অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে অসম আৰক্ষীৰ জোৱানে
ৰঙিলী বাৰ্ত্তাসেৱা- আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত ৱৰ্ল্ড পুলিচ মীটত দেশৰ হৈ প্ৰতিনিধিত্ব কৰি অসমৰ আৰক্ষী জোৱানে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে। বার্মিংহামত চলি থকা বিশ্ব পুলিচ আৰু ফায়াৰ গেমছত ভাৰতীয় দলক প্রতিনিধিত্ব কৰা অসমৰ চাৰিগৰাকী অসম আৰক্ষীৰ জোৱানে পদক কঢ়িয়াই দেশৰ লগতে অসমৰ নাম উজলাবলৈ সক্ষম হৈছে। প্রতিযোগিতাখনত অসম আৰক্ষীৰ জোৱান জোনমণি দাসে ৫৫ কেজিৰ সোঁ হাত শাখাত স্বৰ্ণ আৰু বাঁও হাত শাখাত ৰূপৰ পদক লাভ কৰে। ইফালে, লভিতা কোঁচে ৫৫ কেজিত সোঁ হাত শাখাত ৰূপ আৰু বাঁও হাত শাখাত স্বর্ণপদক লাভ কৰাৰ বিপৰীতে অম্লানজ্যোতি বৰঠাকুৰে সোঁ হাত শাখাত স্বর্ণ আৰু বাঁও হাত শাখাত ৰূপৰ পদক লাভ কৰাৰ লগতে কন্দৰ্প বৰাই সোঁ আৰু বাঁও হাত শাখাত স্বর্ণ পদক জয় কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে। জামুগুৰিহাটৰ ধলাইবিলৰ কন্দৰ্প বৰাৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী। ধলাইবিলৰ ১নং বৰপথাৰ গাঁৱৰ নিবাসী প্রয়াত ডিম্ব বৰা আৰু কল্পনা বৰাৰ জ্যেষ্ঠ সন্তান কন্দর্পক এই সফলতাৰ বাবে বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানে অভিনন্দন জ্ঞাপন কৰিছে। ইপিনে, আমেৰিকাত দেশৰ নাম উজলাবলৈ সক্ষম হোৱা অসম আৰক্ষীৰ জোৱানকেইজনক অভিনন্দন জনাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে এয়া অসমবাসীৰ বাবে গৌৰৱৰ মুহূৰ্ত।