অসমীয়া আধুনিক গীত ‘জীৱন গাথা’ (A Story of Life) আৰু ‘জুৰিটিৰ ধুনীয়া লহৰ’ৰ শুভ উন্মোচন

অসমীয়া আধুনিক গীত ‘জীৱন গাথা’ (A Story of Life) আৰু ‘জুৰিটিৰ ধুনীয়া লহৰ’ৰ শুভ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়া সংগীতৰ বৰ্ণিল ক্ষেত্ৰখনত শেহতীয়াভাৱে সংযোজন ঘটা দুটি সুন্দৰ অসমীয়া আধুনিক গীত ‘জীৱন গাথা’ (A Story of Life) আৰু ‘জুৰিটিৰ ধুনীয়া লহৰ’ৰ দৃশ্য-শ্ৰাব্য সংস্কৰণ উন্মোচন কৰা হয় যোৱা ১৪ অক্টোবৰত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এখনি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত৷ পি কে ডি প্ৰডাকচনৰ দ্বাৰা নিবেদিত এই গীত দুটি উন্মোচন কৰে বিশিষ্ট সংগীতজ্ঞ আৰু কণ্ঠশিল্পী ক্ৰমে ৰমেন চৌধুৰী, জে পি দাস, দ্বীপেন বৰুৱা, সমৰ হাজৰিকা, অনুপম চৌধুৰী, অতুল মেধি আৰু বিপুল বৰুৱাই৷ আধুনিক অসমীয়া সংগীতৰ বিশিষ্ট সুৰকাৰ, সংগীতকাৰ তথা গায়ক জে পি দাস আৰু প্ৰতিভাশালী শিল্পী কৃপাময় দাসৰ কণ্ঠত হিয়া জুৰ পেলোৱা নতুন উপস্থাপনা শৈলীৰ আবেদনময়ী ‘জীৱন গাথা’ গীতটি কথাৰে সজাইছে বিশিষ্ট শিল্পী প্ৰয়াত অপূৰ্ব বেজবৰুৱাই৷ জে পি দাসে সুৰ কৰা গীতটিৰ সংগীত তথা ভিডিঅ’ পৰিচালনা কৰিছে অভিজিৎ বৰ্মনে৷ এই সুন্দৰ সুসংগত দ্বৈতকণ্ঠৰ গীতটিত দুয়োজনৰ গায়কীয়ে ইজনে সিজনক নিখুঁতভাৱে পৰিপূৰক কৰি তুলিবলৈ সক্ষম হৈছে৷ ‘জীৱন গাথা’ গীতটিৰ সহঃ কণ্ঠশিল্পী হিচাপে জড়িত হৈ আছে নৱপ্ৰজন্মৰ এগৰাকী প্ৰতিভাসম্পন্ন শিল্পী অংশুমান বৰা৷

আনহাতে ‘জুৰিটিৰ ধুনীয়া লহৰ’ত কণ্ঠ নিগৰাইছে ডাঃ প্ৰেৰণা দাসে৷ ডাঃ দাসৰ সুৱদী কণ্ঠত গীতটিয়ে সঁচাকৈ শ্ৰোতা, দৰ্শকৰ হূদয়ত এটা মিঠা লহৰ তুলিবলৈ সক্ষম হ’ব বুলি আমি বিশ্বাসী৷ গীতটি কথা, সুৰ আৰু সংগীতেৰে সজাইছে দিগন্ত ভাৰতীয়ে৷ অভিজিৎ বৰ্মনৰ দ্বাৰা পৰিচালিত এই ভিডিঅ’টোত অভিনয় কৰিছে ডাঃ প্ৰেৰণা দাস, অংশুমান বৰা, পিংকী হীৰা আৰু অৰূপ দাসে৷ গীতটিৰ কৰিঅ’গ্ৰাফী বাবুচা বিজয় দাসৰ৷

এই গীত দুটিৰ লগতে বনকোঁৱৰ আনন্দিৰাম দাসৰ আজি চাৰি বছৰমান আগতে উন্মোচিত হোৱা আঠোটি বনগীতৰ এটি৷ ব্য সঁফুৰা ‘সুৱদি সুৰীয়া সুবাস’ৰ গীতো কৃপাময় দাসৰ উদ্যোগত আৰু পি কে ডি প্ৰডাকচনৰ জৰিয়তে জনপ্ৰিয় ইউটিউব চেনেলত শীঘ্ৰে মুক্তি দিয়া হ’ব৷ এই অনুষ্ঠানটিতে আই আই টি গুৱাহাটীৰ অধ্যাপক শচীন্দ্ৰ কুমাৰ কাকতি, দিগন্ত ভাৰতী, অভিজিৎ বৰ্মন, মীৰা দাস চহৰীয়া, হীৰা দাস, মিনতি চৌধুৰীকে ধৰি বিশিষ্ট ব্যক্তিসকলক সম্বদ্ধৰ্না জনোৱা হয়৷ অসমীয়া আধুনিক সংগীতৰ সোঁতৰ বিপৰীতে নিভাঁজ আৰু মিঠা গীত দুটিয়ে দুটা পৃথক পৰিৱেশ অংকন কৰিবলৈ সক্ষম হৈছে৷