৰিম জীৱন ধাৰাৰ প্ৰতি তেওঁ অতিষ্ঠ হৈ অসংখ্য হিন্দী গীত পৰিৱেশন কৰি লাখ লাখ টকা উপাৰ্জনৰ মোহ ত্যাগ কৰি নিজৰ মাতৃভূমিলৈ উভতি আহি স্থবিৰ হৈ পৰা অসমীয়া সংগীত, বোলছবি নিৰ্মাণ কৰি এক নব্য চিন্তাধাৰাৰ ধাৰক-বাহক হৈ পৰিছে। একেদৰে তেওঁ বাংলা গান আৰু চলচ্চিত্ৰৰো এটি নতুন ধাৰা সৃষ্টি কৰিছিল। তেওঁ ইংৰাজী সাহিত্যৰ শ্ৰেষ্ঠ কবি মিল্টনৰ “পেৰাডাইছ লষ্ট “ৰ এটা চৰিত্ৰই মৰ্মে মৰ্মে উপলব্ধি কৰাৰ দৰে ” It is better to reign in hell than serve in heaven” অনুভৱ কৰিছিল যে, মোম্বাই নগৰীৰ পুঁজিপতি বনিক শ্ৰেণীৰ হাতত দাসত্বৰ জীৱন যাপন কৰাতকৈ অসমৰ দুখীয়া নিচলাৰ ভগা পঁজা একো একোখন তীৰ্থৰ সমান , তেওঁ তাতে সম্ৰাট হৈ থাকিব বিচাৰিছিল। তেওঁ ঘোষণা কৰিছিল যে, তেওঁৰ মৃত্যুৰ পাছত অসমৰ লাখ লাখ মানুহে সাতদিন ধৰি তেওঁৰ শোকত ভাগি পৰিব।
জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণু প্ৰসাদ ৰাভাই এটা নিৰ্দিষ্ট লক্ষ্য আৰু দৰ্শন লৈ ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় অংশ গ্ৰহণ কৰাৰ বাবে স্বাধীনতা যুঁজাৰুসকলক কবিতা-গীত- নাটক ৰচনা কৰি অনুপ্ৰাণিত কৰিছিল আৰু ডঃ ভূপেন হাজৰিকাই অসমৰ ভাষা আন্দোলনৰ সময়ত অসমীয়া আৰু বঙালীৰ মাজত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষক ৰোধ কৰিবলৈ তেওঁ অসম নাট্য সন্মিলনৰ সভাপতি হেমাংগ বিশ্বাসৰ নেতৃত্বত ” মানুহে মানুহৰ বাবে” গীত পৰিৱেশন কৰিছিল।
জুবিন গাৰ্গৰ সন্মুখত কোনো স্পষ্ট আদৰ্শ নাছিল। কিন্তু, তেওঁ দুৰ্বিনীত সাহসিকতাৰে ধুমুহাৰ সৃষ্টি কৰি সকলো সীমিত আদৰ্শক উঘালি পেলাই দি মুক্ত ভাৱে জীয়াই থাকিব বিচাৰিছিল। তেওঁৰ আছিল অধ্যয়নপুষ্ট এটি মন। তেওঁ হয়তো কাৰ্লমাক্স আৰু মাও চে তুঙৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ নিজকে ছচিয়েলিষ্ট আৰু বামপন্থী বুলি ঘোষণা কৰিছিল আৰু চে গুৱেভেৰাৰ দ্বাৰা অনুপ্ৰাণিত হৈ চিঞৰি চিঞৰি কৈছিল, ” মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাতি নাই, মই মুক্ত ,মুক্ত, মই অসমীয়া, মই কাঞ্চনজংঘা আৰু মই ইউকেলাপ্তাছ গছৰ দৰে ক্ৰমে ওখ ওখ হৈ যাম। ” প্ৰকৃততে,জুবিন মাথোঁ এটি নাম নহয়, জুবিন মানে খোলা তৰোৱাল,শানিত তৰোৱাল ; যিয়ে দুৰ্নীতিপৰায়ণ,অন্যায়কাৰী,ব্
জুবিন গাৰ্গে সাগৰৰ পৰা যাত্ৰা আৰম্ভ কৰি ছিংগাপুৰৰ সাগৰৰ বুকুত গৈ সাঁতুৰি আছে ; সন্মুখত আগবাঢ়ি আহি আছে এখন নীলা জাহাজ। তেওঁ সেই জাহাজখনৰ নাবিক হৈ বিশ্ব পাৰাপাৰ অতিক্ৰম কৰিব। এনেকৈ অসমীয়াৰ ঘৰে ঘৰে শোকৰ ছাঁ পেলাই উভতি নহাৰ বাটেৰে গুচি গ’ল অসমৰ হাৰ্টথ্ৰব গণশিল্পী জুবিন গাৰ্গ। শোকস্তব্দ হৈ পৰিল পশ্চিমবঙ্গ আৰু বাংলাদেশৰ বাঙালী সমাজ আৰু প্ৰত্যেকজন ভাৰতীয়! তেওঁ আমাৰ অসমৰ চিৰ নমস্য। অসমীয়া জাতিসত্তাৰ আন এটা নাম জুবিন গাৰ্গ। তেওঁ অমৰ হওক !