অসমীয়াৰ সমাজ জীৱনত বিলুপ্তিৰ পথত ঢেঁকী
লখিমী শৰ্মা, যোৰহাট
ঢেঁকীৰ ব্যৱহাৰৰ কথা ক’বলৈ হ’লে প্ৰথমতেই ক’ব লাগিব যে, ই কৃষিৰ লগত সম্বন্ধ থকা এবিধ সঁজুলি। ঢেঁকীয়েও অসমীয়া সংস্কৃতিত এক ময্যদাসম্পন্ন স্থান লাভ কৰি আহিছে।ধান বনা, পিঠাগুৰি খুন্দা, চিৰা খুন্দা, সান্দহ খুন্দা, কোমল চাউল খুন্দা, আদি বিভিন্ন কামত ঢেঁকীয়ে অসমীয়া জনজীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।যিটো ঘৰত বা যি টুকুৰা ঠাইত ঢেঁকী ৰখা হয় সেই ঠাই টুকুৰাক “ঢেঁকীঘৰ বা ঢেঁকীশাল” বুলি কোৱা হয়।অসম এখন সংস্কৃতিৱান ঠাই । ইয়াত প্ৰতিটো বস্তুকে মৰ্যদা সহকাৰে স্থান দিয়া হয় । পিঠাগুৰি, চিৰা, সান্দহ, কোমল চাউল, উখুৱা চাউল খুন্দি আপ্যায়ন কৰা হয় । ইয়াৰ বাহিৰেও মছলা জাতীয় খাদ্য, যেনে- জিৰা, জলকীয়া, ধনীয়া, হালধী বা অন্য মছলা খুন্দিবৰ বাবেও ঢেঁকীৰ ব্যৱহাৰ কৰা হয়। “বিহুত” ব্যৱহাৰ হোৱা প্ৰায় প্ৰতিটো খাদ্যই ঢেঁকীত খুন্দি তৈয়াৰ কৰা হয়। অসমীয়া সমাজত বিহু উৎসৱ অহাৰ লগে লগেই ঢেঁকীৰ গুৰুত্ব বাঢ়ি যায়, আৰু ঢেঁকীটোৱে অকণো ৰ’বলৈ সময় নাপায়।ঘৰৰ জীৱৰী-বোৱাৰীহঁতে ৰাতি বহুপৰলৈকে লগ লাগি ঢেঁকী দিয়ে ।এখন সম্পূৰ্ণ সংস্কৃতিৱান অসমীয়া ঘৰ হ’বলৈ হ’লে পুৰণি সময়ত চ’ৰাঘৰ, আখলঘৰ, গোহালিঘৰ, ভঁৰালঘৰ , তাঁতশাল, দীঘলপদূলি আৰু বাটচ’ৰাৰ লগতে ঢেঁকীঘৰ বা ঢেঁকীশালখনো অপৰিহাৰ্য আছিল। ঢেঁকীশালত ঢেঁকীৰ লগত জড়িত আনুসংগিক সকলো বস্তু হাততে পোৱাকৈ ৰখা হৈছিল। ঢেঁকী লগত সম্পৰ্ক থকা বস্তু বিলাকৰ ভিতৰত খৰাহী, পাচী, চালনী, কুলা, দুলি, ডলা আদিয়েই প্ৰধান। ঢেঁকীৰ প্ৰত্যেকটো অংশৰে এটা নাম আছে।অৱশ্যে ঠাইভেদে এই অংশসমূহৰ নাম বেলেগ বেলেগ হোৱা দেখা যায়। সাধাৰণভাৱে এটা ঢেঁকীত থকা অংশসমূহ হ’ল- মূল ঢেঁকী, থোৰা, গুলচ বা গুল বা খামা, খুবলি, ফিছা বা নেজ, আশলশলা বা মলুৱা মাৰি , কঁতৰা, বৰণি মাৰি, ঢেঁকী জৰী, সতিনী জৰী ইত্যাদি।ঢেঁকীৰ মূল অংশটো দীঘলে সাতৰ পৰা ন – ফুট হ’ব লাগে।ভৰি দিয়াৰ পৰা কঁতৰা সংযোগী শলখা ডালৰ দূৰত্ব তিনি ফুট । ইংৰাজী এইছ H আখৰটোৰ দৰেই কঁতৰাযোৰ সজা হয় আৰু ঢেঁকীটোত এটা ফুটা কৰি শলখাডাল তাৰ মাজেৰে সুমুৱাই দিয়া হয় । ঢেঁকীৰ মূৰৰ পৰা থোৰাটোলৈ ছাব্বিশ ইঞ্চি দূৰত্ব হয় । থোৰাটোৰ দৈৰ্ঘ্য সাধাৰণতে প্ৰায় দুই ফুট মান ৰখা হয় । গুল বা গুলচ বা খামাৰ ব্যাসাৰ্ধ্য হ’ল চাৰি – পাঁচ ইঞ্চি । খুৱলীটো সাধাৰণতে পাঁচ ইঞ্চিমান দকৈ খন্দা হয়।মূল ঢেঁকীটো ভাল কাঠৰ পৰা তৈয়াৰ কৰা হয়, যেনে- নাহৰ, শিলিখা, শাল, কঁঠাল বা আজাৰ আদি।এই কাঠডাল আয়তাকাৰ হয়। ভৰিৰে হেঁচা অংশটো কিছু চেপেটাকৈ , যাক নেজ বা ফিচা বোলে আৰু আনটো মূৰ কিছু ডাঙৰকৈ ৰখা হয়, এই অংশটোক “ঢেঁকীমূৰ ” বুলি কোৱা হয় ।খুৱলীটোকো মূল ঢেঁকীৰ সমানেই গুৰুত্ব দিয়া হয়।খুৱলীটো যিটো অংশত থাকে তাক “গাঁৰিশালী” বুলি কোৱা হয়।গাঁৰিশালীটো শিল বা কাঠেৰে তৈয়াৰী।ইয়াক মাটিৰ সমান্তৰালকৈ ওপৰভাগটো ৰাখি পুতি ৰখা হয়।ইয়াৰ সোঁমাজতে পাঁচ ইঞ্চিমান দকৈ আৰু সুবিধাজনকভাৱে বহলকৈ খুৱলীটো খোলা হয় । ঢেঁকীৰ মূৰৰ পৰা কিছু তললৈ থোৰা লগোৱা হয়।কঁতৰা অংশটো কিছু চাপৰকৈ আৰু ঢেঁকীমূৰটো কিছু ওখকৈ ৰাখিলে চাব দিবলৈ সুবিধাজনক হোৱাৰ লগতে সহজে উঠা – নমা কৰে । কঁতৰাযোৰ সাধাৰণতে কাঠ বা ভলুকাবাঁহৰ দ্বাৰাই তৈয়াৰ কৰা হয়।খুৱলীৰ পৰা থোৰাৰে সৈতে ঢেঁকীটো ডাঙি ৰাখিবলৈ ঢেঁকী ডাং সজা হয় । ঢেঁকী দিয়াৰ সময়ত প্ৰয়োজন হোৱা আন এটা সামগ্ৰী হৈছে- বহনি মাৰি । খুৱলীলৈ বঢ়াই থাকিবলৈ ব্যৱহাৰ কৰা আহিলাক – বহনি, লৱনি, কুচি, ওখনীয়া মাৰি আদি বোলা হয় ।