অসমসহ ৫ ৰাজ্যক সামৰি এলায়েন্স এয়াৰৰ নতুন বিমান সেৱাৰ শুভাৰম্ভ

Pc Facebook

ৰঙিলী বাৰ্ত্তাসেৱা-  আঞ্চলিক যোগাযোগৰ ক্ষেত্ৰত এক নতুন মাত্ৰা সংযোজন হ’ল৷ এতিয়া এলায়েন্স এয়াৰৰ নতুন বিমান পৰিবহণ সেৱাই উত্তৰ-পূবৰ ৫ টা স্থান ক্ৰমে লীলাবাৰী, জিৰো, শ্বিলং, ইম্ফল আৰু মিজোৰামক সামৰি ল’ব৷ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ সৈতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয় আৰু মিজোৰামক সামৰি এলায়েন্স এয়াৰৰ বিমান পৰিবহণ সেৱা জনতা ভৱনৰ পৰা ভাৰ্চুৱেল মাধ্যমেৰে ফ্লেগ অফ কৰি শুভ আৰম্ভণি কৰে৷ তেওঁ ভাষণত কয় যে আজিৰ দিনটো এক উল্লেখযোগ্য দিন৷ এলায়েন্স এয়াৰৰ এই বিমান পৰিবহণ সেৱাই উত্তৰ-পূৰ্বাঞ্চলত বিশেষকৈ অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম আৰু মণিপুৰৰ মাজত বিমান পৰিবহণৰ পৰিসৰ বৃদ্ধি কৰিব৷ তেওঁ কয় যে এই বিমান পৰিবহণ সেৱা আৰম্ভ কৰাটো কেৱল আকাশী পথৰ সম্প্ৰসাৰণেই নহয়, তাতোকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল এই সেৱাই মানুহৰ মাজত যোগাযোগ, পৰ্যটন আৰু বাণিজ্যৰ ক্ষেত্ৰখনক বহু দূৰ আগুৱাই লৈ যাব৷ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰি কয় যে পৰিবহণৰ জৰিয়তে ৰূপান্তৰ নীতিৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে যোৱা ৮ বছৰত যোগাযোগ খণ্ডত দ্ৰুত উন্নয়ন সম্ভৱ হৈ উঠিছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে লখিমপুৰ জিলাৰ লীলাবাৰী উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে এক গুৰুত্বপূৰ্ণ কৰিড’ৰ৷ বিভিন্ন পৰ্যটনস্থলীৰ কৰিড’ৰ হিচাপেও এই বিমান বন্দৰটোৰ গুৰুত্ব অধিক বৃদ্ধি পাইছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইিতমধ্যে বিমান বন্দৰটোৰ বেছিক ষ্ট্ৰীপ আৰু আইছ’লেশ্যন ৱে’ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে ৮৪ একৰ ভূমি হস্তান্তৰ কৰিছে৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰীৰ উদ্যোগত উড়ান আঁচনিৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ সকলো গুৰুত্বপূৰ্ণ চহৰক আঞ্চলিক যোগাযোগ আঁচনিৰ অধীনত একত্ৰীকৰণ কৰা হৈছে৷ প্ৰধানমন্ত্ৰীৰ নেতৃত্বত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত নতুন টাৰ্মিনেলৰ কাম চৰকাৰে হাতত লৈছে আৰু এই কামে ইতিমধ্যে যথেষ্ট অগ্ৰগতি লাভ কৰিছে৷ ১৯৮৪ চনৰ পৰা বন্ধ হৈ থকা পশ্চিম অসমৰ ৰূপসী বিমান বন্দৰৰ পুনৰ উন্নয়ন সাধন উড়ান আঁচনিৰ জৰিয়তে কৰা হৈছে আৰু যোৱা বছৰৰ মে’ মাহৰ পৰা এই বিমান বন্দৰ কাৰ্যক্ষম হৈ থকা বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে আজি উত্তৰ-পূৰ্বাঞ্চলে ভাৰতৰ বিমান পৰিবহণ সেৱাৰ বিকাশ সাধনত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে৷ এতিয়া এই সেৱাই এনে ৰূপ লৈছে যে যোৱা কিছু বছৰ আগত কোনেও কল্পনা কৰিব পৰা নাছিল৷ উড়ান আঁচনি বলৱৎ হোৱাৰ লগে লগে ২০১৭ চনৰ আগষ্টৰ পৰা ২০২২ চনৰ আগষ্টলৈকে উত্তৰ-পূবত বিমান চলাচলৰ সংখ্যা ৭৯৭৩খনলৈ বৃদ্ধি পাইছে৷ এই বৃদ্ধিৰ হাৰ পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ মণ্ডলৰ বৃদ্ধিৰ হাৰতকৈও ৩৬ শতাংশ অধিক৷ প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বই অসম তথা উত্তৰ-পূৰ্বাঞ্চলে ভৱিষ্যতে বিমান পৰিবহণ খণ্ডত অধিক অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে আত্মবিশ্বাস প্ৰকাশ কৰে৷ মুখ্যমন্ত্ৰীয়ে লগতে এলায়েন্স এয়াৰে অঞ্চলটোত নতুন বিমান পৰিবহণ সেৱা আৰম্ভ কৰাৰ বাবেও ধন্যবাদ জ্ঞাপন কৰে৷ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেন ৰিজিজু, কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ ৰাজ্যিক মন্ত্ৰী ভি কে সিং, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, এলায়েন্স এয়াৰৰ চি ই অ’ বিনীত ছুডে নিজ নিজ স্থানৰ পৰা ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে ফ্লেগ অফ অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ এই অনুষ্ঠানত পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিন্‌হা, পৰিবহণ বিভাগৰ আয়ুক্ত আদিল খান প্ৰমুখ্যে শীৰ্ষ বিষয়াসকল উপস্থিত থাকে৷