অসমলৈ আকৌ গৌৰৱ কঢ়িয়াই আনিলে দীপামনি ডেকাই

অসমলৈ আকৌ গৌৰৱ কঢ়িয়াই আনিলে দীপামনি ডেকাই
৫ হাজাৰ মিটাৰ ৰাষ্ট্ৰীয়  দৌৰত সোণৰ পদক অৰ্জন

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা-  সৰ্ব ভাৰতীয় পৰ্যায়ত গুজৰাটৰ  বদোদ্ৰাত যোৱা  ১৬ জুনৰ পৰা ১৯ জুনলৈ অনুষ্ঠিত  “প্ৰথম ৰাষ্ট্ৰীয় অপেন মাষ্টাৰচ এথলেটিকচ চেম্পীয়নশ্বীপ ২০২২ ত অসম ছোৱালী দৌৰ ৰাণী দীপামনি ডেকাৰ ৫০০০ মিটাৰ দৌৰত সোনৰ পদক অৰ্জন  কৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ দৰং  জিলাৰ উদমাৰী গাঁওৰ  জীয়ৰী  দীপামনি ডেকাই ইয়াৰ আগতেও ৰাষ্ট্ৰীয়,  আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বিভিন্ন প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি সোন, ৰুপ, ব্ৰঞ্জকে ধৰি  অলেখ পদক অৰ্জন কৰে ৷ উল্লেখ্য যে  বদ্ৰোদাত অনুষ্ঠিত ১৯ জুনত সামৰনি পৰা “প্ৰথম ৰাষ্ট্ৰীয় অপেন মাষ্টাৰ্চ এথলেটিকচ চেম্পীয়ণশ্বীপ ২০২২ ত সৰ্বভাৰতীয় পৰ্যায়ত মহিলা শাখাত বিভিন্ন প্ৰতিযোগিতাৰ পৰা মুঠ ১০ (দহ) গৰাকী ৰেকৰ্ড হ’ল্ডাৰ খেলুৱৈক  এথলেটিকচ ফেডাৰেচন অব ইণ্ডিয়াই  নিৰ্বাচন কৰে আৰু অসমৰ সু  জীয়ৰী  অসম জিয়ৰী  দীপামনি ডেকাই ৫০০০ মিটাৰ দৌৰত ৰেকৰ্ড হ’ল্ড কৰি অসমৰ নাম উজলাই তোলে ৷ উত্তৰ পূব স্পৰ্টছ এছচিয়েছনে দীপামনি ডেকা দৌৰ ৰাণী উপাধি প্ৰদান কৰি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে।