অসমলৈ আহিব কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ
ৰঙিলী বাৰ্ত্তাসেৱা- কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়খনৰ আধাৰশিলা স্থাপনৰ বাবে ৮ নৱেম্বৰত অসমলৈ আহিব কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ। ভাৰত ত্যাগ আন্দোলনত গহপুৰ থানাত ত্রিৰংগ পতাকা উত্তোলন কৰিবলৈ গৈ বৃটিছৰ গুলীত মৃত্যু হোৱা বীৰাংগনা কনকলতা বৰুৱাৰ নামেৰে গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত নির্মাণ হ’ব ‘কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়’। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই পূর্বতে ঘোষণা কৰা বিশ্ববিদ্যালয়খনৰ নিৰ্মাণৰ প্ৰাৰম্ভিক প্রস্তুতি পূর্ণগতিত আগবাঢ়িছে। গহপুৰ বিধানসভা সমষ্টিৰ হেলেম ৰাজহ চক্ৰৰ অন্তর্গত ইতিহাস প্রসিদ্ধ ভোলাগুৰি চাহ বাগিচাৰ মুকলি হৈ থকা ভূমিত প্রায় ৭৩৮ বিঘা মাটিকালি সামৰি নিৰ্মাণ হ’ব কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়। সেই অনুসৰি ৮ নৱেম্বৰত বিশ্ববিদ্যালয়খনৰ নিৰ্মাণৰ কামৰ আধাৰশিলা স্থাপনৰ বাবে ভোলাগুৰি চাহ বাগিচালৈ আহিব কেন্দ্রীয় মন্ত্রী নিৰ্মলা সীতাৰমন। তদুপৰি সেইদিনা কেন্দ্রীয় মন্ত্রীগৰাকীয়ে এখন ৰাজহুৱা সভাতো অংশগ্রহণ কৰিব। উক্ত আধাৰশিলা স্থাপন কাৰ্যসূচীৰ প্ৰাৰম্ভিক প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যেৰে বিশ্ববিদ্যালয় স্থাপন হ’বলগীয়া ভোলাগুৰি চাহ বাগিচাত উপস্থিত হয় ৰাজ্যিক বিত্তমন্ত্রী অজন্তা নেওগৰ লগতে অসম চৰকাৰৰ মুখ্য সচিব ড° ৰবি কোটা। মন্ত্ৰী আৰু মুখ্য সচিবগৰাকীয়ে বিশ্বনাথ জিলাৰ জিলা আযুক্ত সীমান্ত কুমাৰ দাস, বিশ্বনাথ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শুভাশিস বৰুৱা, গহপুৰ সম-জিলাৰ আয়ুক্ত আদিত্য প্রতাপ সিং, গহপুৰ সম-জিলাৰ আৰক্ষী অধীক্ষক প্ৰাণজিৎ লহকৰ, হেলেম ৰাজহ চক্ৰৰ ৰাজহ চক্ৰ বিষয়া নমিতা বৰাৰ উপৰি শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত আৰু গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল বৰাৰ লগত এক আলোচনাত মিলিত হৈ ৮ নৱেম্বৰৰ আধাৰশিলা স্থাপন কাৰ্যসূচীৰ প্ৰস্তুতিৰ বুজ লোৱাৰ লগতে বহু দিহা-পৰামৰ্শ দিয়ে। সংবাদ মাধ্যমৰ আগত মন্ত্রী অজন্তা নেওগে কয় যে ৮ নৱেম্বৰত দিনৰ ১১ বজাত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে উক্ত বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। অসম চৰকাৰৰ পুঁজিৰ জৰিয়তে নিৰ্মাণ হ’বলগীয়া উক্ত বিশ্ববিদ্যালয়ৰ বাবে প্ৰাৰম্ভিক পৰ্যায়ত ৩৫০ কোটি ধার্য কৰা হৈছে। বিদেশৰ বিশ্ববিদ্যালয়ৰ শৈক্ষিক ব্যৱস্থাৰ লগত ফেৰ মাৰিব পৰাকৈ গঢ়ি তোলা হ’ব বিশ্ববিদ্যালয়খন। আধুনিক শিক্ষা ব্যৱস্থাৰ নতুন নতুন পাঠ্যক্রম সংযোজিত হ’ব বিশ্ববিদ্যালয়খনত। ইয়াৰ পিছত গহপুৰ নগৰৰ কনকলতা ভৱনত অনুষ্ঠিত হোৱা এখন পর্যালোচনা সভাত অংশগ্রহণ কৰে বিত্তমন্ত্রী অজন্তা নেওগে। গহপুৰ পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ, পঞ্চায়ত প্রতিনিধি, দলীয় বিষয়ববীয়া আৰু একাংশ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত হোৱা পর্যালোচনা বৈঠকখনত ৮ নৱেম্বৰৰ আধাৰশিলা স্থাপন কার্যসূচী সাফল্যমণ্ডিত কৰি তুলিবলৈ সকলোৰে প্ৰতি আহ্বান জনায় মন্ত্রী অজন্তা নেওগে। উক্ত পর্যালোচনা সভাত শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল বৰা, বিহালী বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত ঘাটোৱাল, বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্রমোদ বৰঠাকুৰ, বিশ্বনাথ জিলা বিজেপিৰ সভাপতি অসীম কুমাৰ দাস আৰু গহপুৰ পৌৰসভাৰ পোৰপতি অতুল বৰা উপস্থিত থাকে।