অসমীয়া উপন্যাসত সমাজ বাস্তৱতাঃ অসম গ্ৰন্থমেলাত আলোচনা সত্ৰ

অসমীয়া উপন্যাসত সমাজ বাস্তৱতাঃ অসম গ্ৰন্থমেলাত আলোচনা সত্ৰ
সাহিত্য-সংগীতে মানুহক মানুহ কৰি ৰাখেঃ অনুৰাধা শৰ্মা পূজাৰী
সাহিত্যই মাত নোহোৱা মানুহৰ মুখত মাত দিব পাৰেঃ জয়ন্ত মাধৱ বৰা

ৰঙিলী বাৰ্ত্তাসেৱা-  কিতাপৰ সুবাস-সান্নিধ্যই উমাল কৰি তুলিছে খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলা, গুৱাহাটী ৷ ৰাজ্য চৰকাৰে ঘোষণা কৰা ‘গ্ৰন্থ-বৰ্ষ’ৰে সংগতি ৰাখি অসমৰ ৭খন চহৰত সফলতাৰে অসম গ্ৰন্থমেলা আয়োজনৰ পাছত যোৱা ২৪ ডিচেম্বৰৰ পৰা ৰাজধানী মহানগৰ গুৱাহাটীত এলানি বৰ্ণিল কাৰ্যসূচীৰে এই গ্ৰন্থমেলা অনুষ্ঠিত হৈছে ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰা অসম গ্ৰন্থমেলাৰ জুবিন গাৰ্গ সোঁৱৰণী প্ৰেক্ষাগৃহত আজি বিয়লি ২-৩০ বজাত অনুষ্ঠিত হয় “অসমীয়া উপন্যাসত সমাজ বাস্তৱতাঃ সাম্প্ৰতিক কথন” শীৰ্ষক এখন মনোজ্ঞ আলোচনা সত্ৰ ৷ আলোচনা সত্ৰখন উদ্বোধন কৰি বিশিষ্ট সাহিত্যিক ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে কয় যে অসমীয়া উপন্যাসত সমাজ বাস্তৱতা বিষয়টো অতি গুৰুত্বপূৰ্ণ ৷ উপন্যাসক বাস্তৱৰে কাল্পনিক ৰূপ বুলি ক’ব পাৰি ৷ বাস্তৱতাক বাদ দি সাহিত্যৰ সৃষ্টি নহয় ৷ আমাৰ চকুৰ সন্মুখত থকা, আমি চুই চাব পৰা বা শুনিব পৰা বস্তুবোৰ, ঘটনাবোৰ বাস্তৱ ৷ কিন্তু এনেকুৱাও কিছুমান বিষয় আৰু বস্তু আছে যিবোৰ আমি দেখা নাপাও, চুই চাব আৰু শুনিব নোৱাৰোঁ ৷ কিন্তু এইবোৰকো অবাস্তৱ বুলিব নোৱাৰোঁ ৷ গতিকে সেইবোৰো উপন্যাসত নিশ্চয় থাকিব ৷ সময়ৰ লগে লগে সমাজৰ বিৱৰ্তন হৈছে ৷ ঔদ্যোগিকৰণে আমাৰ সমাজখন সলনি কৰিলে ৷ ইয়াৰ লগে লগে বাস্তৱতায়ো নতুন ৰূপ পাইছে ৷ এইবোৰো উপন্যাসলৈ আহিছে ৷ শোষিত-নিপীড়িত সকলৰ বাস্তৱ বেলেগ, অন্য শ্ৰেণীৰ বাস্তৱ বেলেগ ৷এই সকলোবোৰ সেইধৰণে সাহিত্যত থকা দৰকাৰ ৷ নিজা ৰাজনৈতিক আদৰ্শৰ প্ৰতিনিধি বা মুখপাত্ৰ হিচপে এটা চৰিত্ৰক উপন্যাসলৈ তুলি অনা মানেই সমাজ বাস্তৱতাক প্ৰতিফলিত কৰা নুবুজায় ৷ বাস্তৱতা মানেই প্ৰকৃততে বাস্তৱ ৷ আৰোপ কৰিলে সেয়া বাস্তৱ হৈ নাথাকে ৷ আলোচনা সত্ৰখন সঞ্চালনা কৰে সাহিত্য অকাডেমি সন্মান প্ৰাপক গল্পকাৰ-ঔপন্যাসিক, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে ৷ বিষয় প্ৰসংগত তেওঁ কয়——“সমাজখন স্বতঃস্ফূৰ্তভাৱে আগবাঢ়ে ৷ সামাজিক বাস্তৱতা মানে কেৱল এটা শ্ৰেণীৰ কথাই নহয় ৷ প্ৰতিটো শ্ৰেণীৰে নিজা নিজা বাস্তৱ থাকে ৷ এগৰাকী খেতিয়কৰ বিষয়ে আনে লিখাতকৈ তেওঁ নিজে লিখিব পৰা হ’লে হয়তো প্ৰকৃত বাস্তৱতা প্ৰতিফলিত হ’ব ৷ স্বাভাৱিক জীৱন শৈলী, নিজৰ অভিজ্ঞতাই প্ৰকৃত বাস্তৱ ৷ এতিয়া কেৰিয়াৰ সচেতন বহুতে সন্তান জন্ম দিব নোখোজে ৷ ইমান চাপযুক্ত ব্যস্ত পৃথিৱীত শিশু সন্তানক সময় দিব নোৱাৰিব বুলিয়ে তেওঁলোকে সন্তান জন্ম দিব বিচৰা নাই ৷ কিন্তু বীৰ্য বেংকত সাঁচি ৰাখিছে উপযুক্ত সময়ত সন্তান জন্ম দিবলৈ ৷ এয়া আজিৰ সমাজৰ বাস্তৱ ৷ এই কথাবোৰ, এই বিষয়বোৰ উপন্যাসলৈ বা সাহিত্যলৈ আহিলে আজিৰ সমাজ বাস্তৱতা প্ৰতিফলিত হ’ব ৷” তেওঁ লগতে কয় যে উপন্যাসে সমাজ প্ৰতিফলিত কৰে ৷ মানুহক মানুহ কৰি ৰাখিবলৈ সাহিত্য-সংগীত লাগিব ৷ ইয়াত আলোচক অতিথিৰূপে অংশগ্ৰহণ কৰে সাহিত্য অকাডেমি বঁটা প্ৰাপক ঔপন্যাসিক-গল্পকাৰ জয়ন্ত মাধৱ বৰাই ৷ তেওঁ কয় যে সাহিত্যৰ সমাজ বাস্তৱতা মানে সাধাৰণ মানুহৰ কথা সাহিত্যত প্ৰতিফলিত হোৱা ৷ Social reality অৰ্থাৎ সমাজৰ বাস্তৱতা আৰু Realism অৰ্থাৎ বাস্তৱবাদ দুটা পৃথক বিষয় ৷ সমাজ বাস্তৱতা থকা সাহিত্যই মাত নোহোৱা মানুহৰ মুখত মাত দিব পাৰে ৷ পাচলি বিক্ৰী কৰা মানুহৰ কথা লিখিবলৈ সাহিত্যিক জনেও পাচলি বিক্ৰী কৰিব লাগিব বুলি কোনো কথা নাই ৷ সেই বিষয়ৰ গভীৰ অধ্যয়ন আৰু সুক্ষ্ম পৰ্যবেক্ষণ লাগিব ৷ তেতিয়াহে সমাজ বাস্তৱতাৰ প্ৰতিফলন ঘটিব ৷ আন এগৰাকী আলোচক, ৰাধাগোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক, লেখক ড° লিপিকা তালুকদাৰে কয় যে গদ্য-সাহিত্যৰ এক সন্মোহনী শক্তি আছে যি সাধাৰণতে উপন্যাসত বহুলভাৱে পোৱা যায় ৷ উপন্যাসত জীৱনৰ সামগ্ৰিকতা থাকে আৰু জীৱনৰ সামগ্ৰিকতা মানেই সমাজ ৷ গতিকে উপন্যাসত সামাজিক বাস্তৱতা স্বাভাৱিকভাৱে থাকে ৷ সময়ৰ লগে লগে সমাজৰ বিভিন্ন দিশ, ধ্যান-ধাৰণা সলনি হৈছে ৷ এইবোৰ উপন্যাসে ধৰি ৰাখিছে ৷ কেৱল অসমীয়া উপন্যাস বুলিয়ে নহয় সকলো ভাষাৰ উপন্যাসতে এয়া পৰিলক্ষিত হয় ৷ মানৰ আক্ৰমণ, স্বাধীনতা আন্দোলন, দেশ বিভাজন, চীন-ভাৰতৰ যুদ্ধ সকলো সমাজ বাস্তৱ উপন্যাসৰ পাতত আছে ৷ আলোচনা সত্ৰৰ পাছত সন্ধিয়া অসম গ্ৰন্থমেলা, গুৱাহাটীৰ ষষ্ঠ দিনৰ সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে শংকৰদেৱ শিশু নিকেতন, বৰাগাঁও, শংকৰদেৱ শিশু বিদ্যা নিকেতন, বেলতলা আৰু প্ৰাগজ্যোতিষ মহাবিদ্যালয়ে ৷