অসমীয়া চিনেমা ‘ৰঙাটাপু’লৈ ৰাষ্ট্ৰীয় চলচ্চিত্র  বঁটা

অসমীয়া চিনেমা ‘ৰঙাটাপু’লৈ ৰাষ্ট্ৰীয় চলচ্চিত্র  বঁটা

ৰঙিলী বাৰ্ত্তাসেৱা- ঘোষণা কৰা হ’ল  ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটা। অসমীয়া ছবিৰ শিতানত ৰঙাটাপু-১৯৮২ ছবিখনে শ্রেষ্ঠ ছবিৰ ৰজতকমল সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। চাৰিগৰাকী নাৰীৰ সহ্য-ধৈর্য-সাহস আৰু ত্যাগৰ হৃদয় কঁপাই যোৱা এটা কাহিনীৰ আধাৰত আদিত্যম শইকীয়াৰ পৰিচালনাৰে ৰঙাটাপু-১৯৮২ নিৰ্মাণ কৰা হৈছে। অসমৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনাক লৈ সঁচা কাহিনীৰ আলমত নিৰ্মাণ কৰা ছবিখনে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈও সক্ষম হৈছিল। গুঞ্জন ভৰদ্বাজ, ৰিম্পী দাস, আইমী বৰুৱাকে ধৰি বহুসংখ্যক নবীন-প্রবীণ শিল্পীয়ে অভিনয় কৰা এই ছবিখনে অসমীয়া ছবিৰ শিতানত শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰাত ৰাজ্যৰ সাংস্কৃতিক জগতত আনন্দৰ বন্যা বৈছে। আনহাতে, ৰাজ্যৰ বিশিষ্ট চলচ্চিত্র সমালোচক উৎপল দত্তলৈ অসমীয়া ভাষাত শ্রেষ্ঠ সমালোচকৰ স্বর্ণকমল আগবঢ়োৱা হৈছে। ইপিনে, শ্রেষ্ঠ টাই ফাকে ছবিৰ সন্মান লাভ কৰিছে প্রবাল খাউণ্ডৰ টাইপাং-ষ্টেট অৱ হ’পে। অকাহিনী চলচ্চিত্র শাখাত শ্রেষ্ঠ নৱাগত পৰিচালকৰ সন্মান লাভ কৰিছে শিল্পীকা বৰদলৈয়ে। তেওঁ দ্য স্পিৰিট ড্রীমছ অৱ ছেৰাও নামৰ মিজো ভাষাত নির্মিত ছবিখনৰ বাবে এই সন্মান লাভ কৰিছে। উল্লেখ্য যে ২০২৩ চনৰ ১ জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰলৈ চেন্ট্রেল ব’ৰ্ড অৱ ফিল্ম চার্টিফিকেচনে প্রমাণ-পত্র প্রদান কৰা ছবিসমূহক এই বঁটাৰ বাবে যোগ্য বিবেচনা কৰা হৈছে। জুৰীৰ দ্বাৰা গঠিত কেইবাখনো সমিতিয়ে শ্রেষ্ঠ ছবি তথা আন শিতানৰ বঁটাসমূহৰ বাবে শিল্পী-কলা-কুশলীৰ নামসমূহ বাছনি কৰিছে। সেই অনুসৰি শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছে হিন্দী ভাষাৰ টুৱেলভ ফেইল নামৰ ছবিখনে। আনহাতে হিন্দী ভাষাৰ কৰণ জোহৰ পৰিচালিত ৰকি আৰু ৰাণী কী প্রেম কাহিনী শীর্ষক ছবিখনে আটাইতকৈ জনপ্ৰিয় ছবিৰ শিতানত সন্মান লাভকৰিছে। নাল টু নামৰ মাৰাঠী ছবিখনলৈ আগবঢ়োৱা হৈছে শ্রেষ্ঠ শিশু চলচ্চিত্ৰৰ সন্মান। তেলেগু ভাষাৰ ছবি হনুমানে এনিমেচন ভিজুৱেল ইফেক্টছ, গেমিং আৰু কমিক শাখাত শ্রেষ্ঠ ছবিৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। হিন্দী ভাষাৰ দ্য কেৰালা ষ্ট’ৰী নামৰ ছবিখনৰ বাবে সুদীপ্ত সেনলৈ আগবঢ়োৱা হৈছে শ্রেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা। ইপিনে, জৱান ছবিৰ বাবে শ্বাহৰুখ খান আৰু টুৱেলভ ফেইল ছবিৰ বাবে বিক্রান্ত মেছিলৈ শ্রেষ্ঠ অভিনেতাৰ সন্মান আগবঢ়োৱা হৈছে। দুয়োগৰাকী অভিনেতাৰ বাবে এয়া হৈছে প্ৰথম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। মিছেছ চেটার্জী ভাৰ্ছেচ নৰৱে শীৰ্ষক হিন্দী ছবিৰ বাবে ৰাণী মুখার্জীলৈ শ্রেষ্ঠ অভিনেত্ৰীৰ বঁটা ঘোষণা কৰা হৈছে। সেইদৰে শ্ৰেষ্ঠ সহঃ অভিনেতাৰ বঁটা লাভ কৰিছে মালায়ালম ছবি পুক্কালামৰ বাবে বিজয়াড়া ঘাৱন আৰু তামিল ছবি পাৰ্কিঙৰ বাবে মুথু পেট্টাই ছমু ভাস্কৰে। শ্রেষ্ঠ সহঃ অভিনেত্ৰীৰ বঁটা লাভ কৰিছে মালায়ালম ছবি উল্লোঝুকুৰ বাবে উর্বশী আৰু গুজৰাটী ছবি বছৰ বাবে জানকী বড়িৱালাই। তেলেগু ছবি বেবীৰ বাবে পিভি এণ্ড এছ ৰোহিতে শ্রেষ্ঠ পুৰুষ কণ্ঠশিল্পী আৰু জৱান ছবিৰ বাবে শিল্পা ৰাৱে শ্রেষ্ঠ মহিলা কণ্ঠশিল্পীৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। হিন্দী ছবি এনিমেলৰ বাবে শচীন সুধাকৰন আৰু হৰিহৰণ মুৰুলীধৰণে শ্রেষ্ঠ ছাউণ্ড ডিজাইনৰ সন্মান লাভ কৰিছে। মালায়ালম ছবি পুক্কালামৰ বাবে মিথুন মুৰুলীয়ে শ্রেষ্ঠ সম্পাদনাৰ ৰজত কমল বঁটা লাভ কৰিছে। বাথি শীর্ষক তামিল ছবিৰ বাবে জিভি প্রকাশ কুমাৰ আৰু হিন্দী ছবি এনিমেলৰ বাবে হর্ষবর্ধন ৰামেশ্বৰে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছে। তেলেগু ছবি বালাগামৰ অৰু পালেটুৰু শীৰ্ষক গীতটিৰ বাবে কে শ্যামে শ্রেষ্ঠ সংগীতকাৰৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ৰকি অউৰ ৰাণী কী প্ৰেম কাহিনী শীৰ্ষক ছবিখনৰ ধিনধোৰা বাজে ৰে শীৰ্ষক গীতটিৰ বাবে বৈভৱী মার্চেন্টক শ্রেষ্ঠ নৃত্য পৰিচালকৰ বঁটা প্ৰদান কৰা হৈছে। আনহাতে, অকাহিনী ছবিৰ শিতানত হিন্দী ছবি ফ্লাৱাৰিং মেনে শ্রেষ্ঠ ছবিৰ সন্মান লাভকৰিছে। ইংৰাজী ছবি টাইমলেছ তামিলনাডুৱে শ্রেষ্ঠ কলা ছবি আৰু গড ভালছাৰ এণ্ড হিউমেন শীর্ষক ছবিখনে শ্রেষ্ঠ তথ্যচিত্ৰৰ সন্মান দখল কৰিছে। হিন্দী ভাষাৰ গীত দ্য স্কেভেঞ্জাৰ শীৰ্ষক ছবিখনে শ্রেষ্ঠ চুটি ছবিৰ সন্মান লাভ কৰিছে। এই শাখাত পীযূষ ঠাকুৰক দ্য ফার্স্ট ফিল্ম শীৰ্ষক হিন্দী ছবিৰ বাবে শ্রেষ্ঠ পৰিচালকৰ সন্মান প্ৰদান কৰা হৈছে। একেখন ছবিৰ বাবেই প্রণিল দেশাইক শ্রেষ্ঠ সংগীত পৰিচালকৰ বঁটাও প্রদান কৰা হৈছে।