অসমীয়া জনজীৱন প্ৰতিফলিত হোৱা ৰঙালী বিহু আৰু ৰাইজৰ সামাজিক দায়বদ্ধতা… ঃ মানসী মিশ্র

অসমীয়া জনজীৱন প্ৰতিফলিত হোৱা ৰঙালী বিহু আৰু ৰাইজৰ সামাজিক দায়বদ্ধতা…

মানসী মিশ্র

আমাৰ পদুলিৰ সমুখত অসমীয়া জাতিৰ হৃদস্পন্দন, হিয়াৰ আমঠু ৰঙালী বিহু। ৰাজ্যবাসীয়ে পূর্ণপ্রস্তুতিৰে আদৰিবলৈ সাজু হৈছে হেঁপাহৰ ৰঙালী বিহুটিক। ফাগুনৰ চঞ্চলা বতাহজাক, শিমলু -পলাশৰ দগমগীয়া ৰঙবোৰেই প্রতিজন অসমীয়াৰ অন্তৰত আগতীয়াকৈ সিঁচি দিছে ব’হাগ অহাৰ বাতৰি। লওঠা শীতে প্রকৃতিৰ শোভা, সুষমাবোৰে টানি আজুৰি লৈ যোৱাৰ পিছত বসন্তৰ কুঁহিপাতবোৰে গছৰ ডালে-পাতে, পর্বতে পাহাৰে সকলোতে সিঁচি দিয়ে সেউজ সুন্দৰতা। সূদূৰৰ পৰা গছৰডালত বহি মতা কুলিৰ মাতে আমাক প্রত্যেককে দিছে ব’হাগ অহাৰ বাতৰি। প্ৰকৃতিৰ এই অপৰূপ পৰিবৰ্তনৰ মাজেদি আমাৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত থকা জাতি জনগোষ্ঠীৰ প্রতিজন লোকৰ মন আনন্দত থৌকি বাথৌ। বিহু অসমৰ প্ৰতিটো জাতি-জনজাতিৰে হৃদস্পন্দন। এই প্রতিটো জাতি জনগোষ্ঠী মূলত কৃষিজীৱি। এই কৃষিজীৱি সমাজে কৃষিকার্য্য শুভাৰাম্ভ কৰাৰ আগমূহুৰ্তৰ পৰাই ই পথাৰৰ লখিমীক নিজৰ গৃহলৈ আদৰি অনাৰ পিছলৈকে বেলেগ বেলেগ মূহুর্তত বিহু-পালন কৰি আহিছে। বিহুৰ লগত অসমীয়া জনজীৱনৰ এক এৰাব নোৱাৰা আত্মিক সম্পর্ক আৰু এয়া বহুযুগ ধৰি অব্যাহত আছে। এক কথাত ক’বলৈ গ’লে লুইতৰ পানী যিমান দিনলৈ প্রবাহিত হৈ থাকিব, তেতিয়ালৈকে অসমীয়াই উলাহ-উদ্দীপনাৰে বিহুক জীয়াই ৰাখিব। অসমত থকা বড়ো, ৰাভা, মিছিং, দেউৰী, ডিমাছা, মৰাণ সকলোৱে নিজস্ব বাৰেৰহণীয়া শৈলীৰে বিহু উছৱ পালন কৰে। সময়ৰ লগে লগে বিহুত কিছু পৰিবর্তন হৈছে। সমাজ আৰু সভ্যতাৰ পৰিবৰ্তনৰ লগে লগে কিছু নতুনত্বৰ সংযোজন হৈছে। এটা জাতিৰ ক্রমবিকাশৰ লগে লগে সেই জাতিটোৰ লগত সাঙোৰ খাই থকা লোক-সংস্কৃতি, পৰম্পৰা সমূহৰ কিছু পৰিবর্তন ঘটেই কিন্তু ইয়াৰ মাজতেই তেওঁলোকৰ জীৱন আৰু জীৱিকাৰ লগত অংগাংগী সম্পর্ক থকা বিহু উছৱক জীয়াই ৰখাৰ প্রচেষ্টা অব্যাহত ৰাখিছে। নগৰীয়া জীৱন যাত্ৰাত মানুহৰ জীৱন ধাৰণৰ শৈলীয়ে উৎসৱ পার্বণসমূহত কিছু নতুনত্ব আৰু আধুনিকতাৰ সংযোজন কৰিছে। কিন্তু গ্রাম্যবাসী কৃষকসমাজে বিহু উৎসৱৰ স্বকীয়তা বজাই ৰাখিবলৈ বহুখিনি চেষ্টা অব্যাহত ৰাখিছে। বিহু সম্পূর্ণৰূপে এক কৃষি ভিত্তিক উৎসৱ। মাটিৰ সম্পর্ক, পথাৰৰ সম্পৰ্ক বিহুৰ লগত ওতঃপ্রোতভাৱে জড়িত। সেউজীয়া শইচৰে জীপাল হৈ থকা পথাৰখনতেই মানুহে বিচাৰি পায় জীৱনৰ ছন্দ। কলাগুৰু বিষ্ণুৰাভাই কৈ গৈছে বিহু এক কৃষিভিত্তিক ঋতুকালীন উৎসৱ। আমাৰ ৰাজ্যখনৰ অর্ধেক সংখ্যক মানুহেই প্রত্যক্ষভাৱে কৃষি কর্মৰ লগত জড়িত। শ্রমজীৱি কৃষকে তেওঁলোকৰ দুহাতেৰে নাঙল-যুৱঁলি হাতত লৈ পথাৰৰ চৌপাশে সোণগুটি শইচৰে ভৰাই তোলে। এই কৃষিকৰ্মত শুভাৰাম্ভ কৰাৰ আগে আগে চ’ত, ব’হাগ মাহৰ সংক্রান্তিত অসমৰ এইসকল লোকে ব’হাগ বিহু অথবা ৰঙালী বিহু উদযাপন কৰে। আনন্দ হেঁপাহেৰে ৰঙালী বিহুৰ দিনা কেইটা ৰং আনন্দৰে কটাই এক সজীৱ মন লৈ  কৃষিজীৱি সমাজে কৃষিকাৰ্য্যৰ শুভাৰম্ভ কৰে। তেওঁলোকৰ সকলোৰে আশা যে পথাৰখন সোণগুটি শইচৰে ভৰি পৰক আৰু ৰাইজে মনৰ জোখাৰে দুবেলা দুমুঠি পেটভৰাই খাবলৈ পাওঁক। সসয়ৰ লগে লগে পথাৰৰ বিহু, গছৰ তলৰ ৰঙালী বিহু মঞ্চলৈ আহিল। গাঁৱে ভূঞে, চহৰৰ প্রান্তে প্রান্তে বিভিন্ন বিভিন্ন কাৰ্য্যসূচীৰে মঞ্চ বিহু অনুষ্ঠিত হয়। বর্তমানৰ দিনসমূহত সময় আৰু প্রযুক্তিৰ দ্রুত অগ্রগতিয়ে ঘৰতে বহি টি.ভি.ৰ পর্দাতেই মঞ্চ বিহুৰ কাৰ্য্যসূচীসমূহ উপভোগ কৰিব পৰা হৈছে।

ৰঙালী বিহুটি যিহেতু বর্তমানৰ সময়ত সম্পূর্ণ আনুষ্ঠানিকভাবে পালন কৰা হয়, সেই দৃষ্টিকোণৰ পৰা এই বিহু উৎসৱৰ আয়োজনৰ লগত এটা বিশাল গণ সমষ্টি জড়িত হৈ থাকে। উদাহৰণ স্বৰূপে বিহু সমিতিৰ পৰা, স্থানীয় জনসাধাৰণ, বিভিন্ন দিশৰ শিল্পী কলা-কুশলী, দর্শক শ্রোতা এই সকলো ব্যক্তিৰে বিহু অনুষ্ঠানটি আৰম্ভ হোৱাৰ পৰা শেষলৈকে এক সামাজিক দায়বদ্ধতা জড়িত হৈ থাকে। ৰাইজৰ মাজৰ পৰা গঠিত আৰু বাচনিপ্রাপ্ত সমিতিয়ে যিদৰে এক সুন্দৰ পৰিকল্পনা প্রস্তুত কৰিব পাৰিলেহে সমগ্র উছৱৰ কাৰ্য্যসূচীসমূহ সুশৃঙ্খলিতভাৱে আয়োজিত হ’ব পাৰিব, ঠিক তেনেদৰে এই অনুষ্ঠানৰ যোগেদি ৰাইজক আমোদ দিবলৈ আমন্ত্রিত বিভিন্ন দিশৰ শিল্পীসকলে এক সুৰুচি সম্পন্ন আৰু মার্জিত অনুষ্ঠান পৰিবেশৰ যোগেদি অনুষ্ঠানটো শান্তিপূর্ণভাৱে পৰিচালিত হোৱাত সহায় কৰে। একেদৰেই উপস্থিত ৰাইজ তথা শ্রোতা দর্শকসকলৰ শান্তিপূর্ণ সহযোগিতাৰ মাধ্যমেৰে এনেধৰণৰ অনুষ্ঠানটো সম্পূর্ণভাৱে সফল হ’ব পাৰে। মানুহে দৈনন্দিন কর্মব্যস্ত জীৱনত সদায় এক ৰুটিনৰ ভিতৰতে সীমাবদ্ধ থাকি যি জীৱন অতিবাহিত কৰিবলগীয়া হয়, তাৰ মাজতেই সময়ে সময়ে আহি থকা উৎসৱ-পার্বণৰ জৰিয়তে ৰং আৰু হাঁহি-ধেমালিত ভাগ বলৈ বিচাৰে আৰু এয়াই সময়ে সময়ে মানুহক যোগান ধৰে মানসিক আনন্দ আৰু সজীৱতা। গতিকে এনে এটি আনন্দৰ উৎসৱ ৰঙালী বিহুটি কিদৰে শান্তি আৰু সুশৃঙ্খলতাৰে অতিবাহিত হোৱাৰ ক্ষেত্রত ৰাইজৰ যেনেদৰে গুৰুদায়িত্ব আছে, ঠিক একেদৰেই ইয়াত অংশগ্রহণ কৰা শিল্পীসকলেও সমানেই দায়িত্ব পালন কৰিবলগীয়া আছে। বিশেষকৈ আজি কিছুবছৰ ধৰি ৰঙালী বিহু পালনৰ নামত কেতবোৰ নেতিবাচক কাৰক বা প্রভাৱ আমি ইয়াৰ পৰা বাদ দিয়াটো খুবেই জৰুৰী হৈ পৰিছে। উদাহৰণস্বৰূপে প্রতিখন মঞ্চ বিহুৰ আয়োজন কৰাৰ সময়ত বিহু কমিটিৰ উদ্যোক্তাসকলে ৰাইজৰ পৰা বিশেষকৈ স্থানীয় ৰাইজ আৰু নেতৃস্থানীয় লোকসকলৰ পৰা দান বৰঙণি আৰু বিহুৰ চান্দা সংগ্রহ কৰাটো বিহু সমিতিৰ উদ্যোক্তাসকলে এক অপৰিহাৰ্য্য কাম বুলি বিবেচনা কৰে। বিহু অসমীয়াৰ বাপতি সাহোন। অসমীয়াৰ হৃদয়ৰ কোঁহে কোঁহে ৰঙালী বিহুটিৰ প্রতি অসীম প্রীতি আৰু ভালপোৱা সঞ্চিত হৈ আছে। সেয়েহে সকলো স্থানীয় ৰাইজে হেঁপাহৰ ৰঙালী বিহুটিৰ লগত সংগতি ৰাখি আয়োজন কৰা বিহু অনুষ্ঠানটিলে নিজৰ সামর্থ্য অনুযায়ী চান্দা দিবলৈ, কিছু বৰঙণি আগবঢ়াবলৈ অকণো কুণ্ঠাবোধ নকৰে। ইয়াৰোপৰি বহু নেতৃস্থানীয় লোকে নিজৰ ইচ্ছানুযায়ী দান বৰঙণি আগবঢ়ায় যাতে আর্থিক সংকট নোহোৱাকৈ অনুষ্ঠানটো সুকলমে পাৰ হ’ব পাৰে। এইখিনিলৈকে মানুহৰ ওজৰ আপত্তি কৰিবলগীয়া কথা নাথাকে। কিন্তু কিছু বছৰৰ পৰা অসমৰ বিভিন্ন স্থানত এইটো প্রত্যক্ষ কৰা দেখা গৈছে যে বিহুৰ কাৰ্যসূচীৰ বাবে বৰঙণি সংগ্ৰহৰ প্রক্রিয়া বিহু অহাৰ কেইবামাহো আগৰপৰাই আৰম্ভ হয় আৰু বিহুৰ দিনকেইটাতো চলি থাকে। আনকি চান্দাৰ নামত বহুত জোৰ-জুলুম কৰাও পৰিলক্ষিত হয়। ৰাজহুৱা ৰাষ্টাত চেঙেলীয়া ল’ৰাই বাট- আগচি ধৰি বিহুৰ নামত বৰঙণি সংগ্রহ কৰা কথাটো এতিয়া সকলোৰে বাবে পৰিচিত বিষয় হৈ পৰিছে। আনকি তেওঁলোকে দাবী কৰামতে ধন দিবলৈ অমান্তি হ’লে গাড়ীৰ যাত্রীসকলৰ প্রতি কথা কটুমন্তব্যই বহুসময়ত ৰাইজক বাৰুকৈয়ে অতিষ্ঠ কৰে।

আমাৰ জাতীয় সংস্কৃতি, বাপতি সাহোন ৰঙালী বিহু উৎসৱ পালনৰ নামত জোৰ-জুলুম কৰি চান্দা সংগ্রহ কৰাৰ এই নেতিবাচক চিন্তাধাৰা বৰ্তমানৰ অসমীয়াই পৰিহাৰ কৰিব লাগে। আন এটি গুৰুত্বপূর্ণ দিশ হ’ল যে ল’ৰালিৰ দিনৰ পৰাই প্রতিজন ব্যক্তিয়ে শুনি আহিছে, জানি আহিছে যে চ’ত আৰু ব’হাগ মাহৰ সংক্ৰান্তিত ব’হাগ বিহুৰ শুভাৰাম্ভ হয় আৰু ভিন ভিন নামেৰে এই বিহু সাত দিন ব্যাপি চলে। অৱশ্যে ব’হাগৰ মাহটোতেই প্রকৃতিৰ নতুন ৰূপত এক বিনন্দীয়া পৰিবেশৰ মাজত সমগ্র ব’হাগ মাহটোতেই অসমীয়াৰ হৃদয় ৰঙালী বিহুৰ ৰঙেৰে ভৰি থাকে। কিন্তু আজি প্রায় এটা দশক জুৰি দেখা গৈছে যে আমাৰ ৰাজ্যখনত ৰঙালী বিহুৰ এই আয়োজন অর্থাৎ মঞ্চ বিহু ব’হাগ বিহুৰ প্রথম দিনটোৰ পৰা জেঠ মাহৰ শেষলৈকে অথবা আহাৰ মাহৰ প্রথমছোৱা সময়লৈ অবিৰতভাৱে চলি থাকে। আমি যদি একোগৰাকী সচেতন ব্যক্তি হিচাপে এই বিষয়টো গভীৰতাৰে বিশ্লেষণ কৰি চাওঁ তেন্তে অসমৰ নিচিনা উন্নয়নশীল তথা অর্থনৈতিকভাৱে পিছপৰা ৰাজ্য এখনত সংস্কৃতি ৰক্ষাৰ নামত বিহুৰ সাংস্কৃতিক কার্যসূচী পালন কৰি কোটি কোটি টকা অপচয় কৰাৰ যুক্তি-যুক্ততা কিমান আছে সেয়া অত্যন্ত চিন্তা কৰিবলগীয়া বিষয়। বিহুৰ সাংস্কৃতিক কাৰ্যসূচী পালন কৰিবলৈ সমগ্র ব’হাগ মাহটোৱে আমাৰ বাবে যথেষ্ট নহয় জানো? ইয়াৰ লগতে সাঙোৰ খাই থকা আন এটি দিশ হৈছে যে সৰহভাগ বিহুতলীতেই বিহুৰ সাংস্কৃতিক কাৰ্য্যসূচী আগদিনা সন্ধিয়া পাঁচ বজাত আৰম্ভ হৈ পুৱতি নিশা পাঁচ বজালৈকে চলে। আমাৰ ৰাজ্যখনেই হয়তো একমাত্র ৰাজ্য য’ত গোটেই নিশা পাৰ কৰি পুৱতি নিশালৈ অথবা ৰাতি পুৱালৈ সাংস্কৃতিক কার্যসূচী চলে। গভীৰ নিশাৰ সুযোগ লৈ এচাম সুযোগ সন্ধানী শ্রোতাদর্শকে অত্যাধিক সুৰা পাণ কৰি বিহুমঞ্চ স্থলীতেই এক অপ্রীতিকৰ পৰিবেশৰ সৃষ্টি কৰে কাজিয়া পেচালো সৃষ্টি হয়। ইয়াৰ লগতে মঞ্চত অনুষ্ঠান পৰিবেশন কৰি থকা শিল্পীসকলৰ প্রতি নানা অশ্রাব্য আৰু কটু মন্তব্য দিয়া প্রায়েই শুনা যায়। সমগ্র নিশা উজাগৰে থাকি পুৱতি নিশা অনুষ্ঠান শেষ হোৱাৰ পিছত গাড়ী চলাই গৃহাভিমুখে ওভোতাৰ পথত বহুতো গুৰুতৰ পথ দূর্ঘটনা হোৱাৰ উদাহৰণ ইতিমধ্যে আমাৰ ৰাজ্যখনত অলেখ আছে। বহুতো শিল্পী কলা-কুশলীয়ে এনে পথ দূৰ্ঘটনাত পতিত হৈ অকালতে আঁতৰি যাবলগীয়া হৈছে। এই সমুহ দূর্ভাগ্যজনক ঘটনাই অসমৰ সাংস্কৃতিক জগতখনলৈ অন্ধকাৰহে নমাই আনে। সেইবাবে প্রত্যেকখন বিহু সমিতিয়ে যাতে সময়ৰ কথাটোলৈ মনত ৰাখি, সকলো সুবিধালৈ লক্ষ্য ৰাখি নির্দিষ্ট সময়ত কার্য্যসূচী শেষ কৰে, এই কথাটোত যথেষ্ট গুৰুত্ব দিব লাগে। এই বিষয়টোত অনুষ্ঠান পৰিবেশন কৰা শিল্পী, কলা-কুশলীসকলেও সহযোগিতা আগবঢ়াব লাগে আমি আমাৰ প্রাণৰ সত্বা ৰঙালী বিহুটোত সাঙোৰ খাই পৰা নেতিবাচক দিশসমূহ আঁতৰ কৰিবলৈ আগ্রহেৰে আগবাঢ়ি আহিব লাগে। আমি সকলোৱে জানোঁ যে ব’হাগ কেৱল এটি ঋতু নহয়, মাথোন এটি মাহ নহয়, ব’হাগ অসমীয়া জনজীৱনৰ সত্বা। ইয়াত প্ৰতিগৰাকী অসমীয়াৰ আবেগ, অনুভূতি সাঙোৰ খাই আছে। অসম জ্যোতি প্রসাদ, বিষ্ণুৰাভা, ফনী শর্মাৰ দেশ ড০ ভুপেন হাজৰিকাৰ দেশ। সেইবাবে প্রতিজন অসমীয়াই সংস্কৃতিৰ নামত সোমাই পৰা অপসংস্কৃতিসমূহ আঁতৰাই সংস্কৃতিৰ নিভাঁজ উপাদান সমূহেৰে অসমীয়া জাতিক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত আমাৰ প্রতিজন ব্যক্তিৰে সামাজিক দায়বদ্ধতা জড়িত হৈ আছে।