অসমবাসী ৰাইজলৈ ৰাজ্যিক বিজেপিৰ সভাপতিৰ ফাকুৱাৰ শুভেচ্ছা
ৰঙিলী বাৰ্ত্তাসেৱা- ৰঙৰ উৎসৱ ফাকুৱা উপলক্ষে ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাই সমূহ ৰাজ্যবাসীলৈ আন্তৰিক ওলগ জনাইছে। কলিতাই কয়, নানাৰঙী ফাকুৱাৰ ৰঙেৰে সমাহাৰ আৰু কৃষ্ণ ভক্তিৰসেৰে জীপাল এক বৰ্ণিল বাৰ্তা লৈ আকৌ আহিছে ৰঙৰ উৎসৱ ফাকুৱা। উৎসৱপ্ৰেমী জনসাধাৰণৰ ৰং-উচাহ আৰু প্ৰভু শ্ৰীকৃষ্ণৰ প্ৰতি ভক্তিৰে সম্পৃক্ত এই উৎসৱ। ভৱেশ কলিতাই লগতে, ফাকুৱা উৎসৱে সমাজৰ শান্তি – সম্প্ৰীতি এনাজৰীডাল সুদৃঢ় কৰি ৰাখিব বুলিও সদৰী কৰে।